![image](https://aamarasom.com/uploads/posts/hbs.jpg1738823972.jpg)
এডভাণ্টেজ আছামৰ যোগাযোগ সামৰি গুৱাহাটীলৈ মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ, কেন্দ্ৰীয় মন্ত্ৰীসকলৰ এডভাণ্টেজ আছাম ২.০ ত অংশগ্ৰহণ নিশ্চিতকে ধৰি অসমৰ বিভিন্ন উল্লেখনীয় প্ৰকল্পৰ পৰ্যালোচনা কৰিবলৈ তিনিদিনীয়া দিল্লী ভ্ৰমণ সামৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে গুৱাহাটীত উপস্থিত হয়৷দিনটোৰ কাৰ্যক্ৰমণিকা হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুৱা গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনাছৰ পুনৰ উন্নীতকৰণ প্ৰকল্পৰ শুভ উদ্বোধন কৰে৷ ইয়াৰ পূৰ্বে সামাজিক মাধ্যমোগে নতুন অসমৰ বিকাশৰ নতুন দৃষ্টিভংগী বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰি ব্যক্ত কৰে যে অসমৰ উন্নয়নে বৰ্তমান এক অভূতপূৰ্ব গতি আৰু পৰিসৰত আগবাঢ়ি আছে৷ ২০২১ চনৰ পৰা প্ৰতিদিনে এখনকৈ দলং আৰু প্ৰায় ১৫ কিল’মিটাৰ পথ নিৰ্মাণেৰে বিগত বৰ্ষৰ ডিচেম্বৰ মাহলৈকে ৰ,২৩৬খন দলং আৰু ১৮,০০০ কিল’মিটাৰ পথ জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰা হৈছে৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে সমাগত এডভাণ্টেজ আছাম ২.০১ বাবে অসমত সহযোগিতা আৰু বিনিয়োগৰ নতুন পথ অন্বেষণ কৰিবলৈ বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাৰ সৈতে এক আভাসী সাক্ষাতত মিলিত হয়৷
শ্ৰীলংকাৰ ৰে’লপথক অতিক্ৰম কৰিছে উত্তৰ-পূৰ্বাঞ্চলেঃ মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ ৰে’ল পথ সম্প্ৰসাৰণৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে আন এক অভিলেখ অৰ্জন কৰিছে৷ দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাৰ ৰে’ল লাইনৰ দৈৰ্ঘ্য যিমান, তাতোতকৈ অধিক দৈৰ্ঘ্যৰ ৰে’ল পথ সম্প্ৰসাৰণৰ হৈছে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত৷ অসম তথা উত্তৰ-পূৰ্বৰ ৰে’ল পথ সম্প্ৰসাৰণে শ্ৰীলংকাক অতিক্ৰম কৰাৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে বিগত এটা দশকত উত্তৰ পূৰ্বাঞ্চলত ৰে’লপথ সম্প্ৰসাৰণৰ অভিলেখৰ সন্দৰ্ভত কয়– ‘আপুনি জানেনে, যোৱা দশকত অসম আৰু উত্তৰ-পূব ৰে’লৱে নেটৱৰ্ক ১, ৮২৪ কিলোমিটাৰ সম্প্ৰসাৰিত হৈছে৷ এয়া শ্ৰীলংকাৰ মুঠ ৰে’ল নেটৱৰ্কতকৈ বেছি/’ এয়াই উত্তৰ-পূবৰ প্ৰতি মোদী চৰকাৰৰ গুৰুত্ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়– ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ভাৰতীয় ৰে’লৱে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ১০,৪৪০ কোটি টকা আবণ্টন দিছে৷ এই আবণ্টন ২০০৯ চনৰ পৰা ২০১৪ চনৰ ভিতৰত লাভ কৰা বাজেট আবণ্টনৰ প্ৰায় পাঁচগুণ৷ বৰ্তমান অঞ্চলটোত ৭৪,৯৭২ কোটি টকাৰ ৰে’ল প্ৰকল্প চলি আছে৷ অঞ্চলটোত চলি থকা এই প্ৰকল্পসমূহে যাত্ৰী আৰু মালবাহী ৰে’ল সেৱা বৃদ্ধি কৰিব৷ ৰে’ল যাত্ৰী সুবিধা, আন্তঃগাঁথনি আধুনিকীকৰণ আৰু উন্নত ৰে’ল সংযোগৰ জৰিয়তে আঞ্চলিক অৰ্থনীতি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অসমৰ ৫০ টা ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উন্নীতকৰণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব সৰ্মাই সদৰি কৰে৷