Logo
image

সুৰাৰ নিচায়েই শেষ কৰিলে কেজৰিৱালক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ফেব্ৰুৱাৰীঃ ‘সুৰাৰ কাৰণেই তেওঁ বদনামী হ’ল৷ সুৰাৰ ধন-দৌলতত তেওঁ উটি গ’ল৷ সুৰাৰ বাবেই তেওঁ হাৰিল৷’– দিল্লী বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপৰ লজ্জাজনক পৰাজয়ৰ পাছত এক সংবাদ মেলত এনেদৰে দুখ প্ৰকাশ কৰিলে এসময়ৰ কেজৰিৱালৰ গুৰু তথা বিশিষ্ট গান্ধীবাদী নেতা আন্না হাজাৰে৷ কেজৰিৱালৰ নাম নোলোৱাকৈ হাজাৰে কয়– ‘সুৰাৰ টকাৰ নিচায়েই শেষ কৰিলে কেজৰিৱালক৷ মই প্ৰথমৰ পৰাই কৈ আহিছিলো যে নিৰ্বাচন খেলাৰ সময়ত  প্ৰাৰ্থীৰ আচাৰ, বিচাৰ শুদ্ধ হোৱাটো বহুত জৰুৰী৷ প্ৰাৰ্থীসকলৰ জীৱন নিষ্কলংক হ’ব লাগে৷ ত্যাগ থাকিব লাগে৷ অপমান সহ্য কৰিব পৰা গুণ থাকিব লাগিব৷ এইসমূহ গুণ থাকিলে ভোটদাতাসকলৰ বিশ্বাস হয় যে এওঁলোকে আমাৰ বাবে কিবা এটা কৰিব৷ মই বাৰে বাৰে এই কথা কৈ গ’লো, কিন্তু তেওঁৰ বিচাৰত নাহিলে৷ সুৰাৰ কাৰণেই তেওঁ বদনামী হ’ল৷ সুৰাৰ ধন-দৌলতত তেওঁ উটি গ’ল৷


ইয়াৰ বাবেই মানুহে এটা সুযোগ পালে৷ মানুহে ভাবিলে এওঁ দেখোন চৰিত্ৰৰ বিষয়ে কয়– আনফালে মদৰ কেলেংকাৰি কৰে৷ এইবোৰ কাৰণতেই তেওঁ হাৰিল৷ ৰাজনীতিত আৰোপ প্ৰত্যাৰোপ চলি থাকে৷ এই আৰোপ কেনেকৈ মিছা সেয়া জনতাক দেখুৱাটো জৰুৰী৷ সত্যক প্ৰমাণিত কৰা দৰকাৰ, সত্য প্ৰমাণিত হ’লে কোনেও একো কৰিব নোৱাৰে৷ সত্য সদায় সত্যই, মিছা সদায় মিছাই৷’ গান্ধীবাদী নেতাগৰাকীয়ে কয়– ‘মই তেওঁক বহুত বুজাবলৈ চেষ্টা কৰিছিলো৷ কিন্তু তেওঁ সমাজৰ হিতৰ কথা নাভাবিলে৷ ৰাজনীতিৰ নামত নূ্যনতম মূল্যবোধো তেওঁ হেৰুৱালে৷ দিল্লীবাসীক নিস্বাৰ্থভাৱে সেৱা কৰাৰ কৰ্তব্যত ফাকি দিলে৷ ত্যাগৰ মানসিকতা কেতিয়াও ফুঁটি নুঠিল৷’