ভিজিলেঞ্চে খুলিলে ৰকিবুলৰ দুৰ্নীতিৰ ফাইল
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক,৫ ফেব্ৰুৱাৰীঃ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে ফাইল দেখুৱাই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক ভাবুকি দিয়াৰ পাছতেই কংগ্ৰেছ নেতাজনৰ দুৰ্নীতিৰ ফাইল খুলিলে মুখ্যমন্ত্ৰী তদাৰকী কোষে (চি এম ভিজিলেঞ্চ)৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আমোলত ২০১০-১১ বিত্তীয় বৰ্ষত ৰাজ্যৰ পৰ্যটন বিভাগত সংঘটিত হৈছিল নিযুক্তি কেলেংকাৰি৷ সেই সময়ত পৰ্যটনমন্ত্ৰী হৈ আছিল ৰকিবুল হুছেইন৷ ৰাজু কুটুম নামৰ এজন বঞ্চিত প্ৰাৰ্থীৰ অভিযোগৰ ভিত্তিত চি এম ভিজিলেঞ্চে সেই নিযুক্তি কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ৰকিবুল হুছেইন পৰ্যটন মন্ত্ৰী হৈ থকা সময়ত ২০১০-১১ বিত্তীয় বৰ্ষত ৰাজ্যৰ পৰ্যটন বিভাগত ১১ টা সহকাৰী পৰ্যটন আৰু তথ্য বিষয়া পদত অবৈধভাৱে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপিত হৈছিল৷ এই অভিযোগ লৈ আদালতৰো দ্বাৰস্থ হৈছিল বঞ্চিত প্ৰাৰ্থী৷ গোচৰটো আদালতৰ বিচাৰাধীন হৈ থকাৰ মাজতে অলপতে আৱেদনকাৰীয়ে গোচৰটো প্ৰত্যাহাৰ কৰে৷
ইফালে, ৰকিবুল হুছেইনে এটা ফাইল দেখুৱাই সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ তথা থকা ফাইল বুলি ভাবুকি দিয়াৰ পাছতে চিএম ভিজিলেঞ্চে ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ সম্পৰ্কীয় ফাইল খোলে৷ এই ঘটনাই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ সংশ্লিষ্ট কেলেংকাৰিৰ তথ্য-প্ৰমাণ বিচাৰি চি এম ভিজিলেঞ্চে অভিযান অব্যাহত ৰাখিছে৷ সেই সময়ত নিযুক্তি লাভ কৰা বিষয়াসকলক চি এম ভিজিলেঞ্চে তলব কৰাৰ প্ৰস্তুতি চলাইছে৷