
ট্ৰাম্পে অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিয়াব পাৰে, আমি নোৱাৰোঁ কিয়
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ ফেব্ৰুৱাৰীঃ অসমৰ ডিটেনশ্বন কেম্পত বন্দী হৈ থকা ৬৩ অবৈধ বাংলাদেশীক বিতাড়ন নকৰাত পুনৰ সৰৱ হৈ পৰিল উচ্চতম ন্যায়ালয়৷ অসমত বন্দী ৬৩ বাংলাদেশী নাগৰিকৰ প্ৰত্যাৰ্পণৰ প্ৰসংগক লৈ উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ প্ৰশ্ন– ‘আমেৰিকাৰ ৰাষ্ট˜পতি ড’নাল্ড ট্ৰাম্পে যদি ভাৰতীয় অবৈধ প্ৰৱাসীক বিমানত তুলি নিজৰ দেশলৈ ঘূৰাই পঠিয়াব পাৰে, তেনেহ’লে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত একেই পদক্ষেপ লোৱাত অসুবিধা ক’তঞ্জ’ শুকুৰবাৰে বাংলাদেশী বিতাড়ন সম্পৰ্কীয় এটা গোচৰৰ শুনানি লৈ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ এ এছ ওকাৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক আমেৰিকাৰ উদাহৰণ দি দুসপ্তাহৰ ভিতৰত আটকাধীন বাংলাদেশীক প্ৰত্যাৰ্পণৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে৷ ন্যায়ালয়ে লগতে ট্ৰাম্পে যদি অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত দ্ৰুত ব্যৱস্থা ল’ব পাৰে, মোদী চৰকাৰৰ অসুবিধা ক’ত বুলিও প্ৰশ্ন কৰে৷ উল্লেখ্য, ২০০৯ চনৰ নৱেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধিসূচনাৰ অনুচ্ছেদ-২ (৫) ধাৰাত স্পষ্টকৈ উল্লেখ কৰিছিল যে বিদেশী চিনাক্ত কৰা আৰু প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া ৩০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব৷ কিন্তু ইয়াৰ পাছতো অসমৰ ডিটেনশ্বন কেম্পত ৬৩ বাংলাদেশীক বছৰ বছৰ ধৰি আবদ্ধ কৰি ৰখা হৈছে৷ বিনা বিচাৰে অনিৰ্দিষ্ট কালৰ বাবে আটক কৰি ৰখাতো ভাৰতীয় সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদৰ পৰিপন্থী বুলিও স্পষ্ট কৰি দিয়ে সৰ্বোচ্ছ ন্যায়ালয়ে৷ অৱশ্যে ডিটেনশ্বন কেম্পত বন্দী অবৈধ নাগৰিককেইজনক ‘বাংলাদেশী’ বুলি চিনাক্ত কৰা হৈছে যদিও তেওঁলোক কোন দেশৰ নাগৰিক সেয়া তথ্য সহকাৰে প্ৰমাণ কৰিব পৰা নাই৷ আনকি ঢাকাই তেওঁলোক বাংলাদেশী নাগৰিক বুলি মানি লোৱা নাই আৰু ঘূৰাই ল’বও বিচৰা নাই৷ কেন্দ্ৰীয় চৰকাৰৰ এই যুক্তিৰ প্ৰত্যুত্তৰত উচ্ছতম ন্যায়ালয়ৰ মন্তব্য– ‘কাৰোবাক ‘বিদেশী’ বুলি চিহ্নিত কৰিলে অবিলম্বে নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ দায়িত্ব হৈছে চৰকাৰৰ৷ ঠিকনা নজনা অজুহাত কেতিয়াও গ্ৰহণযোগ্য নহয়৷ অনুপ্ৰৱেশকাৰীসকল যি দেশৰ নাগৰিক সেই দেশৰ ৰাজধানীলৈ ঘূৰাই পঠাব লাগে৷’
অসন্মানজনক বিতাড়ন, কংগ্ৰেছৰ বিক্ষোভ
