
হৰিনামৰ ধবনিৰে মুখৰ ম’হবন্ধা এৰালতলি পথাৰ
যোৰহাটৰ ম’হবন্ধাৰ এৰালতলি পথাৰৰ পৰা ৰমেন শইকীয়া আৰু নিৰঞ্জন মহন্ত আমাৰ অসমঃ ‘হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি’– মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ ভাগৱতী ধৰ্মৰ মানৱতাবাদী, অস্পৃশ্যতা আৰু উচ্ছ-নীচৰ ভেদভাৱহীন এখন সমতাপূৰ্ণ সমাজৰ বাবে মহাপুৰুষজনাই দেখুৱাই যোৱা আদৰ্শক সাৰোগত কৰি গঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনাও লোকাৰণ্য হ’ল যোৰহাট ম’হবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰ৷ উজনি-নামনি, উত্তৰপাৰ-দক্ষিণপাৰৰ পৰা অহা সংঘৰ হাজাৰ হাজাৰ ভক্তৰ লগতে হিলদল ভাঙি অহা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত প্ৰাণ পাই উঠা এৰালতলি পথাৰত যেন পৰিস্ফূত হৈছে এক ভেদাভেদহীন সমাজৰ ছবি৷ উপস্থিত সকলোকে কৃষ্ণ বাপ, আই মাতৃ সম্বোধনেৰে আদৰণি জনোৱাৰ লগতে চাহ-মিঠৈৰে আপ্যায়ন কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ ত্ৰুটী নৰখা সংঘৰ ভক্তসকলৰ লগতে অধিৱেশনখনৰ পৰিচালনাৰ বাবে নিয়োগ কৰা ১০ হাজাৰ স্বেচ্ছাসেৱকে ৰাইজৰ প্ৰতি আগবঢ়োৱা সেৱাই অধিৱেশনলৈ যোৱা সকলোকে আকৃষ্ট কৰিবলৈ সক্ষম হৈছে৷ ইফালে বিশাল আয়োজনেৰে আধ্যাত্মিকতা আৰু কলাকৌশল প্ৰয়োগেৰে অধিৱেশনৰ চৌহদত নিয়োগ কৰা প্ৰতিনিধি শিবিৰ, প্ৰদৰ্শনী ঘৰ, গ্ৰন্থ আৰু বাণিজ্য বিপণী আদিয়ে ৰাইজক আকৰ্ষণ কৰিছে৷ ইফালে অধিৱেশনখনৰ বৃহস্পতিবাৰে অনুষ্ঠিত কাৰ্যসূচীলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমন্ত্ৰণ জনোৱা হৈছিল৷ কিন্তু নিৰ্ধাৰিত কাৰ্যসূচীত তেওঁলোক উপস্থিত নহ’ল৷ অধিৱেশনস্থলীত আজি পুৱা পৰিৱেশ নিকাকৰণৰ পাছতে অস্থায়ী নামঘৰত সমবেত হোৱা ভকত আৰু আইসকলে প্ৰাতঃ প্ৰসংগ আৰু নাম প্ৰসংগ কৰে৷ প্ৰতিনিধিৰ সভাকক্ষত সংঘৰ ৫৪খন জিলাৰ সভাপতি, সম্পাদকৰ সন্মিলনৰ পাছতে ১২.৩০ বজাৰ পৰা পদাধিকাৰ তীৰ্থনাথ গোস্বামী সোঁৱৰণী মূল সভাকক্ষত সাহিত্য শাখাৰ সভাপতি জগত চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে শ্ৰীমন্ত শংকৰদেৱে মধ্য যুগতে ধৰ্মৰ আন্দোলন কৰিছিল৷ মানৱৰ পূৰ্ণতা তথা সমাজক শৃংখলিত কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় সম্পদো দি থৈ গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে৷ সাহিত্য সৃষ্টিৰে আপুৰুগীয়া সম্পদ দিলে মানৱ সমাজক৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাত সকলোৱেই গৌৰৱবোধ কৰিছে৷ কিন্তু, ভাষাটোৰ স্বীকৃতিৰ বাবে যিমানখিনি তথ্য ভাৰত চৰকাৰক দিবলগীয়া হৈছিল তাৰ অধিক সংখ্যক সমলেই আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লেখি থৈ যোৱা ৰচনাসমূহ৷ সেয়ে শংকৰদেৱৰ প্ৰতি অসমীয়া ৰাইজৰ লগতে অসম চৰকাৰো চিৰদিন কৃতজ্ঞ হৈ থাকিব৷ শ্ৰীমন্ত শংকৰদেৱক কেৱল অসমতে সীমাবদ্ধ নাৰাখি দেশত তথা বিশ্বত চিনাকি কৰোৱাৰ উদ্দেশ্যেই অসম চৰকাৰে দিল্লী বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ত একোখনকৈ আসন শংকৰদেৱৰ নামত প্ৰতিষ্ঠা কৰা হৈছে৷ তদুপৰি, পশ্চিমবংগৰ শান্তি নিকেতনতো এখন আসন প্ৰতিষ্ঠাৰ বাবে ব্যৱস্থা কৰা হ’ব৷ অসম চৰকাৰে প্ৰতিখন আসনতে দহ কোটিকৈ টকা ব্যয় কৰিবলৈ পৰিকল্পনা কৰিছে৷ এই আসনসমূহৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰাজি গৱেষণা কৰি সমগ্ৰ বিশ্বতে প্ৰচাৰ-প্ৰসাৰ কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে৷ তদুপৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰশংসাৰ যোগ্য এইবাবেই যে সংঘই নিজস্বভাৱে গুৰুজনাৰ নামত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰি ১৩টা বিভাগ পৰিচালনা কৰি আছে৷ চৰকাৰেও এই বিশ্ববিদ্যালয়খন পৰিচালনাৰ বাবে সংঘৰ লগত থাকিব৷ শংকৰদেৱে লেখা ৰচনাসমূহৰ অনুদিত ৰচনাৱলী বৰ্তমানলৈকে প্ৰকাশ পোৱা নাই৷ তেনে কাম কৰিলে শিক্ষামন্ত্ৰী হিচাপে সহায়-সহযোগ কৰা হ’ব৷ কিয়নো অসম চৰকাৰে চলিত বৰ্ষটো গ্ৰন্থ বৰ্ষৰূপে পালনৰ পৰিকল্পনা কৰিছে৷ গ্ৰন্থৰ পৃথিৱীখনত বিচৰণ নকৰিলে বৌদ্ধিকভাৱে অসমীয়া জাতিটোৰ মৃত্যু হ’ব৷ বৌদ্ধিক, আধ্যাত্মিক আন্দোলনত সকলোৱেই অংশ লোৱাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘইও গ্ৰন্থৰ বৰ্ষ আন্দোলনটোত উদ্যোগ লোৱা উচিত বুলি শিক্ষামন্ত্ৰীজনে বক্তব্যত উল্লেখ কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ অশোক কুমাৰ বৰাই উদ্বোধন কৰা সভাখনত নিৰ্দিষ্ট বক্তাৰূপে ভাষণ আগবঢ়ায় ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ অঞ্জন কুমাৰ ওজাই৷ সংঘৰ যোৰহাট জিলা সংস্কৃতি শাখাৰ শিল্পীসকলে সমূহীয়াকৈ পৰিৱেশন কৰা বৰগীত পৰিৱেশনৰে আৰম্ভ হোৱা সভাখনত বিশিষ্ট অতিথিৰূপে বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড॰ দেৱভূষণ বৰা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ শৰৎ হাজৰিকাই বক্তব্য আগবঢ়োৱাৰ লগতে সংঘৰ পদাধিকাৰ ড॰ ভবেন্দ্ৰনাথ ডেকা, প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াসহ বিষয়ববীয়াসকল উপস্থিত থাকে৷ সাহিত্য শাখাৰ সভাপতি জগত চন্দ্ৰ কলিতাই ছপা অভিভাষণ উপস্থিত থকাসকলক প্ৰদান কৰে৷ তাৰপাছতে বৰগীত পৰিৱেশনৰে আৰম্ভ হোৱা সংস্কৃতি শাখাৰ মুকলি সভাত সভাপতিত্ব কৰে পবিত্ৰপ্ৰাণ বৰাই৷ তেৱোঁ ছপা অভিভাষণ উপস্থিত থকাসকলক প্ৰদান কৰা সভাখন উদ্বোধন কৰে সংগীত নাটক একাডেমীৰ বঁটাপ্ৰাপক ৰামকৃষ্ণ তালুকদাৰে৷ নিৰ্দিষ্ট বক্তাৰূপে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড॰ প্ৰদীপজ্যোতি মহন্তই আৰু বিশিষ্ট অতিথিৰূপে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ড॰ ৰাতুল চন্দ্ৰ বৰাই ভাষণ আগবঢ়ায়৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কুমুদ কছাৰীয়ে অংশগ্ৰহণ কৰে৷ সন্ধিয়া সমূহীয়া প্ৰাৰ্থনা, নাম-প্ৰসংগৰ পাছতে সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে গোলাঘাটৰ শংকৰী সংস্কৃতিৰ সাধক অজিত কুমাৰ বৰাই৷ নাটঘৰত অংকীয়া নাট প্ৰদৰ্শনৰ লগতে প্ৰতিনিধিৰ সভাকক্ষত পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাখন উদ্বোধন কৰে সংঘৰ কেন্দ্ৰীয় পুথিভঁৰাল সমিতিৰ সভাপতি বীৰেন বৰাই৷ আদৰণী ভাষণ আগবঢ়ায় অসম চৰকাৰৰ বিত্ত, শিশু-মহিলা উন্নয়ন দপ্তৰৰ মন্ত্ৰী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংঘৰ ম’হবন্ধা এৰালতলি অধিৱেশনৰ আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি অজন্তা নেওগে৷
ভকত, আই, দৰ্শনাৰ্থী অসুস্থঃ অধিৱেশনত অংশগ্ৰহণ কৰা ভকত, আইৰ লগতে দৰ্শনাৰ্থীৰূপে উপস্থিত হোৱা বহুকেইজন লোক আজি অসুস্থ হৈ পৰিছে৷ পানী কমকৈ খোৱা, ৰ’দত অধিক সময় থিয় হৈ থকা, ধূলিময় পৰিৱেশ, পানীৰ পৰিৱৰ্তন আদিৰ বাবেই এনে হোৱা বুলি চিকিৎসকৰ সূত্ৰত প্ৰকাশ৷ অধিৱেশনস্থলীতে ১৫ জনীয়াকৈ দুজন চিকিৎসকসহ থকা দলৰ পৰা জানিব পৰা মতে, ইয়াৰ অধিকসংখ্যকেই বয়সস্থ লোক আৰু শিশু৷ অসুস্থ হোৱাসকলক চিকিৎসা প্ৰদান কৰি কিছু সময় জিৰণি লোৱাৰ পাছতে সুস্থ হৈ পৰিছে৷ চিকিৎসা সেৱা কেন্দ্ৰত জ্জ্ব ঘণ্টাকৈ তিনিটা দলে অধিৱেশনস্থলীত সেৱা আগবঢ়াইছে৷ ১০৮ যোগে প্ৰতিগৰাকী অসুস্থ হোৱা ব্যক্তিকে চিকিৎসা সেৱা কেন্দ্ৰটোলৈ আনি থকাত এক চিন্তনীয় বিষয় হৈ পৰিছে৷
