
আদানিৰ চিএনজি ষ্টেচনৰ বাবে লাগে চৰকাৰী মাটি, জিলাই জিলাই দিছপুৰৰ পত্ৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ ফেব্ৰুৱাৰীঃ বিশ্ব বিনিয়োগ সন্মিলন এডভাণ্টেজ আছাম-২.০ ক লৈ ৰাজ্য চৰকাৰে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে৷ এডভাণ্টেজ আছাম কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰাৰ বাবে মন্ত্ৰীৰ পৰা আমোলালৈ সকলো ব্যস্ত হৈ পৰিছে৷ এডভাণ্টেজ আছামৰ জৰিয়তে ৰাজ্যত বিনিয়োগ কৰিবলৈ আগ্ৰহী প্ৰতিটো কোম্পানীকে চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিছে৷ এডভাণ্টেজ আছামত বিনিয়োগ কৰিব বিচৰা কোম্পানীক ৰাজসাহায্যৰ উপৰি চৰকাৰী ভূমি প্ৰদানৰো প্ৰতিশ্ৰুতি দিছে অসম চৰকাৰে৷ অসমত চি এন জি ষ্টেচন স্থাপনৰ আগ্ৰহ প্ৰকাশ কৰা আদানি গ্ৰুপক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা চৰকাৰী ভূমি আবণ্টনৰ বাবে দিছপুৰে এইবাৰ জিলাই জিলাই আয়ুক্ত-চক্ৰ বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ আদানি গ্ৰুপৰ অংশীদাৰী কোম্পানী আদানি ট’টেল গেছ লিমিটেড চমুকৈ এ টি জি এলে নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত চি এন জি ষ্টেচন স্থাপনৰ আগ্ৰহ প্ৰকাশ কৰিছে৷ বিগত ২৪ জানুৱাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুজৰাটৰ আহমেদাবাদত অংশ লোৱা ৰোড শ্ব’ত আদানি গ্ৰুপে এই আগ্ৰহৰ কথা ব্যক্ত কৰে৷
এডভাণ্টেজ আছাম-২.০১ প্ৰচাৰৰ অংশস্বৰূপে আহমেদাবাদত অনুষ্ঠিত বিনিয়োগকাৰীৰে হোৱা উক্ত বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপৰি ৰাজ্য চৰকাৰৰ হৈ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, বীৰেন্দ্ৰ মিট্টাল আৰু লক্ষ্মণন এছ উপস্থিত থাকে৷ এই বৈঠকতে আদানি ট’টেল গেছ লিমিটেডৰ হৈ মুখ্য কাৰ্যবাহী বিষয়া সুৰেশ পি মংগলানিকে ধৰি কেইবাজনো শীৰ্ষ বিষয়াই অংশ লৈছিল৷ বৈঠকত আদানি গ্ৰুপে কাৰ্বি আংলং, নগাঁও, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই আৰু ডিমা হাচাও জিলাত চি এন জি ষ্টেচন স্থাপনত বিনিয়োগৰ প্ৰস্তাৱ দিয়ে৷ অৱশ্যে, অসমত বিনিয়োগ কৰিলেও আদানি গ্ৰুপে ষ্টেচন স্থাপনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চৰকাৰী ভূমি আৱণ্টন দিব লাগিব বুলিও অসম চৰকাৰক চৰ্ত বান্ধি দিয়ে৷ আদানী গ্ৰুপৰ সেই চৰ্তৰ ভিত্তিতেই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চি এন জি ষ্টেচনৰ ৰিটেল আউটলেট স্থাপনৰ বাবে ৫০a৫০ মিটাৰ ব্যাসাৰ্ধৰ চৰকাৰী ভূমি বিচাৰি উলিয়াবলৈ জিলাকেইখনৰ চক্ৰ বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে দিছপুৰে৷ তদুপৰি দিছপুৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ২৭নং ঘাইপথৰ কাষৰ কঠিয়াতলীতো ভূমি বিচাৰি জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং, জিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলঙকে ধৰি প্ৰতিখন জিলা আয়ুক্তকে চক্ৰ বিষয়াৰ জৰিয়তে আদানিৰ চি এন জি ষ্টেচন স্থাপনৰ বাবে চৰকাৰী মাটি চিনাক্ত কৰি ১২ ফেব্ৰুৱাৰীৰ ভিতৰত জনাবলৈকো নিৰ্দেশ প্ৰদান কৰিছে দিছপুৰে৷