Logo
image

এতিয়া আৰু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয় ! মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ফেব্ৰুৱাৰীঃ  দুই এদিনতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ অন্তিমটো সম্প্ৰসাৰণ হ’ব বুলি চলা চৰ্চাৰ মাজত এনে সম্ভাৱনা নাকচ কৰিছে স্বয়ং মুখ্যমন্ত্ৰী শৰ্মাই৷ তেওঁ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত স্পষ্ট ভাষাৰে কয়– ‘এতিয়া আৰু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয়৷ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ  হ’ব বুলি মই দূৰ-দূৰণিলৈ ক’তো শুনা নাই৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসভাৰ কোনো সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা নাই৷’ মুখ্যমন্ত্ৰী শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা নাই বুলি স্পষ্টভাৱে কৈছে যদিও মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ বাবে অতি আগ্ৰহী ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই ইতিমধ্যে তেওঁৰ ঘনিষ্ঠ মহলক মন্ত্ৰীসভাত তেওঁৰ অন্তৰ্ভুক্তি নিশ্চিত বুলি কৈছে৷ যদি শেষ মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয়, অৰ্থাৎ ভৱেশ কলিতা যদি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নহয়– তেনেহ’লে কি হ’ব ভৱেশ কলিতাৰ? হিমন্ত বিশ্ব মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ আশা কৰিয়েই তেওঁ পুনৰ প্ৰদেশ বিজেপিৰ সভাপতি হোৱাৰ কথা নাভাবি হাঁহি হাঁহি সেই পদ এৰি দিলে দিলীপ শইকীয়ালৈ৷ অৱশ্যে ভৱেশ কলিতা পুনৰ সভাপতি হ’ব নোখোজাৰ আন টো কাৰণো আছে৷


কিয়নো, মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল যে দলৰ কোনো বিষয়ববীয়াই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব৷ সেইসূত্ৰে মনতে মন্ত্ৰী হোৱাৰ আশা পুহি ৰখা ভৱেশ কলিতাই পুনৰ সভাপতি হোৱাৰ কথা চিন্তা নকৰিলে৷ তাৰ সলনি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাটোৱেই ভাল হ’ব বুলি বিবেচনা কৰি ভৱেশ কলিতাই হেলাৰঙে ত্যাগ কৰিলে বিজেপি সভাপতিৰ পদ৷ কিন্তু মুখ্যমন্ত্ৰীৰ শেহতীয়া বক্তব্যই স্বাভাৱিকতেই ভৱেশ কলিতাক হতাশ কৰিব৷ সভাপতিও নহ’ল– মন্ত্ৰীও যদি নহয়, তেন্তে কেৱল বিধায়ক হৈ থাকিলে অসমৰ ৰাজনীতিত তেওঁৰ বিশেষ গুৰুত্ব থাকিব জানো? দলত একা? কাৰ্যতঃ অনিশ্চিত হৈ পৰিব নেকি ভৱেশ কলিতাৰ ৰাজনৈতিক ভৱিষ্যৎ? সম্প্ৰতি হাউছ ফেডৰ অধ্যক্ষৰ দায়িত্বত আছে বিধায়ক ভৱেশ কলিতা৷ সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল কলিতাই৷ তেওঁৰ ওপৰত ন্যস্ত কৰা হৈছিল জলসিঞ্চন, শিক্ষা আৰু ৰাজহ বিভাগ৷ ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা বিজেপি দলক প্ৰতিনিধিত্ব কৰি একেৰাহে দ্বিতীয়বাৰলৈ বিধায়ক নিৰ্বাচিত হৈছে কলিতা৷ ১৫ জানুৱাৰী পৰ্যন্ত বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত আছিল ভৱেশ কলিতা৷ কিছুদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছিল প্ৰশান্ত ফুকন, কৃষ্ণেন্দু পাল, ৰূপেশ গোৱালা আৰু কৌশিক ৰাই৷ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণ নহয় বুলি কোৱাৰ আগলৈকে ৰাজনৈতিক মহলত এইবুলি চৰ্চা চলিছিল যে শনিবাৰে ভৱেশ কলিতাই মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ কিন্তু মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পাছত সেই সম্ভাৱনা আক্ষৰিক অৰ্থতেই নাইকিয়া হ’ল৷ পৰৱৰ্তী সময়ত নিজৰ ৰাজনৈতিক ভৱিষ্যৎ শক্তিশালী কৰি ৰাখিবৰ বাবে ভৱেশ কলিতাই কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