Logo
image

দুমাহৰ ভিতৰতে ৰিংৰোডৰ নিৰ্মাণ, গতাব ব্যক্তিগত খণ্ডক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ ফেব্ৰুৱাৰীঃ  গুৱাহাটী ৰিং ৰোড প্ৰকল্পত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ কেবিনেটে অনুমোদন জনোৱাৰ পাছত এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ এন এইচ এ আই কতৃৰ্পক্ষই ৰিং ৰোডৰ নিৰ্মাণৰ বাবে ঠিকা আৱণ্টন দিছে৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটৰ আহমেবাদাবৰ মেৰ্চাছ দিনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰাকন প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণকাৰী সংস্থাটোক গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণৰ আনুষ্ঠানিক ঠিকা প্ৰদান কৰে৷ স্বাভাৱিকতেই ১২১.৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয়লেন আৰু চাৰিলেনযুক্ত  গুৱাহাটী ৰিং ৰোড ৰাজ্যৰ যাতায়তৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব৷ লক্ষণীয় বিষয়টো হৈছে, এন এইচ আই কতৃৰ্পক্ষই গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণৰ ঠিকা আৱণ্টন দিয়াৰ লগে লগে প্ৰস্তাৱিত ৰিং ৰোডটোৰ কাৰ্যতঃ ‘মালিক’ হৈ পৰিব গুজৰাটৰ বেচৰকাৰী সংস্থাটো৷ গুৱাহাটী ৰিং ৰোডৰ ঠিকা আৱণ্টনক লৈ উৎসাহিত হ’লেও ইয়াৰ আঁৰত নিৰুৎসাহিত কৰিব পৰা খবৰ অন্তঃনিৰ্হিত হৈ আছে৷ কিয়নো ব্যক্তিগত প্ৰতিষ্ঠানটোৱে গুৱাহাটী ৰিং ৰোডৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিয়াই নহয়, ৰাষ্ট্ৰীয় ঘাইপথটোৰ চাৰিমূৰত চাৰিখন টোল গেট স্থাপন কৰি প্ৰতিখন যান-বাহনৰ পৰা সংগ্ৰহ কৰিব কৰ৷ ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটৰ কৰ এন এইচ এ আই কতৃৰ্পক্ষই সংগ্ৰহ কৰে যদিও গুৱাহাটী ৰিং ৰোডৰ টোল কৰ সংগ্ৰহ কৰিব গুজৰাটৰ আহমেদাবাদৰ দিনেশ চন্দ্ৰ আৰ আগৰৱাল কোম্পানীয়ে৷ ব্যক্তিগত সংস্থাটোৱে এবছৰ বা দুবছৰৰ বাবে নহয়, সম্পূৰ্ণ ৩০ বছৰলৈ গুৱাহাটী ৰিং ৰোডত চলা প্ৰতিখন বাহনৰ পৰা টোল কৰ সংগ্ৰহ কৰিব৷ কিয়নো গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ বাবে ঠিকা লাভ কৰা নিৰ্মাণকাৰী সংস্থাটোৱে প্ৰকল্পটো ডি বি এফ অ’ টি (টোল) ভিত্তিত নিৰ্মাণ কৰিব৷ ডি বি এফ অ’ টি [টোল]ৰ অৰ্থ হৈছে ডিজাইন-বুইল্ড-ফাইনেন্স, অ’পাৰেট-ট্ৰেন্সফাৰ৷ অৰ্থাৎ গুৱাহাটী ৰিং ৰোডৰ নক্সা প্ৰস্তুত, নিৰ্মাণ, পুঁজি বিনিয়োগ, পৰিচালনা আৰু চৰকাৰক হস্তান্তৰৰ সকলো দায়িত্ব দিয়া হৈছে ঠিকাদাৰী প্ৰতিষ্ঠানটোক৷ এক কথাত প্ৰথমবাৰলৈ অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথক ব্যক্তিগত সংস্থাৰ হাতত তুলি দিয়া হ’ল৷ যিটো প্ৰতিষ্ঠানে অনাগত ৩০ বছৰলৈ গুৱাহাটী ৰিং ৰোডত চলাচল কৰা প্ৰতিখন বাহনৰ পৰাই টোল কৰ সংগ্ৰহ কৰিব৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ নিৰ্মাণ ব্যয় ৪,৬১৭.৪৫ কোটি টকা নিৰ্ধাৰণ কৰিছে৷


