Logo
image

দিল্লী জয়ৰ পাছতেই মণিপুৰত বীৰেন সিঙক পদত্যাগৰ নিৰ্দেশ মোদীৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ ফেব্ৰুৱাৰীঃ  মণিপুৰৰ কঠিন পৰিস্থিতিত ডেৰ বছৰতকৈও অধিক দিন দলৰ ভিতৰ আৰু বাহিৰৰ চাপ চম্ভালি থকা এন বীৰেন সিঙে দেওবাৰে মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছে৷ নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি আজি ইম্ফললৈ উভতি আহিয়েই তেওঁ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে৷ এন বীৰেন সিঙৰ সৈতে নতুন দিল্লীৰ পৰা একেলগে অহা দলৰ আগশাৰীৰ নেতা  সম্বিত পাত্ৰও বিদায়ী মুখ্যমন্ত্ৰীৰ সৈতে ৰাজভৱনত উপস্থিত আছিল৷ কাইলৈ সোমবাৰৰ পৰা মণিপুৰ বিধানসভাৰ অধিৱেশন হোৱাৰ কথা আছিল৷ বিধানসভাৰ অধিৱেশনত কংগ্ৰেছ দলে এন বীৰেন সিঙৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ যো-জা কৰিছিল৷ সেই অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পূৰ্বেই কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত এন বীৰেন সিঙে পদত্যাগ কৰে৷ অৱশ্যে মাথোঁ প্তজন বিধায়ক থকা কংগ্ৰেছ দলৰ অনাস্থা প্ৰস্তাৱত মণিপুৰৰ বিজেপি চৰকাৰ ভংগৰ কোনো আশংকা নাছিল৷ কিয়নো বিধানসভাত বিজেপিৰ নিজ দলৰ ৩২ জন বিধায়ক থকাৰ উপৰি জেডি [ইউ]ৰ ৬জন আৰু এন পি এফৰ প্তজন বিধায়কৰ সমৰ্থন এতিয়াও অটুত আছে৷ কনৰাড চাংমাৰ এনপিপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰা সত্ত্বেও সংখ্যাগৰিষ্ঠতাক লৈ কোনো সমস্যা নাছিল মণিপুৰৰ বিজেপি চৰকাৰৰ৷


ইয়াৰ বিপৰীতে এন বীৰেন সিঙৰ প্ৰতি অসন্তুষ্টি সৃষ্টি হৈছিল দলৰ ভিতৰতে৷ ডেৰ বছৰৰো অধিক দিন ধৰি চলি থকা গোষ্ঠীগত সংঘৰ্ষৰ বাবে সকলো পক্ষৰ পৰাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ হেঁচা অব্যাহত আছিল৷ ২০২৩ চনৰ মে’ত ৰাজ্যখনত আৰম্ভ হৈছিল গোষ্ঠীগত সংঘৰ্ষ৷ মেইটেই আৰু কুকি-জো সম্প্ৰদায়ৰ মাজত সংঘটিত এই সংঘৰ্ষত বিগত সময়ছোৱাত কেইবা শতাধিক লোকৰ মৃত্যু হৈছে৷ বেচৰকাৰী হিচাপ অনুসৰি নিহতৰ সংখ্যা সহস্ৰাধিক৷ ৰাজহুৱাভাৱে যুৱতী-মহিলাক বিবস্ত্ৰ কৰি শোভাযাত্ৰা কৰোৱাৰ ঘটনা ঘটিছে, মুকলি স্থানত দলবদ্ধ ধৰ্ষণৰ ঘটনা ঘটিছে৷ ছিন্নমুণ্ড জেওৰাৰ খুটিৰ ওপৰত গুজি ৰখাৰ দৰে নৃশংস ঘটনা, এম্বুলেন্সৰ ভিতৰতে শিশু-মহিলাসহ পুৰি মৰাৰ ঘটনা ঘটিছে৷ সভ্য সমাজত দেখিবলৈ নোপোৱা তেনে অজস্ৰ, অসংখ্য ঘটনাকো আওকাণ কৰি অতদিনে এন বীৰেন সিঙে মুখ্যমন্ত্ৰীৰ আসনখন খামুছি ধৰি আছিল৷ তেওঁ কিয় পদত্যাগ কৰা নাই, সেই লৈ কেন্দ্ৰৰ বিজেপি চৰকাৰো প্ৰশ্নৰ সন্মুখীন হৈছিল৷ ইমান দিনে ৰাজ্যখন অশান্ত হৈ থকা সত্ত্বেও প্ৰধানমন্ত্ৰী মোদীয়ে কিয় মণিপুৰ ভ্ৰমণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন হৈছিল৷ যোৱা ৩১ জানুৱাৰীত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যবাসীক সকলো হত্যা-হিংসা পৰিহাৰ কৰি, বীভৎস সকলো ঘটনা পাহৰি নতুন বছৰৰ পৰা সকলো নতুনকৈ আৰম্ভ কৰিবলৈ মুকলি আহ৩ান জনাইছিল৷ কিন্তু সেই আহ৩ানৰ এমাহ অতিক্ৰম কৰোতেই এন বীৰেন সিঙে মুখ্যমন্ত্ৰীৰ আসন এৰিবলগীয়া হ’ল৷ মুলতঃ দলৰ বিধায়কৰ প্ৰবল বিৰোধিতাৰ বাবেই বীৰেন সিঙে অৱশেষত বিদায় ল’বলগীয়া হ’ল৷মণিপুৰত চৰকাৰ ভংগ কৰি কেন্দ্ৰই ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ সিদ্ধান্ত ল’ব পাৰে বুলি প্ৰবল চৰ্চা হৈছে৷ কিন্তু মুখ্যমন্ত্ৰী বীৰেন সিঙে নিজেহে পদত্যাগ কৰিছে, চৰকাৰ ভংগৰ বাবে ৰাজ্যপালক আহ৩ান জনোৱা নাই৷ সেয়ে এতিয়া কেন্দ্ৰীয় বিজেপি নেতৃত্বই এজন নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব বুলিয়েই জল্পনা-কল্পনা আৰম্ভ হৈছে৷