শিক্ষামন্ত্ৰীয়ে সঁহাৰি নিদিলে, ক্ষুব্ধ প্ৰাথমিক শিক্ষক
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ ফেব্ৰুৱাৰীঃ সুদীৰ্ঘ ডেৰ বছৰ অপেক্ষা কৰাৰ পাছতো ৰাজ্যৰ শিক্ষা বিভাগে কেবিনেটৰ সিদ্ধান্ত কাৰ্যকৰী নকৰাত ৰাজ্যৰ প্ৰাথমিক শিক্ষক-শিক্ষানুষ্ঠান সমূহক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰাথমিক শিক্ষক সমাজে৷ ৰাজ্য চৰকাৰৰ এই প্ৰতাৰণাৰ বিৰুদ্ধে এইবাৰ ক্ষুব্ধ হৈ পৰিছে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনী৷ শিক্ষামন্ত্ৰীয়ে পূৰ্বে দিয়া বাজহুৱা প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দাবীৰে চৰকাৰক ১৫ দিনৰ সময়সীমা বান্ধি দি শিক্ষামন্ত্ৰীলৈ স্মাৰক- পত্ৰ প্ৰদান কৰাৰ লগতে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে৷ বুধবাৰে শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰখনৰ সন্দৰ্ভত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে এটা বিবৃতিত কয়–১৯৮২ চনৰ পৰা সন্মিলনীয়ে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে সংগ্ৰাম আৰু আলাপ-আলোচনা কৰি আহিছে৷ ২০২৩ চনৰ মে’ মাহৰ পৰা চলোৱা ধাৰাবাহিক আন্দোলনত ৰাজ্যৰ সকলো দল সংগঠন আৰু ৰাইজৰ অংশ গ্ৰহণৰ অন্তত প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ন্যায্যতাক মানি লৈ ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল৷
এই সিদ্ধান্তৰ লগত আৰোপ কৰা চৰ্তক ৰাজ্যৰ শিক্ষক সমাজে গ্ৰহণ কৰা নাই যদিও কেবিনেট সিদ্ধান্তক সন্মান জনাই কাৰ্যকৰী কৰাত সন্মিলনীয়ে আন্তৰিকতাৰে সহযোগ কৰিছিল৷ আনহাতে বিগত বৰ্ষৰ ২৫ জুলাইত সন্মিলনীৰ হাইলাকান্দি অধিৱেশনত অংশ লৈ কেবিনেট সিদ্ধান্ত আগষ্ট মাহৰ ভিতৰত কাৰ্যকৰী কৰাৰ লগতে বাকী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ আৰু অন্যান্য দাবীসমূহ সম্পৰ্কে শীঘ্ৰেই আলোচনাত মিলিত হ’ব বুলি শিক্ষামন্ত্ৰীয়ে ৰাজহুৱা সভাত ঘোষণা কৰিছিল৷ উক্ত ঘোষণাৰো ৬ মাহ পাৰ হোৱাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল৷ ৰাজ্য চৰকাৰৰ এনে কাৰ্যত প্ৰাথমিক শিক্ষকে পুনৰাই প্ৰতাৰণাৰ কৌশল হ’ব পাৰে৷ আনহাতে ২০২৪ ৰ শিক্ষাবৰ্ষত ছাত্ৰ-ছাত্ৰীয়ে মূল্যায়ন আৰু অভ্যাসন বহী নোপোৱাকৈ পাৰ হোৱাৰ পাছতো ধনৰ অভাৱত এই শিক্ষাবৰ্ষতো দিব নোৱাৰাৰ কথা প্ৰকাশ হোৱাটো অতিশয় দুখৰ কথা৷ প্ৰাথমিক বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা, স্নাতক শিক্ষকৰ ৮,৭০০ টকাৰ গ্ৰেড পে’ ঘূৰাই দিয়া, পাঠ্যক্ৰম বহিৰ্ভূত কামৰ হেঁচা হ্ৰাস কৰা, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকৰ আৰ্জিত ছুটীকে ধৰি ভিন্ন প্ৰাপ্য আদায় দিয়া আদি দাবীৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে ৰাজহুৱাকৈ কৰা ঘোষণা ৰক্ষা নকৰিলে প্ৰাথমিক শিক্ষক সম্মিলনীয়ে পুনৰাই সংগ্ৰামমুখৰ হ’বলৈ বাধ্য হ’ব বুলিও সকীয়াই দিয়ে শিক্ষক সংগঠনটোৱে৷