Logo
image

বুধবাৰে আমেৰিকালৈ মোদী, ট্ৰাম্পৰে বৈঠক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ ফেব্ৰুৱাৰীঃ  ঔপনিবেশিক ভাৰতত দখলদাৰী ব্ৰিটিছে শিকলিৰে হাত-ভৰি বন্ধাৰ দৰে ১০৪ ভাৰতীয়ক আমেৰিকাৰ পৰা হাত-ভৰি বান্ধি আমেৰিকাই দেশান্তৰ কৰাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ দিন-বাৰ চূড়ান্ত কৰিছে নতুন দিল্লীয়ে৷ ভাৰতীয় বৈদেশিক মন্ত্ৰণলয়ে জনোৱা অনুসৰি অহা বুধ-বৃহস্পতিবাৰে মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিব৷ মাথোঁ এদিন পূৰ্বে ভৰা সদনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে অসহায় হৈ স্বীকাৰোক্তি দিছিল–  ‘আমেৰিকাই হাত-ভৰি শিকলিৰে বান্ধি দেশান্তৰ কৰাটো তেওঁলোকৰ নিয়ম৷ সেই নিয়ম পালন কৰিয়েই আমেৰিকাই ভাৰতীয় নাগৰিকক বহিষ্কাৰ কৰিছে৷’ এছ জয়শংকৰে আমেৰিকাৰ কাৰ্যকলাপত ভাৰত একমত বুলি সদনত স্বীকাৰ কৰা সত্ত্বেও দেশজুৰি এই ঘটনাত ক্ষোভৰ উদ্‌গীৰণ ঘটিছে৷ আমেৰিকাৰ অমানৱীয় কাৰ্য মোদী চৰকাৰে ৰোধ কৰিব নোৱাৰিলেও বিৰোধী ৰাজনৈতিক দলে দেশৰ সন্মানহানিকৰ এই কাৰ্যত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ এনে এক প্ৰতিকূল পৰিস্থিতিৰ মাজত কোন সতেৰে প্ৰধানমন্ত্ৰীয়ে আমেৰিকা ভ্ৰমণ কৰিবলৈ ওলাইছে বুলি প্ৰশ্ন উত্থাপন হৈছে৷


প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণৰ সূচী নিৰ্ধাৰণ হোৱাৰ সময়তে ট্ৰাম্প প্ৰশাসনে আৰু ৪৮৭ জন ভাৰতীয়ক দেশান্তৰ কৰিবলৈ সাজু হৈছে৷ তেওঁলোক যে ভাৰতীয় নাগৰিক সেয়া মোদী চৰকাৰেই চিহ্নিত কৰি দিয়া বুলি ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে৷ বৈদেশিক সচিব বিক্ৰম মিশ্ৰিয়ে এই তথ্য প্ৰকাশ কৰি কৈছে যে দেশান্তৰিত কৰিবলগীয়া ভাৰতীয়ৰ সংখ্যা ততোধিক হ’ব পাৰে৷ মোদীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বেই তেওঁলোকক দেশান্তৰ কৰা হ’ব নে আৰু এইবাৰো হাত-ভৰি শিকলিৰে বান্ধি দেশান্তৰ কৰা হ’ব সেই বিষয়ে বৈদেশিক মন্ত্ৰণালয়ে নাজানে বুলি প্ৰকাশ কৰিছে৷

বেঞ্জামিন নেতান্যাহু আৰু জাপানৰ শ্বিগেৰু ইছিবাৰ পাছতে তৃতীয়জন ৰাষ্ট্ৰপ্ৰধান হিচাপে মোদীক ট্ৰাম্পে আমন্ত্ৰণ কৰাত নতুন দিল্লী গৌৰৱান্বিত৷ তেওঁ ট্ৰাম্পৰ সৈতে শুল্ক আৰু অবৈধ ভাৰতীয়ৰ বিষয়ত আলোচনা কৰিব৷ প্ৰসংগতঃ বন্ধু ট্ৰাম্পৰ ভাবুকিত ইতিমধ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে হাৰ্লি ডেভিডছন বাইকৰ শুল্ক   হ্ৰাস কৰাৰ কথা বাজেটত ঘোষণা কৰিছে৷