
মুম্বাইত আম্বানি-জিন্দাল-গোৱেংকাক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ফেব্ৰুৱাৰীঃ আগশাৰীৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীৰ অংশগ্ৰহণেৰে আগন্তুক ‘এডভাণ্টেজ আছাম ২.০’ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন সাফল্যমণ্ডিত কৰি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি মুম্বাইত জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দালক সাক্ষাৎ কৰি অসমত এটা পষেকৰ পাছতে অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনলৈ আমন্ত্ৰণ জনায়৷ এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষগৰাকীৰ সৈতে আন্তঃগাঁথনি আৰু শক্তিখণ্ডত ৰাজ্য চৰকাৰৰ সৈতে প্ৰতিষ্ঠানটোৰ অংশীদাৰিত্বৰ সম্ভাৱনীয়তা সন্দৰ্ভত বাৰ্তালাপ কৰে৷ জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষগৰাকীক মুখ্যমন্ত্ৰীয়ে অসমত বিনিয়োগক উৎসাহিত কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা অৱগত কৰে৷ তেওঁ কয় যে ৰাজ্যখনত এক ষ্টাৰ্ট আপ পৰিৱেশতন্ত্ৰ গঢ় দিয়াৰ দিশত ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ অসম ষ্টাৰ্ট আপ আৰু উদ্ভাৱন নীতিত অনুমোদন জনাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে চৰকাৰে উদ্যোগীসকলক উৎসাহিত কৰিবলৈ বিভিন্ন বিত্তীয় আৰু অবিত্তীয় সুবিধা প্ৰদানৰ পদক্ষেপ লৈছে৷ মুখ্যমন্ত্ৰীয়ে লগতে জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষগৰাকীক অৱগত কৰে যে ৰাজ্য চৰকাৰে আগন্তুক পাঁচ বছৰত পাঁচ হাজাৰ ষ্টাৰ্ট আপক সহায় কৰাৰ লগতে এক লাখ বিনিয়োগ সৃষ্টি কৰাৰ এক লক্ষ্য সন্মুখত ৰাখি আগবাঢ়িছে৷ সেউজ শক্তি আহৰণৰ দিশত অসমে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত এতিয়া ভাস¸মান সৌৰ শক্তি প্ৰকল্প, জৈৱ-চিএনজিৰ পৰা সেউজ হাইড্ৰজেনলৈকে বিভিন্ন দিশত বিনিয়োগৰ সুযোগ সৃষ্টি হৈছে৷ বিনিয়োগকাৰীসকলৰ বাবে এক সুচল নীতি ৰাজ্যখনে প্ৰস্তুত কৰা বুলিও তেওঁ কয়৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি মুম্বাইত ৱেলস্পন ৱল্ডৰ্ৰ অধ্যক্ষ বি কে গোয়েঙ্কাকো সাক্ষাৎ কৰে৷ এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে গোয়েঙ্কাৰ সৈতে বস্ত্ৰ, শক্তি, জল পৰিশোধন আৰু আন্তঃগাঁথনি আদি খণ্ডসমূহক লৈ আলোচনা কৰে৷ ৱেলস্পন ৱল্ডৰ্ৰ অধ্যক্ষগৰাকীক এডভাণ্টেজ আছাম ২.০ সন্মিলনলৈ আমন্ত্ৰণ জনাই প্ৰতিষ্ঠানটোৰ অসমৰ বিভিন্ন খণ্ডত কাম কৰাৰ পৰিকল্পনাসমূহক কাৰ্যৰূপ দিয়াৰ দিশত এই সন্মিলনখন এখন উপযুক্ত মঞ্চ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷
আজিৰ মুম্বাই ভ্ৰমণকালতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এছাৰ গ্ৰুপৰ উপাধ্যক্ষ ৰবি ৰুইয়াকো সাক্ষাৎ কৰে৷ এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অসমত বৈদ্যুতিক ট্ৰাক নিৰ্মাণ আৰু নবীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপনত প্ৰতিষ্ঠানটোৰ সৈতে সহযোগিতাৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে এছাৰ গ্ৰুপৰ উপাধ্যক্ষগৰাকীক এডভাণ্টেজ আছাম ২.০ সন্মিলনলৈ আমন্ত্ৰণ জনায়৷ তদুপৰি দিনটোত ডঃ শৰ্মাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু অনন্ত আম্বানীৰ সৈতেও এক বিশেষ সাক্ষাতত মিলিত হয়, য’ত তেওঁলোকে উদ্যোগ ৪.০১ বাবে ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰ হোৱাৰ দিশত অসমৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে৷ লগতে এই পৰিৱৰ্তনশীল যাত্ৰাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সৈতে সম্ভাব্য সহযোগিতাও অন্বেষণ কৰে৷ মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি মুকেশ আম্বানীয়ে আগন্তুক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত গুৱাহাটীলৈ অহাৰ কথাও প্ৰকাশ কৰে৷ এই সন্মিলনখন অসম চৰকাৰৰ পৰিকল্পনাসমূহক কাৰ্যৰূপ দিবলৈ এক প্লেটফৰ্ম হিচাপে কাম কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে৷