Logo
image

হিতেশ বসুমতাৰীৰ দলত্যাগ, হাগ্ৰামাৰ সংগ এৰিছে এজনৰ পাছত আনজনে

‘আমাৰ অসম’ৰ বৰমাৰ প্ৰতিবেদক, ৫ ফেব্ৰুৱাৰীঃ  বিটিআৰৰ অন্যতম শক্তিশালী ৰাজনৈতিক দল বিপিএফ ত্যাগ কৰিলে বি পি এফৰ প্ৰাক্তন বিধায়ক তথা মুছলপুৰ জিলা বিপিএফৰ সভাপতি হিতেশ বসুমতাৰীয়ে৷ বিটিচি চুক্তি স্বাক্ষৰকাৰী হিতেশ বসুমতাৰীয়ে দল ত্যাগ কৰা ঘটনাই বিপিএফৰ ভিতৰচ’ৰাত জোকাৰণিৰ সৃষ্টি কৰিছে৷ বিটিচিৰ কাৰ্যবাহী সদস্য হিতেশ বসুমতাৰীয়ে বুধবাৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীলৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰে৷ বিপিএফৰ বাগ্‌সা জিলা সভাপতিৰ লগতে দলটোৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰে হিতেশ বসুমতাৰীয়ে৷ উল্লেখ্য, বিপিএফৰ প্ৰতিষ্ঠাপক নেতা চন্দন ব্ৰহ্ম, খাম্ফা বৰগয়াৰী আৰু বিশ্বজিৎ দৈমাৰীকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই হাগ্ৰামা মহিলাৰ সংগ ত্যাগ কৰাৰ পাছত অন্যতম শক্তিশালী নেতা হিতেশ বসুমতাৰীয়ে বিপিএফ এৰা ঘটনাই হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক শক্তি হ্ৰাস হোৱাৰ ইংগিত বহন কৰিছে৷ বিএলটিক সন্মুখৰ পৰা নেতৃত্ব দিয়া হিতেশ বসুমতাৰীয়ে আগলৈ কি দলত যোগদান কৰিব, সেই লৈ ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলিছে৷ হিতেশ বসুমতাৰীয়ে ইউপিপিএল অথবা বিজেপিত যোগদান কৰাৰ সম্ভাৱনা অধিক বুলি সদৰী কৰিছে ৰাজনৈতিক বিশ্লেষকে৷ ইতিপূৰ্বে বিপিএফ এৰি বিজেপি আৰু পিচিডিআৰত যোগ দিছিল হিতেশ বসুমতাৰীয়ে৷ পৰৱৰ্তী সময়ত হাগ্ৰামাৰ আমন্ত্ৰণ ক্ৰমে প্ৰত্যাগমন কৰিছিল বিপিএফলৈ৷ দল বাগৰাত পাকৈত চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে পৰৱৰ্তী সময়ত কোনটো দলত যোগ দিয়ে সেয়া নি(য় লক্ষণীয় হ’ব৷ ইফালে, এজনৰ পাছত এজন জ্যেষ্ঠ নেতাই হাগ্ৰামাৰ সংগ এৰা ঘটনাই বিপিএফৰ ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি অশনি সংকেত বহন কৰিছে৷ বিটিআৰৰ নিৰ্বাচনৰ প্ৰাক্‌-মুহূৰ্তত বিপিএফৰ শীৰ্ষ মহলত সৃষ্টি হোৱা এই খহনীয়া দলটোৰ বাবে স্বাভাৱিকতেই আশাপ্ৰদ বতৰা নহয়৷ (‘আমাৰ অসম’ৰ মুছলপুৰৰ প্ৰতিবেদকৰ সহযোগত)



