Logo
image

প্ৰচাৰ বিমুখ এদল চিকিৎসক তথা চিকিৎসাকৰ্মীৰ মহানুভৱতা

'আমাৰ অসম'ৰ বজালীৰ প্ৰতিবেদক, ৮ ফেব্ৰুৱাৰীঃ সদ্যসমাপ্ত অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পাঠশালা অধিৱেশনৰ বিশাল জনসমুদ্ৰৰ মাজত নিৰলে বহি  চিকিৎসা সেৱা আগবঢ়াই গ'ল বজালীৰ এদল চিকিৎসক তথা চিকিৎসাকৰ্মীয়ে। সংবাদকৰ্মী, সাহিত্য সভাৰ বৰমুৰীয়া তথা প্ৰচাৰ বিভাগৰ অজ্ঞাতে ৰৈ গ'ল মানৱদৰদী চিকিৎসকলৰ সেৱা শুশ্ৰূষাৰ কথা৷ অধিৱেশনৰ সময়চোৱাত উপৰ্যুপৰি বিভিন্ন বাতৰিৰ মাজত হেৰাই থাকিল এই সকল মানৱদৰদী চিকিৎসক সকলৰ চিকিৎসা সেৱাৰ বা-বাতৰি৷ তথাপিও জনসাধাৰণৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যৰ বাবেই নিষ্ঠাসহকাৰে কাম কৰি গ'ল এই সকল প্ৰচাৰ বিমুখ চিকিৎসকে৷ পাঠশালাৰ ৭৭ সংখ্যক অধিৱেশনৰ এঘাৰশ বিঘা মাটি-কালিৰে আৱৰা বিশাল ক্ষেত্ৰখনৰ এচুকত অস্থায়ীভাৱে নিৰ্মাণ কৰা চিকিৎসা শিবিৰত দিন-ৰাতি একাকাৰ কৰি অধিৱেশনত অসুস্থ হৈ পৰা দৰ্শনাৰ্থীক নিঃস্বাৰ্থভাৱে সেৱা-শুশ্ৰূষা আগবঢ়াই গ'ল সদ্যসমাপ্ত অসম সাহিত্য সভা অধিৱেশনৰ উদযাপন সমিতিৰ স্বাস্থ্য উপ সমিতিয়ে৷ এই স্বাস্থ্য উপসমিতিৰ লগত জড়িত আছিল ডাঃ দিগন্ত চৌধুৰী, ডাঃ চক্ৰপাণি শৰ্মা, ডাঃ দেৱজীৎ চৌধুৰী প্ৰমুখ্যে প্ৰায় এশৰ পৰা ডেৰশ গৰাকী চিকিৎসক তথা চিকিৎসাকৰ্মী৷ এই সকল চিকিৎসাকৰ্মীয়ে নিৰবিচ্ছিন্ন সেৱা আগবঢ়াই অধিৱেশনস্থলীত অসুস্থ হৈ পৰা বহু দৰ্শনাৰ্থীক সুস্থ কৰি আনন্দ মনেৰে ঘৰলৈ পঠিয়াইছিল৷ 


বিগত ৫ দিনত অধিৱেশনস্থলীত অসুস্থ হৈ পৰা প্ৰায় আঠশ ৰোগীক চিকিৎসা আগবঢ়াইছিল স্বাস্থ্য উপ-সমিতিয়ে৷ স্বাস্থ্য উপ-সমিতিৰ সভাপতি তথা বজালীৰ এজন বিশিষ্ট চিকিৎসক, লেখক ডাঃ হিতেশ তালুকদাৰ আৰু সম্পাদক ডাঃ দীপজ্যোতি দাসে জানিবলৈ দিয়া অনুসৰি অসুস্থ হৈ পৰা কোনোবা ৰোগীক অধিৱেশনস্থলীৰ পৰা  উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিবলৈ দুখন ১০৮ এম্বুলেঞ্চো সাজু কৰি থৈছিল ৷ এই ১০৮ৰ দায়িত্বত আছিল ডি এম ই মনজোস্নাৎ শৰ্মা নামৰ এগৰাকী মহিলা স্বাস্থ্য বিষয়া ৷ দুয়োখন গাড়ী যথা সময়ত ব্যৱহাৰ কৰি থকা হৈছে বুলিও শৰ্মাই জানিবলৈ দিয়ে৷ ইয়াৰ উপৰিও খোজ কাঢ়িবলৈ অসুবিধা হোৱা বয়োজ্যেষ্ঠ সকলৰ বাবে হুইল চেয়াৰ, ড্ৰজাৰ আদিও ব্যৱহাৰ কৰা হৈছিল৷ আনহাতে আপৎকালীন সময়ত প্ৰয়োজন হোৱাকৈ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জন চক্ৰৱৰ্তীৰ অনুমতি সাপেক্ষে একেলগে বহুতো ৰোগীক চিকিৎসা সেৱা আগবঢ়াবলৈ কেইবাটাও শ্ৰেণীকোঠা সাজু কৰি থোৱা হৈছিল৷ অনুৰূপ ধৰণে পাঠশালাৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়খনে ডেজিগনেটেড চিকিৎসালয় হিচাপে সাজু কৰি ৰখা হৈছিল বুলি স্বাস্থ্য উপ-সমিতিয়ে জানিবলৈ দিয়ে।