
এপ্ৰিলত সম্পূৰ্ণ হ’ব পঞ্চায়ত নিৰ্বাচনৰ কাম-কাজঃ মন্ত্ৰী ৰঞ্জিৎ
‘আমাৰ অসম’ৰ লক্ষীগঞ্জৰ প্ৰতিবেদক, ৬ ফেব্ৰুৱাৰীঃ বিলাসীপাৰা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে সোঁৱৰণী প্ৰেক্ষাগৃহত আজি উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস৷ ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিয়ে আয়োজন কৰা বিশেষ সাংগঠনিক আৰু ভোগালীৰ প্ৰীতিভোজ অনুষ্ঠানত অংশগ্ৰহণ কৰে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে৷
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বিশেষ মন্তব্য আগবঢ়াই কয় যে অহা এপ্ৰিল মাহৰ ভিতৰত সম্পন্ন হ’ব পঞ্চায়ত নিৰ্বাচনৰ সকলো কাম-কাজ৷ লগতে আৰু কয় যে ধুবুৰী জিলালৈ অসম চৰকাৰে সু-দৃষ্টি দিছে৷ জিলাখন লৈ নিৰ্বাচনৰ আগতে বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে ত্ৰিশ লাখ টকা মঞ্জুৰী কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ বিপনন নিগমৰ অধ্যক্ষ ডঃ অশোক কুমাৰ সিংহী, বিজেপিৰ জিলা সভাপতি দেৱজিৎ বৰকলিতা প্ৰমুখ্যে বিলাসীপাৰা সমজিলাৰ বিভিন্ন পৰ্যায়ৰ সহস্ৰাধিক দলীয় নেতা, কৰ্মকৰ্তা৷