Logo
image

কলেষ্টেৰল, ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰে এইবিধ খাদ্যই

প্ৰকৃতিৰ এক অমূল্য খাদ্য সামগ্ৰী হ’ল গাজৰ৷ গাজৰৰ বহু পৰিমাণে ঔষধি গুণ আছে৷ যদিও গাজৰ শীতকালীন পাঁচলি তথাপি এইবিধ খাদ্য সামগ্ৰী বছৰৰ সকলো সময়তে উপলব্ধ গাজৰত স্বাস্থ্যসন্মত সৌন্দৰ্যবদ্ধৰ্ক শক্তি বৃদ্ধমান৷  গাজৰত বিভিন্ন ভেষক উপদান থাকে৷ ই  বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ সুস্বাদু আৰু পুষ্টিকৰ পাঁচলি হিচাপে পৰিচিত গাজৰত আছে ভিটামিন ‘এ’,  ‘চি’ ‘বি’ আৰু ‘কে’ৰ লগতে প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে৷ ইয়াক পাচলি, চালাড কৰি, সিজাই, আচাৰ বনাই, হালুৱা বনাই তদুপৰি ৰস উলিয়াই খাব পাৰি৷ 

(১)  গাজৰে কলেষ্টেৰল আৰু ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰাখে৷ গাজৰত প্ৰচুৰ কেলছিয়াম থাকে, যি হাড় শক্তিশালী  আৰু মজবুত কৰে৷ 

(২)  গাজৰে চকু, পেট, হাড়ৰ সমস্যা দুৰ কৰে৷ চকুৰে স্বাস্থ্য ভালে ৰখাত গাজৰ সৰ্বশ্ৰেষ্ঠ৷ এইবিধ পাচলিয়ে দৃষ্টি শক্তি বৃদ্ধি কৰাত সহায় কৰে৷ 


(৩) গাজৰ সৌন্দৰ্যবদ্ধৰ্ক৷ ই বয়স বৃদ্ধিত প্ৰতিহত কৰে৷ তদুপৰি তেজ পৰিষ্কাৰ কৰাৰ পৰা ৰক্তহীনতা দূৰীকৰণলৈকে  বহু গুণ আছে গাজৰৰ৷ 

(৪) গাজৰত এণ্টি অক্সিডেণ্ট, আইৰণ, ফছফৰাছ, পটাছিয়াম, ছডিয়াম, ফাইবাৰ আদি উপাদান পোৱা যায়৷ গাজৰত পোৱা বেটা কেৰ’টিনে অৱসাদ দূৰ কৰে৷ 

(৫) গাজৰৰ ৰস সেৱন কৰিলে শৰীৰৰ উজ্বলতা বাঢ়ে৷   গাজৰৰ ৰসে শৰীৰত হিম’গ্ল’বিনৰ মাত্ৰা বৃদ্ধি কৰে আৰু ইয়ে পেটৰ মেদ কমোৱাত সহায় কৰে৷