Logo
image

জাপি শিল্পক লৈ আত্মসংস্থাপনৰ পথ মোকলাইছে টিহুৰ এহাল দম্পতীয়ে

'আমাৰ অসম'ৰ টিহুৰ প্ৰতিবেদক, ৮ ফেব্ৰুৱাৰীঃ টিহুৰ নামবৰভাগ মৌজাৰ বৰভাগজাৰী গাঁৱৰ ৰাতুল বৈশ্য আৰু ৰঞ্জু তামুলী বৈশ্যই ব্যতিক্রমী শৈলীৰে বেজ জাপি প্ৰস্তুত কৰি স্বাৱলম্বিতাৰ পথ মোকলাইছে। সৰু সৰু জাপিৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্য আৰু অন্য দেশলৈও ৰপ্তানি কৰিবলৈ সক্ষম হৈছে দম্পতীহালে। কোনোধৰণৰ চৰকাৰী সা-সুবিধা অবিহনেই নলবাৰীৰ বিখ্যাত জাপি উদ্যোগৰ সৈতে তেওঁলোক জড়িত হৈ আছে। জাপিৰ বাবে বিখ্যাত গাঁও মুগকুছিৰ জীয়ৰী ৰঞ্জু তামুলীয়ে ২০০০ চনৰে পৰা এই শিল্পৰ সৈতে জড়িত হৈ আছে। বিবাহৰ পাছতো নলবাৰীৰ টিহুৰ বৰভাগজাৰীত কল্পতৰু ষ্টোৰ এণ্ড বেম্বো ক্ৰাফ্টৰ জৰিয়তে জাপি উদ্যোগটো গঢ় দি আগবঢ়াই নিছে। 


এইক্ষেত্ৰত সমানেই সহায় আগবঢ়াইছে স্বামীয়ে। ৰাজ্যৰ লগতে বহিঃৰাজ্যতো এই বেজ জাপিৰ যথেষ্ট সমাদৰ আছে। সৰু বাবেই এই জাপি বাহিৰলৈ ৰপ্তানি কৰিবলৈও যথেষ্ট সুবিধাজনক। কেৱল বেজ জাপিয়েই নহয় আন আন বিভিন্ন আটকধুনীয়া জাপিও প্ৰস্তুত কৰে ৰঞ্জু তামুলী বৈশ্যই। এই বৃত্তিৰে এটা পৰিয়াল সুন্দৰকৈ পোহপাল দিব পাৰি বুলি মন্তব্য কৰি নতুন প্ৰজন্মক আধুনিক কলা কৌশল প্ৰয়োগ কৰি আধুনিকীকৰণ কৰি অধিক আকৰ্ষণীয় ৰূপত এই শিল্প আগবঢ়াই নিবলৈ আহ্বান জনায় তেওঁলোকে। লগতে চৰকাৰকো এই ক্ষেত্ৰত ইতিবাচক পদক্ষেপ ল'বলৈ আহ্বান জনায় দম্পতীহালে।