
৫ শতাধিক সংগীসহ আজি ইউপিপিএললৈ খাম্ফা বৰগয়াৰী
‘আমাৰ অসম’ৰ কোক্ৰাঝাৰৰ বিশেষ প্ৰতিনিধি, ৭ ফেব্ৰুৱাৰীঃ প্ৰায় দুই দশক ধৰি বিপিএফত হাগ্ৰামা মহিলাৰীৰ থিংক টেংক আৰু সোঁহাত বুলি পৰিচিত বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে কাইলৈ আনুষ্ঠানিকভাৱে যোগদান কৰিব ইউপিপিএলত৷ লগত বিপিএফৰ প্ৰায় ৪০০-৫০০ তৃণমূলৰ নেতা-কৰ্মীলৈ কাইলৈ ইউপিপিএলত যোগ দিব খাম্পাই৷ গৃহ সমষ্টি চিৰাঙৰ থাইকাঝাৰত কাইলৈ ইউপিপিএলত যোগ দিয়াৰ পূৰ্বে আজি কোকৰাঝাৰৰ বড়োফা নগৰস্থিত বাসগৃহত এক সংবাদমেল সম্বোধন কৰে খাম্পা বৰগয়াৰীয়ে৷ সংবাদমেলত বৰগয়াৰীয়ে কয়–‘মই স্বইচ্ছাই বিপিএফ দল ত্যাগ কৰিছো৷ বিপিএফত যোগাত্মক চিন্তা ধাৰা, উমৈহতীয়া সিদ্ধান্তৰ অভাৱ৷ ইউপিপিএলৰ নেতৃত্ব গণতান্ত্ৰিক৷ দলটোৰ মজিয়াত ভাল আলোচনা হয়৷ পাঁচ মাহ ধৰি চিন্তা চৰ্চা কৰিহে মই এই সিদ্ধান্ত গ্ৰহণ কৰিছো৷ বহুতে মোক লৈ চৰ্চা আৰম্ভ কৰিব, কিন্তু মই বুজি পাইছো যে ইউপিপিএল দলত যোগদান কৰিলে বিটিচিৰ সৰ্বাংগীন উন্নতিৰ কাম কৰিবলৈ সুবিধা হ’ব৷’ খাম্পাই লগতে কয় যে বিভিন্ন সময়ত বিপিএফ আৰু ইউপিপিএলে দলক একত্ৰিত কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল কিন্তু সফল হোৱা দেখা নগ’ল৷ তেওঁ বিটিচিৰ উন্নয়নৰ স্বাৰ্থত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপি এল দল একত্ৰিত হোৱা উচিত বুলিও মন্তব্য কৰে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে প্ৰায় দুই দশক ধৰি বিপিএফত হাগ্ৰামা মহিলাৰীৰ সোঁহাত হিচাপে থকা খাম্পা বৰগয়াৰী আছিল দলটোৰ প্ৰতিটো সিদ্ধান্ত, একশ্বনৰ আঁৰৰ মানুহ৷ কিন্তু ২০২০ চনত বিজেপি-ইউপিপিএলৰ ৰাজনীতিৰ পাকে ৰাজনীতিৰ পৰাই আতৰাই পঠিয়াইছিল বিপিএফক৷ উক্ত পৰিষদীয় নিৰ্বাচনত নিজ সমষ্টিতে হাৰিছিল খাম্পা৷ তাৰ পাছতো ২০২৪ ত বিপিএফে খাম্পাক কোকৰাঝাৰত লোকসভাত প্ৰাৰ্থিত্ব দিছিল যদিও হাৰিছিল খাম্পা৷ ইয়াৰ পাছত কেইবামাহ মৌনব্ৰত থকাত পাছত খাম্পাই বিজেপিত দুৱাৰত টোকৰ মাৰিছিল যদিও বিজেপিত সেই সুযোগ নাপায় অৱশেষত প্ৰমোদ বড়োৰ হাতত ধৰি টেক্টৰত উঠিল৷ খাম্পাৰ ইউপিপিএলত যোগদান নিশ্চিত হোৱাৰ পাছতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে নিৰ্বাচনত টিকট দিবলৈ মানুহেই বিচাৰি নাপাব হাগ্ৰামা মহিলাৰীয়ে৷ মানুহক মাতি মাতি টিকট দিব লাগিব হাগ্ৰামাই৷ হাগ্ৰামাৰ টকা-পইচা, পাৱাৰ ৰাজনীতিৰ খতম¸ হৈছে৷
বিপিএফৰ নেতা প্ৰেমধৰ বড়োৰ মৃত্যু
‘আমাৰ অসম’ৰ টংলাৰ প্ৰতিবেদকঃ ওদালগুৰি জিলাৰ টংলাৰ বিপএফৰ নেতা প্ৰেমধৰ বড়ো আৰু নাই৷ দীৰ্ঘদিন ধৰি দুৰাৰোগ্য আক্ৰান্ত হৈ থকা প্ৰেমধৰ বড়োই আজি টংলা নগৰৰ পূব নলবাৰীস্থিত বাসগৃহত ৫৪ বছৰ বয়সত হাৰ্টষ্ট্ৰোকত মৃত্যু হয়৷ সমাজহিতৈষী প্ৰেমধৰ বড়ো ওদালগুৰি জিলা ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি, বড়ো সমাজৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বিপিএফৰ খালিংদুৱাৰ ব্লক সমিতিৰ প্ৰাক্তন সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা লগতে বিভিন্ন অনুষ্ঠানৰ সৈতে জডিত আছিল৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী কন্যা, ভাতৃ, বোৱাৰী, আত্মীয়-স্বজন আৰু গুণমুগ্ধক এৰি থৈ যায়৷ তেওঁৰ বিয়োগত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী, কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য লৌমশ্ৰাউ দৈমাৰী, বনজাৰ দৈমাৰী, ভেৰগাঁও জিলা বিপিএফ, ভেৰগাঁও জিলা ট্ৰাইবেল সংঘ, ভেৰগাঁও জিলা বড়ো সাহিত্য সভা, টংলা এৱছু, এৰাবাৰী দৈমালু সংঘ, পূব টংলা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চ, ওদালগুৰি বাথৌ মহাসভা, টংলা আঞ্চলিক বাথৌ মহাসভা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত বড়া কোচ, ওদালগুৰি জিলা ৰাভা জাতীয় পৰিষদ, ওদালগুৰি জিলা বডোলেণ্ড ছাত্ৰ সন্থা ব্যক্তি, এৰাবৰী গাঁও উন্নয়ন সমিতি, টংলা প্ৰেছ ক্লাব আদি ব্যক্তি বিশেষে আৰু দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰা লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