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ আমেৰিকাৰ পৰা ভাৰতীয় মানুহক নিৰ্মমভাৱে হাতে-ভৰিয়ে শিকলি বান্ধি মাৰ্কিন সেনাৰ কাৰ্গো বিমানত অসন্মানজনকভাবে বিতাড়ন কৰা জঘন্য ঘটনাৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বিশ্বগুৰু বুলি নিজকে ঘোষণা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সময়ে সময়ে ড’নাল্ড ট্ৰাম্প তেওঁৰ বন্ধু বুলি জাহিৰ কৰি আহিছে যদিও সেই ড’নাল্ড ট্ৰাম্পে পুনৰ শাসনভাৰ লৈয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা ভাৰতীয় নাগৰিকসকলক নিৰ্দয়ভাৱে খেদি পঠিওৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে অসম প্ৰদেশ কংগ্ৰেছে কমিটীয়ে৷ সমগ্ৰ দেশত শুকুৰবাৰে এনে কাৰ্যৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে৷ সেই প্ৰতিবাদী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়, ৰাজীৱ ভৱনত দিনৰ ১১.৩০ বজাৰ পৰা অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা সকলোৱে হাতে হাতে প্লেকাৰ্ড, পোষ্টাৰ লৈ বিজেপিৰ বৈদেশিক নীতি হায়ঃ হায়ঃ, ডঅনাল্ড ট্ৰাম্প-মোদী ভাই ভাই, ভাৰতীয়ৰ আজি কিয় মান নাই আদি শ্লোগান দি আমেৰিকা যুক্তৰাষ্ট্ৰত সংস্থাপন বিচাৰি যোৱা ভাৰতীয়ক অমানৱীয়ভাৱে বিতাড়িত কৰা ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনায়৷ গুৱাহাটীৰ লগতে ৰাজ্যৰ আন আন প্ৰান্ততো শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লখিমপুৰৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়৷ ইফালে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদৰ সময়তে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা বিধায়ক কথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, নন্দিতা দাস, উমেশ ডেকা, দেৱী ডেকা কৰ্মকাৰ, বাহাৰুল ইছলাম, খলিলুৰ ৰহমান, আখতাৰ হুছেইন, নাজিৰুদ্দিন আহমেদ, ৰাজু আহমেদ, জাহানুদ্দিন, জাকিৰ হুছেইন, আৰিফুল আলম হাজৰিকাক মহানগৰ আৰক্ষীয়ে আটক কৰে৷ আনহাতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, প্ৰাক্তন সাংসদ, আৰ. পি শৰ্মা, বিধায়িকা নন্দিতা দাস, বিধায়ক ৰেকিবুদ্দিন আহমেদ, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা আদিকে ধৰি কেবাজনো নেতাই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা কেবা শতাধিক কংগ্ৰেছ কৰ্মীক আৰক্ষীৰ বাধা স্বত্বেও কাৰ্যসূচীত ভাগ লোৱা বাবে ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে প্ৰতিবাদী সভাখনৰ আঁত ধৰে সাংগঠনিক সম্পাদক বিপুল কুমাৰ গগৈয়ে৷