বিটিআৰৰ পাৰিষদৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ

‘আমাৰ অসম’ৰ আনন্দ বজাৰৰ প্ৰতিবেদকঃ  বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে শালবাৰী সমষ্টিৰ এমচিএলএ জয় মুছাহাৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আজি এক সংবাদ মেলৰ জৰিয়তে এমচিএলএ জয় মুছাহাৰীয়ে৷  শালবাৰী মহকুমাৰ অন্তৰ্গত সাউদৰ ভিঠাস্থিত সমূহীয়া প্ৰেক্ষাগৃহত আজি এমচিএলএ জয় মুছাহাৰীয়ে আয়োজন কৰা এখন সংবাদ মেলত অভিযোগ কৰে যে- সম্প্ৰতি জিতুল হুছেইন আৰু শ্বাহ আলম নামৰ দুজন যুৱকে বিটিআৰৰ শালবাৰী সমষ্টিৰ এমচিএলএ জয় মুছাহাৰী আৰু বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ বিৰুদ্ধে বেকী নদীৰ কুঁৱেৰীৰ শিল, বালিৰ গাড়ীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহত জড়িত থকাৰ এক ভুৱা অভিযোগ উত্থাপন কৰি নিকা ভাৱমূৰ্তি নষ্ট কৰিছে৷ লগতে এটা বিতৰ্কিত প’ৰ্টেলতো তথা সামাজিক মাধ্যমত পূৰ্বৰ বিতৰ্কিত জিতুল হুছেইন আৰু শ্বাহ আলমে শিল, বালিৰ গাড়ীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহত জড়িত বুলি বহুলভাৱে ভুৱা প্ৰচাৰ কৰিছে৷ সংবাদ মেলত এমচিএলএ জয় মুছাহাৰীয়ে শিল, বালিৰ গাড়ীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহত কোনোপধ্যেই তেওঁ আৰু বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী জড়িত নহয় বুলি স্পষ্ট কৰি দিয়াৰ লগতে এয়া জিতুল হুছেইন আৰু শ্বাহ আলমৰ নিকৃষ্ট ষড়যন্ত্ৰৰ লগতে ৰাজনৈতিক নিকা ভাৱমূৰ্তি নষ্ট কৰাৰ বিকৃত মানসিকতা বুলি চোকা সমালোচনা কৰে৷ ইতিমধ্যে শালবাৰী আৰক্ষী থানাত এমচিএলএ জয় মুছাহাৰীয়ে অপপ্ৰচাৰ কৰা যুৱকদ্বয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি সদৰি কৰে সংবাদ মেলত৷ সংবাদ মেলত ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সম্পাদক ৰাজু বসুমতাৰীয়ে অভিযোগ কৰে যে- শালবাৰী সমষ্টিৰ লগতে বিটিআৰত ইউপিপিএলৰ উত্থানৰ বিপৰীতে বিপিএফৰ শ্ৰুতলিপিত জিতুল হুছেইন আৰু শ্বাহ আলমে ইউপিপিএল দলৰ লগতে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু শালবাৰী সমষ্টিৰ এমচিএলএ জয় মুছাহাৰীৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ চলাইছে৷

