Logo
image

গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ বিপুল আয়োজন

‘আমাৰ অসম’ৰ তালাপৰ প্ৰতিবেদক, ৮ ফেব্ৰুৱাৰীঃ  গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ বাবে শদিয়াৰ টুপচিঙা গাঁৱত বিপুল আয়োজন কৰা হৈছে৷ লক্ষাধিক লোকে এই ৰাজহুৱা আদ্যশ্ৰাদ্ধত অংশ লোৱাৰ প্ৰতি লক্ষ ৰাখি অভ্যাগতক আদৰাৰ বাবে সমগ্ৰ শদিয়াবাসী ৰাইজ তৎপৰ হৈ পৰিছে৷ এখন বিশাল পথাৰ সমগ্ৰ আয়োজনৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে৷ পথৰ কাষৰ গছ, লাইট পোষ্ট আদি ৰং সানি সজাইপৰাই তোলা   হৈছে৷ শদিয়াৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাৰ প্ৰতিটো সংগঠনে এই ৰাজহুৱা শ্ৰাদ্ধখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে উঠি পৰি লাগিছে৷


আদ্যশ্ৰাদ্ধ ভাগ অনুষ্ঠিত কৰাৰ বাবে অনন্ত চেতিয়াক সভাপতি, লাভেশ্বৰ গগৈ আৰু জনতা গগৈক কাৰ্যকৰি সভাপতি, চুৰেন্দ্ৰ শদিয়া, মনোৰঞ্জন গগৈ আৰু নৃপেন বুঢ়া গোহাঁইক সম্পাদকৰূপে লৈ এখন পৰিচালনা সমিতি গঠন কৰি বহুসংখ্যক উপ-সমিতি গঠন কৰা হৈছে৷ প্ৰতিখন সমিতিয়ে দায়িত্ব সহকাৰে নিজ নিজ কৰ্তব্য পালন কৰিছে৷ বৃহৎসংখ্যক যান-বাহনৰ আগমন ঘটাৰ আশংকা কৰি পাৰ্কিঙৰ সুব্যৱস্থা কৰি আগমন আৰু প্ৰস্থানৰ পথ নিৰ্দিষ্ট কৰি দিয়া হৈছে৷ বৃহৎ সমাৱেশটোৰ শৃংখলা ৰক্ষাৰ বাবে শদিয়া আৰক্ষী, শদিয়া মহাবিদ্যালয়কে ধৰি বিদ্যালয়সমূহৰ এন চি চি গোটসমূহে সেৱা আগবঢ়াবলৈ সাজু হৈছে৷ অভ্যাগতৰ আপ্যায়নৰ ব্যৱস্থা কৰি বহুসংখ্যক ৰান্ধনীশাল নিৰ্মাণ কৰি উলিয়াইছে৷