বহিঃবাণিজ্য, গ্ৰন্থমেলা প্ৰদৰ্শনীত অসংখ্য লোকৰ সমাগমঃ অধিৱেশনস্থলীৰ বাৰশ বিঘা ভূমিৰ উপৰিও অধিক স্থানত বহিঃ বাণিজ্যই আৱৰি ধৰিছে৷ তদুপৰি, আদৰণী সমিতিয়ে নিৰ্দিষ্ট কৰা স্থানত আঠশৰো অধিক ষ্টলত গ্ৰন্থ আৰু অন্যান্য ব্যৱসায়-প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী অনুষ্ঠানে সামগ্ৰী প্ৰদৰ্শন কৰিছে৷ সভাগৃহৰ বিপৰীতে এই স্থানতে অত্যধিক লোকে পদাৰ্পণ কৰি পছন্দৰ সামগ্ৰী ক্ৰয় কৰিছে৷
গ্ৰন্থ বিপণীৰ পৰা শংকৰদেৱৰ আদৰ্শৰ পৰিপন্থী গ্ৰন্থ জব্দঃ অধিৱেশন স্থলীত থকা গ্ৰন্থমেলাৰ এখন গ্ৰন্থ বিপণীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ পৰিপন্থী গ্ৰন্থ বিক্ৰী কৰি থকা সেৱা বাহিনীৰ সদস্যৰ দৃষ্টিগোচৰ হয়৷ লগে লগে সেৱাবাহিনীৰ স্বেচ্ছাসেৱকসকল সমবেত হৈ বিপণীখনৰ পৰা শংকৰদেৱৰ আদৰ্শৰ পৰিপন্থী কিতাপসমূহ জব্দ কৰি ভৱিষ্যতে কোনো দিনাই সংঘৰ অধিৱেশনত এনে কিতাপ বিক্ৰী কৰাৰ চেষ্টা নকৰিবলৈ সকীয়াই দিয়ে৷ অৱশ্যে, অধিৱেশনৰ পাছত কিতাপসমূহ চমজাই দিব বুলি বিপণীখনৰ স্বত্তাধিকাৰক জনাই দিয়ে৷
কৰুণ দৃশ্যঃ বহুজন অৰ্থৱান লোক অধিৱেশনস্থলীত উপস্থিত হৈ মন পছন্দৰ সামগ্ৰী ক্ৰয় কৰাৰ লগতে আদৰণী সমিতিয়ে মুক্তভাৱে বিতৰণ কৰা চাহ, পিঠা, মিঠৈ, অন্ন আদিৰে অপ্যায়ন কৰিছে৷ ইয়াৰ মাজতে একাংশই হাতত পাত্ৰ লৈ ভিক্ষা কৰি থকা দৃশ্যই বহুজনক কন্দুৱাইছে৷ বহুজন দৰিদ্ৰ শিল্পীয়ে বাদ্যযন্ত্ৰ বজাই গীত আদি গাই পেটৰ ভাত মুঠি মুকলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ ভিতৰত অন্ধ আৰু দিব্যাংগ শিল্পীও আছে৷ এই ক্ষেত্ৰত অধিৱেশনত উপস্থিত অধিক সংখ্যকেই নিৰৱ দৰ্শক৷
মনোৰঞ্জনঃ দিল্লীৰ সংসদ ভৱনৰ আৰ্হিত সজা প্ৰতিনিধিৰ সভাকক্ষ, সমীপতে থকা পুখুৰীটোত সজাই ৰখা বগলী, মাছ, চৈদিয়া নাও, সেৱা বাহিনীৰ শিবিৰ ‘বঢ়াৰ পো’ সন্মুখত সজাই তোলা দৃশ্যাংশ অসমীয়া লোকৰ গাঁৱৰ পৰিৱেশ, যুৰীয়া জতায়ু পক্ষী আকাৰৰ তোৰণ, শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নাটসমূহ প্ৰদৰ্শন, গ্ৰন্থমেলা প্ৰদৰ্শনীস্থলীত সাজি উলিওৱা আইফেল টাৱাৰ, মহাভাৰতৰ যুদ্ধৰ চক্ৰবেহুৰ সৈতে অধিকসংখ্যক লোকেই আলোকচিত্ৰ গ্ৰহণ আৰু ছেলফি লোৱাত ব্যস্ত হৈ পৰিছে৷ চক্ৰবেহুত বহুজন সোমাই আবদ্ধও হৈছে৷ ইফালে, মূল মঞ্চৰ হাজাৰৰো অধিক আসন উকা হৈয়ে আছে৷ এৰালতলি পথাৰলৈ চাৰিওফালৰ পৰা অধিৱেশনস্থলী দৰ্শনৰ বাবে জনস্ৰোত হৈছে৷ জ্ঝ ফেব্ৰুৱাৰীত অধিৱেশনৰ সামৰণী পৰিছে৷