
বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন আশ্ৰফুল আলমৰ
'আমাৰ অসম'ৰ গোসাঁইগাঁৱৰ প্ৰতিবেদক, ৯ ফেব্ৰুৱাৰীঃ যি সময়ত কৃষি কৰ্ম পৰিহাৰ কৰি কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ অসমৰ যুৱক ঢাপলি মেলিছে ঠিক তেনে সময়তে গোসাঁইগাঁৱৰ এক নম্বৰ হাউৰিয়া পেট গাঁৱৰ শিক্ষিত যুৱক আশ্ৰফুল আলমে এগৰাকী আদৰ্শবান কৃষক হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে। কৃষি কৰ্ম কৰি যে স্বাৱলম্বী হ'ব পাৰি তাক হাতে-কামে কৰি দেখুৱাইছে আশ্ৰফুলে। আন দহ গৰাকী কৃষকৰ বাবে নিদৰ্শন হৈ পৰিছে শিক্ষিত যুৱক আশ্ৰাফুল। নিজৰ মাটি সীমিত হোৱাত আনৰ মাটি লিজত লৈ বৈজ্ঞানিক পদ্ধতিৰে কৰিছে বিভিন্ন ধৰণৰ খেতি। বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি অসম-বংগ সীমান্ত অঞ্চলত ক'বলৈ গ'লে সেউজ বিপ্লৱৰ সৃষ্টি কৰিছে এইজন যুৱকে। কেৱল বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰাই নহয় সম্পূৰ্ণ জৈৱিক সাৰ ব্যৱহাৰ কৰি কৰিছে বিভিন্ন পাচলিৰ খেতি। তেওঁ নিজে কৃষি কৰ্মৰ লগত জড়িত হৈ আৰ্থিক স্বাৱলম্বী হোৱাৰ উপৰি আন ৫-৭ জনক দিছে কৰ্ম সংস্থাপন।
দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা যুৱকজন বিগত ১৫-২০ বছৰে কৃষি কৰ্মৰ সৈতে জড়িত হৈ আছে। মহকুমাখনৰ ভিতৰত এগৰাকী আদৰ্শবান খেতিয়ক হিচাপে মহকুমা প্ৰশাসনৰ পৰা সন্মান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে আশ্ৰফুলে। যুৱ কৃষক গৰাকীক দেখি অঞ্চলৰ অন্যান্য খেতিয়ক সকলেও অনুপ্ৰেৰণা লাভ কৰিছে। তেওঁ উল্লেখ কৰা মতে, "বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিলে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰি। উপাৰ্জন কৰিবলৈ বহিঃৰাজ্যলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। এতিয়া বহু মাটি ছন পৰি থাকে, বছৰত এটা খেতি কৰি মাটি সমূহ পেলাই থোৱা হয়। তেনে মাটি সমূহ যদি লিজত লৈ বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰা হয় তেতিয়া হ'লে বছৰত দুই তিনিটা খেতি কৰিব পাৰি। ইয়াৰ বাবে নিজৰ আগ্ৰহ আৰু চেষ্টা থাকিব লাগিব। কৃষি কৰ্মৰ ক্ষেত্ৰত পাচলিতে লাভ বেছি। বিভিন্ন পাচলি খেতি কৰি মই নিজেই প্ৰতিষ্ঠিত হৈছোঁ। নিবনুৱা যুৱক সকলে সময় নষ্ট নকৰি কৃষি কৰ্মত জড়িত হৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহ জনকো স্বাৱলম্বী কৰক।" উল্লেখ্য যে এইজন যুৱ কৃষক আশ্ৰফুলে ৫০ বিঘাৰ অধিক মাকৈ, ৮ বিঘা উন্নত জাতৰ তৰমুজ, বিলাহী, জলকীয়া, বন্ধা কবি, ফুল কবি আদি কৰি অন্যান্য পাচলি খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।