
অভূতপূৰ্ব যান-জঁটত শ্বাসৰুদ্ধ গুৱাহাটী
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ ফেব্ৰুৱাৰীঃ আপুনি বাৰু উজনি অসমৰ পৰা গুৱাহাটী মহানগৰী বা নামনি অসমৰ দিশে যাতায়াতৰ পৰিকল্পনা কৰিছে নেকিঞ্জ যদি তেনে পৰিকল্পনা কৰিছে এশবাৰ ভাৱক ! উজনিৰ দিশৰ পৰা গুৱাহাটী মহানগৰীলৈ আহিলে আপুনি তেনেহ’লে ২-৩ ঘণ্টা আগেই ঘৰৰ পৰা ওলাওক৷ কিয়নো গুৱাহাটীৰ প্ৰৱেশদ্বাৰতে আপুনি ২-৩ ঘণ্টা আবদ্ধ হৈ পৰিবলগীয়া হোৱাৰ ‘সৌভাগ্য’ হ’ব পাৰে৷ যোৰাবাটৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথটোৰ বিভিন্ন অংশত মেৰামতিৰ কাম চলি থকাৰ ফলত বিগত ৩-৪ দিন ধৰি গুৱাহাটীবাসীয়ে যান-জঁটৰ বাবে যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দিনৰ ভাগতো গুৱাহাটীৰ মূল পথটোৰ মেৰামতিৰ কাম অব্যাহত ৰখাত মহানগৰীৰ প্ৰৱেশ দ্বাৰত অভূতপূৰ্ব যান-জঁটৰ সৃষ্টি হৈছে৷ এই যান-জঁট ৪-৫ কিলোমিটাৰ দূৰত্বলৈ সম্প্ৰসাৰণ হোৱাত ৰাষ্ট্ৰীয় ঘাইপথটোৰে চলাচল কৰা যান-বাহনসমূহে ঘণ্টাৰ পাছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ঠিকাদাৰে চাৰিলেনযুক্ত পথটোৰ ঠায়ে ঠায়ে সম্পূৰ্ণৰূপে খান্দি পেলোৱাত এখন এখনকৈ বাহন চলাচলৰ অনুমতি দিয়া হৈছে৷ ফলত যান-জঁট বৃদ্ধি পোৱাই নহয়, উজনি অসমৰ দিশৰ পৰা গুৱাহাটীলৈ অহা এম্বুলেন্সো ২-৩ ঘণ্টা ধৰি আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে৷
পথ মেৰামতিৰ বাবে হোৱা যান-জঁটক লৈ গুৱাহাটী আৰক্ষীয়ো কাৰ্যতঃ অসহায় হৈ পৰিছে৷ যান-বাহন আৰক্ষীয়ে যান-জঁট নিয়ন্ত্ৰণত ব্যৰ্থ হৈ পৰাৰো অভিযোগ উঠিছে৷ অৱশ্যে, গুৱাহাটীৰ প্ৰৱেশদ্বাৰ খানাপাৰাত ২-৩ ঘণ্টা ধৰি যান-জঁট ফালি আগবাঢ়ি অহা বাহনসমূহে পুনৰ ছয়মাইল উৰণ সেতুৰ ওচৰত আন এক ভয়ংকৰ যান-জঁটৰ সন্মুখীন হৈ আহিছে৷ ছয়মাইলৰ উৰণ সেতুৰ মেৰামতি আৰু ডাউন-টাউনৰ নতুন উৰণ সেতু নিৰ্মাণ কাৰ্যৰ ফলত কাৰ্যতঃ জি এছ ৰোডৰ ভিভাণ্টা হোটেলৰ পৰা ডাউন-টাউনলৈ জিএছৰোডত অভাৱনীয় যান-জঁটৰ সৃষ্টি হৈ আহিছে৷ আনকি এই যান-জঁট পাঞ্জাবাৰী-ছয়মাইল পথৰ লগতে জয়ানগৰ-ছয়মাইল সংযোগী পথতো দেখা গৈছে৷ এক কথাত গুৱাহাটীবাসীয়ে এতিয়া ছয়মাইল উৰণ সেতু অংশ পাৰাপাৰ হ’বলৈ এশবাৰ চিন্তা কৰিবলৈ বাধ্য হৈছে৷ প্ৰায় দুমাহ ধৰি এই পথটোত মহানগৰবাসীয়ে দুৰ্ভোগ ভুগি আহিছে৷ জিএছ ৰোডৰ উক্ত যান-জঁটত ঘণ্টাৰ পাছত ঘণ্টা ধৰি বাহন আবদ্ধ হৈ পৰা দেখা গৈছে৷ ইফালে, দীঘলীপুখুৰী-নুনমাটি উৰণ সেতুৰ বাবেও প্ৰতিদিনেই যান-জঁটৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে সৰ্বসাধাৰণ৷ আৰক্ষীয়ে মন্ত্ৰী-বিধায়ক তথা ভি আই পি-ভি ভি আই পিৰ বাবে পথ বন্ধ কৰি যান-বাহনৰ চলাচলৰ ব্যৱস্থা কৰিছে যদিও সাধাৰণ ৰাইজৰ কথা ভাবিবলৈ যেন এতিয়া কাৰো আহৰি নাই৷