Logo
image

ঘৰ-সম্পত্তি হেৰুৱাই সৰ্বস্বান্ত ‘অবৈধ’ অভিবাসী ভাৰতত বৈধ

আম্বালা, ৬ ফেব্ৰুৱাৰীঃ মধ্যবিত্ত পৰিয়ালৰ পৰা বিদেশলৈ যোৱাটো কিমান কষ্টসাধ্য সেয়া ভুক্তভোগীয়েহে জানে৷ কিন্তু কোনো পৰিয়ালে যদি তেওঁলোকৰ সন্তানক মাটি বিক্ৰী কৰি, ঘৰ বন্ধকত থৈ বিদেশলৈ পঠোৱাৰ পাছতে নিৰ্বাসিত হ’বলগা হয়, তেনেহ’লে সেই পৰিয়ালটোৰ অৱস্থা কেনে হ’ব পাৰে, এবাৰ ভাৱকচোনঞ্জ হাৰিয়ানাৰ ওচৰৰ এটা পৰিয়ালৰ অৱস্থা এতিয়া তেনেকুৱাই হৈছে৷ আমেৰিকাৰ চৰকাৰে দেশখনৰ পৰা বিতাৰণ কৰা ভাৰতীয় নাগৰিকৰ প্ৰথমটো দল ভাৰতত উপস্থিত হোৱাৰ পাছত এতিয়া সেই পৰিয়ালটোৰ দুশ্চিন্তাৰ সীমা নাইকিয়া হৈ পৰিছে৷ উল্লেখ্য যে ১০৪ জনকৈ ভাৰতীয় নাগৰিকক লৈ অমৃতসৰত অৱতৰণ কৰা  মাৰ্কিন সেনাৰ বিমানখনত থকা ভাৰতীয় সকলৰ মাজত আছিল আম্বালা চহৰৰ সমীপৰ পঞ্জাৱৰ জাদৌত গাঁৱৰ যুৱক প্ৰদীপ সিং৷ মাত্ৰ ১৫  দিন পূৰ্বে যুৱকজনে আমেৰিকাত উপস্থিত হৈছিল৷ এতিয়া দেশনখনৰ পৰা নিৰ্বাসিত হৈ ভাৰতলৈ উভতি অহাত যুৱকজনৰ পৰিয়ালটো হতবাক হৈ পৰিছে৷ উল্লেখ্য যে প্ৰদীপৰ ঘৰৰ অৱস্থা ভাল নাছিল৷ কিন্তু ২১ বছৰীয়া পুত্ৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই পৰিয়ালটোৱে মাটি বিক্ৰী কৰি ঘৰ বন্ধকত থৈ আনৰ পৰা ঋণ লৈ আমেৰিকালৈ পঠায়৷ কিন্তু লাখ লাখ টকা খৰচ কৰি আমেৰিকালৈ প্ৰেৰণ কৰা পুত্ৰ যে এনেদৰে উভতি আহিব লগা হ’ব সেয়া সপোনতো ভাবিব পৰা নাছিল তেওঁলোকে৷


এতিয়া পৰিয়ালটো হতবাক৷ পুত্ৰ উভতি আহিব লগা হোৱাৰ খবৰ শুনি মাতৃ আৰু আইতাক গৃহবন্দী হৈ আছে৷ কাৰো সৈতে মাত-বোল কৰা নাই৷ প্ৰদীপৰ মোমায়েকে জনোৱা মতে ‘৭ মাহ পূৰ্বে সি দেশ এৰি গুচি গৈছিল৷ পিতৃয়ে মাটি বিক্ৰী কৰি, ঘৰ বন্ধকত থৈ আৰু আনৰ পৰা ঋণ লৈ তাক আমেৰিকালৈ পঠাইছিল৷ প্ৰায় ৪১ লাখ টকা খৰচ হৈছিল৷ ভুক্তভোগী পৰিয়ালটোৱে এতিয়া চৰকাৰৰ পৰা সহায় বিচাৰিছে৷’ উল্লেখ্য যে আমেৰিকাত অবৈধ বুলি চিনাক্ত কৰা ভাৰতীয়সকল নিজ দেশত আহি উপস্থিত হোৱাৰ পাছতে আৰক্ষীয়ে তেওঁলোকক পৰিয়ালৰ হাতত চমজাই দিছে৷ এতিয়া এই লোকসকল কি পৰিস্থিতিত বা কোন দালাল চক্ৰৰ জৰিয়তে বৈধ নথি-পত্ৰ অবিহনে আমেৰিকালৈ গৈছিল, সেই চক্ৰসমূহক চিনাক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে৷ তদুপৰি এনে লোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া সময়ত জানিব পৰা যাব বুলি এটা সূত্ৰই দাবী কৰিছে৷