তেজপুৰতো কংগ্ৰেছৰ প্ৰতিবাদ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ আমেৰিকাত ভাৰতীয় প্ৰব্ৰজনকাৰী সকলৰ ওপৰত অমানৱীয় নিৰ্যাতন সম্ভৱ হৈছে দেশৰ বিজেপি চৰকাৰৰ বাবেই৷ নিজকে তথাকথিত বিশ্বগুৰু বুলি জাহিৰ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বৰূপ আমেৰিকাত সংঘটিত ঘটনাৱলীয়ে উদঙাই দিছে৷ তেজপুৰত আজি এইদৰে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিয়ে৷ উল্লেখযোগ্য যে, আজি দিনৰ প্ৰায় ১-৩০বজাত তেজপুৰস্থিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা শোণিতপুৰৰ আয়ুক্ত কাৰ্যালয়লৈ শোণিতপুৰ জিলা কংগ্ৰেছে এক প্ৰতিবাদী সমদল কৰে৷ আয়ুক্ত কাৰ্যালয়ৰ সমীপত নিৰাপত্তাবাহিনীৰ আবেষ্টনীৰ বিপৰীতে অৱস্থান কৰি কংগ্ৰেছ কৰ্মী সকলে নৰেন্দ্ৰ মোদী হায়, হায়, বিজেপি চৰকাৰ লেইলেইছেইছেই, প্ৰবাসী ভাৰতীয়ৰ ওপৰত আমেৰিকাত চলা নিৰ্যাতন বন্ধৰ ব্যবস্থা কৰক, বিজেপি চৰকাৰ হুচিয়াৰ আদি বিভিন্ন ধবনি দি পৰিস্থিতি উত্তাল কৰি তোলে৷ স্থানীয় কংগ্ৰেছ নেতা মনোৰঞ্জন চাহা, গিৰীণ ভূঞা, পল্লবী শইকীয়া, চাকিল আহমেদ প্ৰমুখ্যে বহু কংগ্ৰেছ কৰ্মীয়ে অংশ লয়৷
কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল যোৰহাট
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ আমেৰিকাত থকা ভাৰতীয় অনুপ্ৰৱেশকাৰীক শিকলিৰে হাত ভৰি বান্ধি সামৰিক বিমানত তুলি ভাৰতৰ অমৃতসৰ বিমান বন্দৰত নমাই থোৱাৰ ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে যোৰহাট জিলা কংগ্ৰেছ৷ আজি জিলা কংগ্ৰেছৰ নেতৃত্বত দলৰ নেতা কৰ্মীসকলে ভাৰতক কৰা অপমান বন্ধ কৰক, ভাৰতীয়ৰ সন্মান ৰক্ষা কৰিব নোৱৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰক আদি শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে৷ এই সম্পৰ্কত প্ৰতিবাদকাৰীসকলক নেতৃত্ব দিয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আচিফ ইকবাল হাজৰিকাই কয় যে বিদেশী বিতাড়ন কৰাৰ অধিকাৰ সকলো দেশৰে আছে কিন্তু আমেৰিকাই দেশখনত থকা ভাৰতীয় অনুপ্ৰৱেশকাৰীক হাতে ভৰিয়ে শিকলিৰে বান্ধি যি বৰ্বৰ আচৰণ প্ৰদৰ্শনেৰে বিমানত উঠাই ভাৰতৰ মাটিত নমাই থৈ গ’ল, তাৰ যোগেদি ভাৰতবাসীক চৰম অন্যায় কৰিছে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৌনব্ৰত ধৰাটো অতিশয় নিন্দনীয় বুলি উল্লেখ কৰি হাজৰিকাই কয় যে যি সময়ত কলম্বিয়াৰ দৰে এখন সৰু দেশে আমেৰিকাত থকা কলম্বিয়ান অনুপ্ৰৱেশকাৰীক হাতে ভৰিয়ে শিকলি লগাই বিমানত তুলি দেশখনলৈ প্ৰেৰণ কৰিব বিচৰাত কলম্বিয়াৰ ৰাষ্ট˜পতিয়ে আমেৰিকাৰ তেনেদৰে অনুপ্ৰৱেশকাৰীক প্ৰেৰণ নকৰিবলৈ সতৰ্ক কৰি দিয়ে, তেনে সময়ত ভাৰতে আমেৰিকাৰ অমানৱীয় কাৰ্যৰ বিৰুদ্ধে মৌন হৈ থকাটো গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰি হাজৰিকাই প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিছে৷ ইফালে জিলা মহিলা কংগ্ৰেছৰ সভাপতি বন্তি গন্ধীয়ায়ো ভাৰতীয় নাগৰিকক হাতে ভৰিয়ে শিকলি লগোৱা ঘটনাৰ গৰিহণা দি এনে কাৰ্যৰ বিৰুদ্ধে গৰিহণা দিয়াৰ লগতে এই ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মৌনতাক তীব্ৰ বিৰোধিতা কৰি তেওঁৰ পদত্যাগ দাবী কৰে৷