Logo
image

আইফোন এৰি ছেমছাং গ্ৰহণ কৰিম ! মেক্সিকান ৰাষ্ট্ৰপতিৰ ট্ৰাম্পক ভাবুকি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ ফেব্ৰুৱাৰীঃ  আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰতিবেশী মেক্সিকোৰ ৰপ্তানিকৃত পণ্যৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতেই আমেৰিকাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে মেক্সিকান ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইবাম৷ ড’নাল্ড ট্ৰাম্পৰ এই নীতিক কেন্দ্ৰ কৰি এতিয়া দুয়োখন প্ৰতিবেশী ৰাষ্ট্ৰৰ কূটনৈতিক সম্পৰ্কত  ফাট মেলা স্পষ্ট হৈ পৰিছে৷ আমেৰিকাই মেক্সিকোৰ সীমান্তত কাটা তাঁৰৰ বেৰা দি অনুপ্ৰৱেশ আৰু ড্ৰাগৰ সৰবৰাহ ৰোধ কৰাত কঠোৰ হৈ পৰাৰ সমান্তৰালভাৱে মেক্সিকোৱেও যুক্তৰাষ্ট্ৰৰ সীমান্তত ১০ হাজাৰ অতিৰিক্ত সুৰক্ষা কৰ্মী মোতায়ন কৰিছে৷ আমেৰিকাই ‘উচ্ছ বাণিজ্যিক ঘাটি’ বুলি অভিহিত কৰি মেক্সিকোৰ পণ্যৰ ওপৰত ২৫ শতাংশ শুক্ল¨ আৰোপ কৰাৰ পাছতেই মেক্সিকান ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইবামে ড’নাল্ড ট্ৰাম্পক প্ৰত্যাহ্বান জনাই ৪৮ ঘণ্টাৰ ভিতৰত ৮ বিলিয়ন মেক্সিকান উপভোক্তাই আইফোনৰ পৰা ছেমছাং গ্ৰহণ কৰিব বুলিও ভাবুকি প্ৰদান কৰিছে৷ মেক্সিকান ৰাষ্ট্ৰপতি শ্বেইবামে আমেৰিকাৰ  নতুন শুক্ল¨ নীতিক লৈ  ড’নাল্ড ট্ৰাম্পক কটাক্ষ কৰি কয় যে–‘প্ৰিয় আমেৰিকান বন্ধুসকল, আপোনালোকে নিজৰ দেশৰ চাৰিওদিশে এখন প্ৰাচীৰ নিৰ্মাণ কৰাৰ বাবে ভোট দিছিল নেকি? যদিও আপোনাৰ ভূগোলৰ সম্পৰ্কে কোনো ধাৰণা নাই, আমেৰিকা এখন দেশ হয়৷ আমেৰিকা কোনো মহাদেশ নহয়৷ এই দেৱালৰ নিৰ্মাণৰ আগতে চিন্তা কৰাটো প্ৰয়োজন যে দেৱালৰ সিটো পাৰে ৭০০ কোটি মানুহ আছে৷


আপোনাৰ বোধগম্যতাৰ বাবে আমি ‘মানুহ’ শব্দটোক উপভোক্তা হিচাপে উল্লেখ কৰিছো৷ ইয়াৰ অৰ্থ এইটোৱে যে এই পৃথিৱীত ৮ বিলিয়ন উপভোক্তা আছে যিসকলৰ আপোনালোকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ ক্ষমতা আছে৷ যিয়ে ২৪ ঘণ্টাৰ ভিতৰতে আইফোন এৰি ছেমছাং পচন্দ  প্ৰচণ্ড হিচাপে বাছি ল’ব পাৰে৷  লিভাইছ জিনন্সৰ পৰিৱৰ্তে শাৰা জিন্স পিন্ধিব পাৰে৷ ৬ মাহৰ ভিতৰত ফ’ৰ্ড আৰু চেভ্ৰলেট গাড়ীৰ পৰিৱৰ্তে কিয়া, টয়টা, ভলভো নতুবা বি এম ডব্লিউক  পচন্দ হিচাপে বাছি ল’ব পাৰে৷ এই বাহনসমূহ আপোনালোকৰ বাহনতকৈ কাৰিকৰীগতভাৱে বহু উন্নত৷ আপোনালোকৰ হলীউডৰ চিনেমা চোৱা বন্ধ কৰি লেটিন আমেৰিকান চিনেমা চোৱা আৰম্ভ কৰি দিব পাৰে৷ বিশ্বাস কৰক বা নকৰক, মেক্সিকোত  মেকড’নাল্ডছতককৈও  ভাল বাৰ্গাৰ পোৱা যায়৷ এই বাৰ্গাৰবোৰ মেকড’নাল্ডছতকৈয়ো পুষ্টিকৰ৷ কোনোবাই আমেৰিকাত পিৰামিড দেখা পাইছেনে? ইজিপ্ত, মেক্সিকো, পেৰু, গুৱেটামালা, চুডান আদি দেশত অবিশ্বাস্য সংস্কৃতিৰ পিৰামিড আছে৷ এডিডাছ নাইকি বাদ দি আমি পানামৰ দৰে মেক্সিকান টেনিছ জোতা পিন্ধিবলৈ আৰম্ভ কৰিব পাৰো৷  এই ৮ বিলিয়ন গ্ৰাহকে যদি আপোনালোকৰ সামগ্ৰী ক্ৰয় নকৰে তেন্তে নিবনুৱা সমস্যাহে উদ্ভৱ হ’ব আৰু আপোনালোকৰ অৰ্থনীতি ডুবিব  আৰু এসময়ত ই ইমানেই ভয়ংকৰ হ’ব যে আপোনালোকেই এই কুৎসিত দেৱালখন ভাঙি পেলাবলৈ অনুৰোধ কৰিব আমাক৷ আমাৰ আশা দেৱালৰ ভিতৰত কুশলে থাকক৷’ উল্লেখ্য, ড’নাল্ড ট্ৰাম্পে পহিলা ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নতুন ব্যৱস্থাসমূহে আমেৰিকাৰ বাণিজ্যিক ঘাটিত সৰ্বাধিক অৰিহণা যোগোৱা দেশসমূহৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে৷ চীন, মেক্সিকো আৰু কানাডা  হৈছে আমেৰিকাৰ বাণিজ্যিক ঘাটিৰ শীৰ্ষ অৰিহণা যোগোৱা দেশ৷ চীনে ৩০.২ শতাংশ, মেক্সিকোৱে ১৯ শতাংশ আৰু কানাডাই ১৪ শতাংশ ঘাটিৰ সৃষ্টি কৰি অহা বুলিও আমেৰিকাই অভিযোগ কৰিছে৷ আনহাতে ভাৰতে মাত্ৰ ৩.২ শতাংশ অৰিহণাই নৱম স্থানত আছে৷