Logo
image

জলাশয় সংৰক্ষিত হ’ব জিলা আয়ুক্তৰ জৰিয়তে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ ফেব্ৰুৱাৰীঃ  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ বৈঠকে আজি মূল্য সংযোজন কৰৰ সুৰুঙা প্ৰতিহতকৰণৰ বাবে পথ, ৰে’ল, নদী, বায়ু বা ডাকযোগে ৰাজ্যখনলৈ সামগ্ৰী আমদানিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰু চৰ্তাৱলী অৱগত কৰি ৰাজ্যৰ বাহিৰৰ পৰা কৰযোগ্য সামগ্ৰীৰ চলাচল নিৰীক্ষণ নিশ্চিত কৰাৰ বাবে অসম মূল্য সংযোজন কৰ (সংশোধনী)  বিধি, ২০২৫ ৰ খচৰাত অনুমোদন  জনায়৷ তদুপৰি ৪ ছেপ্টেম্বৰ ২০১৩ তাৰিখে বা তাৰ আগতে নিযুক্ত ৭১ খন পৌৰ পৰিষদৰ ১,০৪৪ গৰাকী পৌৰ নিগমৰ কৰ্মচাৰীৰ সেৱা প্ৰাদেশিকীকৰণৰ বাবে অসম পৌৰ কৰ্মচাৰী [প্ৰাদেশিকীকৰণ] বিধেয়ক ২০২৫ অনুমোদন জনায়৷ সুলভ মূল্যৰ দোকানৰ অনুজ্ঞা-পত্ৰ নৱীকৰণৰ ম্যাদ ৩১ পৰা ৫ বছৰলৈ বৃদ্ধি কৰি অসম ৰাজহুৱা বিতৰণ অনুচ্ছেদ (সংশোধনী)  আদেশ, ২০২৫ ত অনুমোদন জনোৱাৰ লগতে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷


এক সংবাদমেলত কেবিনেটৰ সিদ্ধান্তসমূহ ব্যাখ্যা কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয়– আৰবান ৱাটাৰবডী পিজাৰ্ভেচন ৰুলক কেবিনেটে অনুমোদন জনায়৷ ইয়াৰ জৰিয়তে প্ৰত্যেক জিলাত থকা ৱাটাৰ বডীসমূহ জিলা আয়ুক্তৰ জৰিয়তে সংৰক্ষণ কৰা হ’ব৷ অসমৰ পৌৰনিগম আৰু পৌৰসভা কৰ্মচাৰীৰ প্ৰাদেশিকীকৃত বিধেয়ক কেবিনেটে অনুমোদন জনায়৷ ইয়াৰদ্বাৰা ৪ ছেপ্টেম্বৰ ২০১৩ চনৰ পূৰ্বে যোগদান কৰা পৌৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া হ’ব৷ ৭১ খন পৌৰসভা আৰু পৌৰনিগমৰ ১,০৪৪ গৰাকী কৰ্মচাৰীৰ দৰমহা নিয়মীয়া হ’ব৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ৰেগুলাৰ ষ্টেটুক অনুমোদন জনায় কেবিনেটে৷ অসমীয়া ভাষাৰ শিক্ষকসকলক একেটা কেডাৰলৈ অনা হয়৷ সুলভ মূল্যৰ দোকানসমূহ এতিয়াৰে পৰা তিনি বছৰৰ পৰিৱৰ্তে ৫ বছৰত নবীকৰণ কৰিব লাগিব৷ ইয়াৰো সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে৷ অসম ভেল্যু এডেড টেক্স সংশোধনী বিধিক অনুমোদন জনায় কেবিনেটে৷