দাবী পূৰণ নকৰিলে বিটিচি ভোট বৰ্জন কৰাৰ হুংকাৰ আছাৰ

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধিঃ  আদিবাসীসকলক জনজাতিকৰণ, ভূমি পট্টা প্ৰদান, উগ্ৰপন্থীৰ হাতত নিহত হোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়াকে ধৰি পাঁচটা সমস্যা যদি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ পূৰ্বে সমাধান নকৰে ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত ল’ব৷ এই মন্তব্য সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি সত্যনাথ টুডুৰ৷ প্ৰকাশ যে আজি কোক্‌ৰাঝাৰৰ গান্ধী পাৰ্কৰ প্ৰাংগণত পাঁচদফীয়া দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অৰ্থাৎ আছাই তিনিঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ নেতা সত্যনাথ টুডুৱে উক্ত মন্তব্য কৰে৷ তেওঁ বিভিন্ন ৰাজনৈতিক দলসমূহে আদিবাসীসকলক নিৰ্বাচনৰ আগে আগে বিভিন্ন প্ৰলোভন দি সমস্যাসমূহ সমাধান কৰিব বুলি ভুৱা প্ৰতিশ্ৰুতি দি আহিছে বুলি অভিযোগ উত্থাপিত কৰে৷ কিন্তু আজিলৈ কোনো এটা ৰাজনৈতিক দলে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে কোনো সদিচ্ছা প্ৰকাশ কৰা দেখা নগ’ল৷ যাৰ ফলত আজিলৈকে আদিবাসীসকলৰ সমস্যা সমাধান হোৱা নাই৷ সেয়ে এইবেলি আমি অংগীকাৰবদ্ধ হৈছোঁ৷ যদিহে বিটিচি নিৰ্বাচনৰ আগে আগে আমাৰ সমস্যাসমূহ সমাধান নকৰে তেন্তে আদিবাসী ৰাইজে বিটিচি নিৰ্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচন বৰ্জন কৰিব বুলি স্পষ্ট কৰি দিয়ে৷  উল্লেখ্য, আদিবাসীসকলক শীঘ্ৰে জনজাতিকৰণ কৰা, অসমত বাস কৰা আদিবাসী জনগোষ্ঠীক টি ট্ৰাইব, এক্স টি ট্ৰাইব, টি গাৰ্ডেন লেবাৰ ইত্যাদি নামাকৰণৰ সলনি চাওঁতাল, ওৰাং, মুণ্ডা, খড়িয়া আদিৰ নামেৰে জাতিগত প্ৰমাণ-পত্ৰ প্ৰদান কৰা, চাহ শ্ৰমিকসকলক দৈনিক মজুৰি ৫৫০ টকালৈ বৃদ্ধি কৰা, অসমত বাস কৰা আদিবাসীসকলক The Traditional forest Dwellers Act.২০০৬ অনুসৰি তিনিটা প্ৰজন্মৰ পৰিৱৰ্তে অন্যান্য জনজাতিসকলৰ দৰেই এটা প্ৰজন্মৰ আধাৰতে আদিবাসীসকলক বনাঞ্চলৰ মাটিৰ ভূমি পট্টা প্ৰদান কৰা, ১৯৯৬, ১৯৯৮, ২০১৪ চনত গোষ্ঠীগত আৰু উগ্ৰপন্থীৰ হাতত নিহত হোৱা লোকসকলৰ ক্ষতিপূৰণ প্ৰদান কৰাকে ধৰি পাঁচদফীয়া দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷  ‘আমাক জনজাতিৰ মৰ্যাদা দিয়ক, আমাক ভূমি পট্টা প্ৰদান কৰক’ ইত্যাদি শ্লোগান দি বেনাৰ-ফেষ্টুন লৈ পৰিৱেশ উত্তাল কৰি তোলে৷ ছাত্ৰ নেতা সত্যনাথ টুডুৱে কয় যে আমি আদিবাসীসকল জনজাতি মূলৰে হয়৷ অশিক্ষিত হোৱাৰ বাবে আমাৰ মানুহে কাগজপাতি ভালদৰে নাৰাখে৷ যাৰ ফলত তিনি প্ৰজন্মৰ কাগজ দিয়াটো অসম্ভৱ৷ অন্যান্য জনগোষ্ঠীৰ দৰে এটা প্ৰজন্মৰ ভিত্তিতে আমাকো বনাঞ্চলত বাস কৰা লোকসকলক ভূমি পট্টা দিয়াৰ বাবে দাবী জনাইছোঁ৷ আমাৰ মানুহৰ মাটিৰ কাগজ নথকাৰ সুযোগ লৈ ভূমি পট্টা দিয়াৰ পৰা বঞ্চিত কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰিছে ৰাজ্য চৰকাৰ আৰু বিটিআৰ চৰকাৰে৷ আমি ভাৰতীয় খিলঞ্জীয়া ভূমিপুত্ৰ হয়৷ ইয়াৰ পাছতো যদি আমাক বঞ্চিত কৰে তেন্তে আমি আগন্তুক বিটিচি আৰু বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰতুত্তৰ দিবলৈ সাজু বুলি মন্তব্য কৰে ছাত্ৰ নেতাজনে৷ তদুপৰি, জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবীটোও মষিমূৰ কৰিবলৈ চৰকাৰে কৰা চেষ্টা কেতিয়াও সফল হ’বলৈ নিদিব বুলি মন্তব্য কৰে৷ আজিৰ কাৰ্যসূচী কোক্‌ৰাঝাৰ, চিৰাং, ধুবুৰীকে ধৰি তিনিখন জিলাৰ পাঁচশ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে৷