
ছেমিকণ্ডাক্টৰ প্ৰকল্প ক্ষেত্ৰত ২ জাপানী ৰাষ্ট্ৰদূত
‘আমাৰ অসম’ৰ জাগীৰোডৰ বিশেষ প্ৰতিবেদক, ৬ ফ্ৰেব্ৰুৱাৰীঃ এডভাণ্টেজ অসম আনুষ্ঠিত হোৱাৰ পূৰ্বেই অসমলৈ বাবে সুখবৰ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিদেশ ভ্ৰমণে অসমলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা৷ তাৰেই ফলস্বৰূপে অসমলৈ আহিল সুদূৰ জাপানৰ এটা প্ৰতিনিধি দল৷ ৫১ জনীয়া দলটোৱে পৰিদৰ্শন কৰিলে জাগীৰোডত নিৰ্মীয়মাণ টাটাৰ ছেমিকণ্ডাক্টৰ এচেম্বলি এণ্ড টেষ্ট প্ৰকল্প৷ প্ৰায় ২৭ হাজাৰ কোটি টকীয়া এই প্ৰকল্প পৰিদৰ্শনৰ নেতৃত্বত আছিল ভূটান আৰু ভাৰতৰ যুটীয়া ৰাষ্ট্ৰদূত কেইচি অ’ন’৷ কেইচি অ’ন’ৰ সৈতে প্ৰকল্পটোত উপস্থিত হয় বাংলাদেশস্থিত জাপানৰ ৰাষ্ট্ৰদূত তাকাহাছী নাওকীৰ লগতে বহুকেইটা কোম্পেনীৰ শীৰ্ষ বিষয়ববীয়াও৷ ইয়াৰে Air water india pvt. ltd, Nitto denko india, JICA India, Mitsubishi corporation india pvt. Ltd, TMEIC India, MOL Logistics india pvt. Ltd, SBড্ৰ India, Iwatani corporation (Singapre) pvt. Ltd, JETRO ahmedabad, Tokyo electron Limited আদি কেইবাটাও কোম্পানীৰ উচ্ছপদস্থ বিষয়াই পৰিদৰ্শন কৰে টাটাৰ ছেমিকণ্ডাক্টৰ এণ্ড টেষ্ট প্ৰকল্প৷ পৰিদৰ্শন সামৰি অসমলৈ এক আশাব্যঞ্জক ইংগিত প্ৰদান কৰাৰ লগতে সংবাদ মাধ্যমক সম্বোধন কৰি ভূটান আৰু ভাৰতৰ যুটীয়া ৰাষ্ট্ৰদূত কেইচি অ’ন’ই কয় যে জাগীৰোতত নিৰ্মীয়মান টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত বিনিয়োগৰ বাবে জাপানৰ বহুতো প্ৰতিষ্ঠান আগ্ৰহী৷ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি ৰাষ্ট্ৰদূত গৰাকীৰ লগতে প্ৰতিনিধিৰ দলটো অত্যন্ত উৎসাহিত হ’য়৷ হয়তো এই পৰিদৰ্শনে অসমৰ উদ্যোগিক ক্ষেত্ৰতলৈ কঢ়িয়াই আনিব বৃহৎ বিনিয়োগ৷ এক কথাত কবলৈ গ’লে অতি শীঘ্ৰেই হয়তো অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত সূচনা হ’ব উদ্যোগিকৰণৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ৷ সাৰ্থক হ’ব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিনিয়োগকাৰীক আমন্ত্ৰণ জনাবলৈ কৰা বিদেশ ভ্ৰমণো৷ উল্লেখ্য যে, আজিৰ পৰিদৰ্শনকালত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ প্ৰকল্প প্ৰবন্ধক আশিস মিশ্ৰ, জাগীৰোড সমজিলা আয়ুক্ত বিমান দাসৰ লগতে টাটাৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত থাকে৷
গুৱাহাটীত ইনড’ৰ এণ্টাৰটেইনমেণ্ট এডভেন্সাৰ পাৰ্ক মুকলি
উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ইনড’ৰ এণ্টাৰটেইনমেণ্ট আৰু এডভেন্সাৰ পাৰ্ক বৃহস্পতিবাৰে মুকলি কৰিলে পুনোৱে (PUNO)৷ গুৱাহাটীৰ লখৰাত পুনো এডভাঞ্চ মুকলি কৰি মহানগৰবাসীৰ বাবে এক অনন্য অভিজ্ঞতা প্ৰদানৰ লক্ষ্য লৈছে পুনোৱে৷ উল্লেখ্য, এই পাৰ্কখনত অত্যাধুনিক ইনড’ৰ দুঃসাহসিক কাৰ্যকলাপ, উত্তেজনাপূৰ্ণ ট্ৰেম্পলিন গেম, ইমাৰ্চিভ বলিং অভিজ্ঞতা, আৰু অত্যাধুনিক ভি আৰ আৰু আৰ্কেড ভিডিঅ’ গেম অন্তৰ্ভুক্ত কৰা হৈছে৷ এই পাৰ্কত ইমাৰ্চিভ ভি আৰ ৰাইডে অতিথিসকলক এক বাস্তৱ অনুভৱৰ সৈতে ভাৰ্চুৱেল জগতলৈ লৈ যাব৷ সমান্তৰালভাৱে এই পাৰ্কত আছে উত্তৰ-পূব ভাৰতৰ প্ৰথমখন কিডছ এৰেনা ‘পুনো জুনিয়ৰ’, য’ত ১০ বছৰ পৰ্যন্ত বয়সৰ শিশুসকলে খেলা-ধূলা কৰাৰ লগতে শিক্ষা লাভ আৰু দক্ষতা বিকাশৰ সুযোগ পাব৷ তদুপৰি, ইন-হাউচ স্পৰ্টছ কেফে আৰু সুকীয়া পাৰ্টি কমৰ জৰিয়তে অতিথিসকলে বিশেষ মুহূৰ্তবোৰ আৰু অধিক স্মৰণীয় কৰি তুলিবলৈ সক্ষম হ’ব৷ উদ্বোধনী অনুষ্ঠানত পুনোৰ মুখ্য কাৰ্যবাহী বিষয়া পংকজ আগৰৱালাই কয়, পুনোৰ লক্ষ্য হৈছে এক সম্পূৰ্ণ মনোৰঞ্জনৰ অভিজ্ঞতা প্ৰদান কৰা, য’ত সকলো বয়সৰ লোকে খেল, ৰাইড আৰু বিভিন্ন ৰোমাঞ্চকৰ কাৰ্যসূচী উপভোগ কৰিব পাৰে৷ আমি ‘ফিজিটেল এণ্টাৰটেইনমেণ্টৰ ধাৰণাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ, অৰ্থাৎ শাৰীৰিক আৰু ডিজিটেলৰ এক সংমিশ্ৰণ, যিয়ে প্ৰযুক্তি আৰু শাৰীৰিক কাৰ্যকলাপক একত্ৰিত কৰি এক নতুন মনোৰঞ্জনৰ অভিজ্ঞতা সৃষ্টি কৰে৷’ তেওঁ লগতে কয়, ‘আমি দেখিলোঁ যে বজাৰত এনে ঠাইৰ অভাৱ আছিল য’ত পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে একেলগে সময় কটাব পাৰে, ইজনে-সিজনৰ লগত সংযোগ স্থাপন কৰিব পাৰে, আৰু সুস্বাদু খাদ্য-পানীয় উপভোগ কৰিব পাৰে৷ সেইবাবেই আমি উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ইনড’ৰ এণ্টাৰটেইনমেণ্ট এণ্ড এডভেন্সাৰ পাৰ্ক স্থাপন কৰিছোঁ, য’ত এক বিশেষ মাইক্ৰ’ এটম’স্ফিয়াৰ আছে৷ ইয়াত বছৰৰ যিকোনো সময়তে বছৰৰ ৩৬৫ দিন শীত-তাপ নিয়ন্ত্ৰিত পৰিৱেশ উপভোগ কৰিব পাৰিব৷’’ তেওঁ লগতে কয়, ‘উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে পৰিচিত গুৱাহাটীক আমি এই পাৰ্ক স্থাপনৰ বাবে বাছি লৈছোঁ৷’ ইফালে এই এণ্টাৰটেইনমেণ্ট এণ্ড এডভেন্সাৰ পাৰ্কৰ সম্প্ৰসাৰণৰ বিষয়ে জানিবলৈ দি পংকজ আগৰৱালে কয়, ‘অতি সোনকালে আমি উত্তৰ-পূব ভাৰতৰ একাধিক চহৰলৈ আমাৰ পাৰ্কসমূহ সম্প্ৰসাৰণ কৰিম, য’ত অধিক নতুন আৰু ৰোমাঞ্চকৰ কাৰ্যকলাপ সংযোজন কৰা হ’ব৷’