অৱশ্যে প্ৰকল্পটোৰ বাবে ৪,৬১৭.৪৫ কোটি টকা নিৰ্মাণ ব্যয় নিৰ্ধাৰণ কৰিছে যদিও কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক প্ৰত্যক্ষভাৱে এটকাও পুঁজি যোগান নধৰে৷ ইয়াৰ বিপৰীতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে উক্ত ৪,৬১৭.৪৫ কোটি টকা যান-বাহনৰ পৰা টোল কৰৰ জৰিয়তে সংগ্ৰহ কৰিব৷ নিবিদাৰ নিৰ্দেশ অনুসৰি গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণৰ বাবে ৰ,৪৬০ দিন অৰ্থাৎ ৪ বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবেও সময় সীমা বান্ধি দিছে৷ ৰিং ৰোডৰ নিৰ্মাণৰ বাবদ নিৰ্মাণ আৰম্ভ হোৱা দিনৰ পৰা ৩০ বছৰলৈ টোল কৰ সংগ্ৰহ কৰিব পাৰিব৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, অসমত আজিলৈকে কোনো নিৰ্মাণ প্ৰকল্পই নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ নজিৰ নাই৷ তদুপৰি সকলো প্ৰকল্পৰে নিৰ্ধাৰিত ব্যয় নিৰ্মাণ সম্পূৰ্ণ হোৱালৈ ২-৩ গুণলৈ ব্যয় বৃদ্ধি পায়৷ সেই দিশৰ পৰা চালে গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণৰ সময় আৰু নিৰ্মাণ ব্যয় বৃদ্ধি পোৱাটো নিশ্চিত৷ নিৰ্মাণৰ সময় আৰু ব্যয় বৃদ্ধি পালে ব্যক্তিগত প্ৰতিষ্ঠানটোৱে ৩০ বছৰতকৈ অধিক সময়ৰ বাবে টোল কৰ সংগ্ৰহ কৰিবলৈ সুযোগ লাভ কৰিব৷ লক্ষণীয় বিষয়টো হৈছে, গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে ৫,৭২৯ কোটি টকা অনুমোদন দিয়াৰ বিপৰীতে অসম চৰকাৰেও অতিৰিক্তভাৱে ১,০০০ কোটি টকা অনুমোদন জনাইছে৷ অৱশ্যে কেন্দ্ৰ-ৰাজ্য চৰকাৰে সৰ্বমুঠ ৬,৭২৯ কোটি টকা আবণ্টন দিলেও এই ধন ৰিং ৰোডটোৰ বাবে ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণ আৰু অন্যান্য চৰকাৰী কামতহে ব্যয় হ’ব৷ উল্লেখ্য, গুৱাহাটী ৰিং ৰোডটো বাইহাটা চাৰিআলিৰ পৰা কুৰুৱা, চন্দ্ৰপুৰ হৈ সোণাপুৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ চাৰিলেনযুক্তভাৱে নিৰ্মাণ কৰা হ’ব৷ তদুপৰি জয়ানগৰৰ পৰা যোৰাবাটলৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো ছয়লেনযুক্ত ঘাইপথলৈ উন্নীত হ’ব৷ নক’লেও স্পষ্ট যে গুৱাহাটীক চাৰিও দিশৰ পৰা সংযোগ কৰি ৰিং আকাৰে নিৰ্মাণ হ’বলগীয়া পথটোৰ প্ৰতিটো প্ৰৱেশদ্বাৰতে টোল গেট নিৰ্মাণ কৰিব ব্যক্তিগত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে৷ ইফালে, গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণৰ ঠিকা আৱণ্টনৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে পলাশবাৰীত সাংবাদিকৰ আগত কয়–‘ৰিং ৰোডৰ ঠিকাৰ কাম আৱণ্টন কৰা হৈছে৷ দুমাহৰ ভিতৰত তীব্ৰ গতিত কাম আৰম্ভ হ’ব৷ দুবছৰৰ ভিতৰত ৰিং ৰোডৰ নিৰ্মাণ সম্ভৱ হৈ উঠিব৷ ৰিং ৰোড হোৱাৰ পাছত বিমান বন্দৰলৈকে এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ’ব৷ নাৰেংগী-কুৰুৱা দলঙো ইয়াৰ সৈতে সংলগ্ন হ’ব৷ ইয়াৰ উপৰি নগাঁও-মৰিগাঁৱতো ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ’ব৷ আগলৈ মাজুলী আৰু কমলাবাৰীতো ব্ৰহ্মপুত্ৰত দলং হ’ব৷ অসমৰ প্ৰত্যেকখন জিলাতে উত্তৰ-দক্ষিণ পাৰক সংযোগ কৰি ব্ৰহ্মপুত্ৰত একোখনকৈ দলং হ’ব৷ ৰিং ৰোডৰ মাধ্যমেৰে এক বৃহৎ পৰিৱৰ্তন আহিব৷ ৰিং ৰোডে দক্ষিণ-পূব এচিয়াৰ দুৱাৰমুখ হিচাপে গুৱাহাটীক এক নতুন মাত্ৰা প্ৰদান কৰিব৷’