
হাছিনা উৎখাতৰ আঁৰত আমেৰিকা সত্য প্ৰকাশ কৰিলে ৰাষ্ট্ৰপতি ট্ৰাম্পে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ ফেব্ৰুৱাৰীঃ চুবুৰীয়া বাংলাদেশৰ ছাত্ৰ বিদ্ৰোহ আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক উৎখাতৰ আঁৰত আছিল নেকি বিদেশী ৰাষ্ট্ৰৰ হাত ! তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশৰ এটা অংশক সামৰি আমেৰিকাই পৃথক এখন খ্ৰীষ্টান ৰাষ্ট্ৰ গঠনৰ পৰিকল্পনা কৰা বুলি ৰাজহুৱা অভিযোগ কৰাৰ পাছত এইবাৰ হাছিনা চৰকাৰক গাদীচ্যুত কৰাৰ আঁৰত আমেৰিকাৰ তদানীন্তন বাইডেন প্ৰশাসনে বৃহৎ অংকৰ অৰ্থ ব্যয় কৰাৰ কথা সদৰী কৰিছে বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্ৰখনৰ নৱ নিযুক্ত প্ৰধানমন্ত্ৰী ড’নাল্ড ট্ৰাম্পে৷ জ্জ ফেব্ৰুৱাৰীত ড’নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত নিজৰ একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি শ্বেখ হাছিনা চৰকাৰক উৎখাত কৰিবলৈ আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি বাইডেন চৰকাৰে অৰ্থ ব্যয়ৰ ইংগিত দিছে৷ ড’নাল্ড ট্ৰাম্পে এটা নিউজ চেনেলৰ সাক্ষাৎকাৰ অনুষ্ঠানৰ ভিডিঅ’ আপলোড কৰি এই বিস্ফোৰক তথ্য ৰাজহুৱা কৰিছে৷ উল্লেখ্য, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাজহুৱা কৰা টিভি চেনেলৰ সাক্ষাৎকাৰৰ ভিডিঅ’টোত আমেৰিকাৰ ফাউণ্ডেশ্বন ফৰ ফ্ৰীডম অনলাইনৰ কাৰ্যবাহী সঞ্চালক মাইক বেঞ্জে টকশ্ব’টোত কয় যে যুক্তৰাষ্ট্ৰৰ নেচনেল এনড’মেণ্ট ফৰ ডেম’ক্ৰেচী (এন ই ডি), ইণ্টাৰনেশ্বনেল ৰিপাব্লিকান ইনষ্টিটিডট (আই আৰ আই) আৰু ইউ এছ এ আই ডিয়ে বাংলাদেশৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰক গাদীচ্যুত কৰোৱাইছিল৷ মাৰ্কিন প্ৰশাসনৰ হৈ পৰামৰ্শদাতা হিচাপে কাম কৰা ফাউণ্ডেশ্বন ফৰ ফ্ৰীডম অনলাইনৰ ফালৰ পৰা লগতে ভিডিঅ’টোত কোৱা হৈছে যে আমেৰিকাৰ তদানীন্তন বাইডেন প্ৰশাসনে সেই সময়ত বাংলাদেশত ধন খৰচ কৰি এল জি বি টি গোট আৰু ছাত্ৰ প্ৰতিবাদকাৰীক ব্যৱহাৰ কৰি হাছিনা চৰকাৰক ওফৰাই পেলোৱাত সহায় কৰিছিল৷ ভিডিঅ’টোত আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ৰ প্ৰাক্তন বিষয়া মাইক বেঞ্জে আমেৰিকাৰ এন ই ডি, আই আৰ আই আৰু ইউ এছ এ আই ডিয়ে কিদৰে বাংলাদেশত গোপনে কাম কৰিছিল তাৰো বাখ্যা আগবঢ়াইছে৷ ড’নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত দিয়া পোষ্টটোক এতিয়া শ্বেখ হাছিনাৰ নেতৃত্বাধীন ৰাজনৈতিক দল আৱামী লীগে ব্যাপক প্ৰচাৰ কৰি জনগণৰ সমৰ্থন আদায় কৰাৰ চেষ্টা কৰা বুলিও বাংলাদেশৰ সংবাদ পত্ৰত বাতৰি প্ৰকাশ পাইছে৷
উল্লেখ্য, শ্বেখ হাছিনা চৰকাৰৰ চাকৰিৰ নতুন সংৰক্ষণ নীতিৰ বিৰুদ্ধে প্ৰথমে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-সমাজে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ এই আন্দোলনক লৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নেতিবাচক মন্তব্য কৰাত ছাত্ৰ-সমাজে পৰৱৰ্তী সময়ত হাছিনাৰ পদত্যাগ বিচাৰি প্ৰতিবাদ আৰম্ভ কৰিছিল৷ অৱশ্যে ছাত্ৰ-আন্দোলনক দমনৰ বাবে হাছিনা প্ৰশাসনে গুলী চালনা কৰাত অধিক ক্ষোভিত হৈ পৰিছিল ছাত্ৰ সমাজ৷ ছাত্ৰ আন্দোলনক বিৰোধী ৰাজনৈতিক দল বি এন পি আৰু জামাতে সমৰ্থন জনোৱাত বিগত বৰ্ষত আগষ্ট মাহত প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীৰ চৰকাৰী কাৰ্যলয় তথা বাসভৱন ‘গণভৱন’ আক্ৰমণ কৰি লণ্ড-ভণ্ড কৰে৷ এই বিক্ষোভৰ পৰিণতিত শ্বেখ হাছিনাই পদত্যাগ কৰি পলাই আহি ভাৰতত আশ্ৰয় লয়৷ অৱশ্যে, ৫ ফেব্ৰুৱাৰীত শ্বেখ হাছিনাই ভাৰতৰ পৰাই আৱাসী লীগৰ সদস্যসকলক সম্বোধন কৰাত চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰে৷ আনকি উত্তেজিত প্ৰতিবাদকাৰীয়ে শ্বেখ হাছিনাৰ পিতৃ বংগবন্ধু শ্বেখ মুজিবুৰৰ ৰাজধানী ঢাকাৰ ধানমন্দিস্থিত বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে৷ এই ঘটনাক লৈ বাংলাদেশৰ মহম্মদ ইউনিছ চৰকাৰে এতিয়া দোষাৰোপ কৰিছে ভাৰত চৰকাৰক৷ আনকি ইউনুছ চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ে হাছিনাৰ মুখ বন্ধ ৰখাৰ বাবেও ভাৰত চৰকাৰক সকীয়নি প্ৰদান কৰিছে৷