Logo
image

নিজম পৰিল এৰালতলি, চকুলো টুকি বিদায় ল’লে ভকত-বান্ধৱে

যোৰহাট ম’হবন্ধাৰ এৰালতলি পথাৰৰ পৰা ৰমেন শইকীয়া আৰু নিৰঞ্জন মহন্ত  আমাৰ অসমঃ  নিজম পৰিল যোৰহাট ম’হবন্ধাৰ এৰালতলি পথাৰৰ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰ৷ দেওবাৰে সন্ধিয়া অধিৱেশনস্থলীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকা অৱনমন কৰি পৰৱৰ্তী অধিৱেশন (৯৫ সংখ্যক) অনুষ্ঠিত হ’ব লগা তেজপুৰ জিলা শাখাৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয়৷ ইয়াৰ পাছতে সমূহীয়া প্ৰাৰ্থনাৰে অধিৱেশনৰ সামৰণি পৰে৷ ইফালে অধিৱেশনৰ  

সামৰণিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ হাজাৰ বিজাৰ ভকত-বৈষ্ণৱ, কৰ্মকৰ্তা, সেৱা বাহিনীৰ স্বেচ্ছাসেৱক আদিয়ে চকুলো টুকি এৰালতলি পথাৰৰ পৰা বিদায় লয়৷ উল্লেখ্য, ৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যখনৰ লাখ লাখ ভক্ত বৈষ্ণৱ, আই-মাতৃ আৰু যুৱক-যুৱতীসহ বৈষ্ণৱ প্ৰাণ ৰাইজে দলদোপ হেন্দোলদোপ কৰি থকা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰলৈ এক বিষাদ ভৰা পৰিৱেশ নামি আহে৷ ইয়াৰ পূৰ্বৰে পৰা অধিৱেশনলৈ আহি প্ৰতিনিধি শিবিৰত তিনিদিন ধৰি আশ্ৰয় লোৱা বিভিন্ন বয়সৰ প্ৰতিনিধিসকলে টালি টোপোলা বান্ধি, আন ভকত-বৈষ্ণৱক সেৱা জনাই অশ্ৰুসিক্ত নয়নেৰে বিদায় লোৱা দৃশ্যই এৰালতলি পথাৰত এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে৷ সকলোৱে অহা বছৰ দেহা ভাল থাকিলে তেজপুৰ অধিৱেশনত পৰস্পৰে মিলিত হোৱাৰ প্ৰতিশ্ৰুতিৰে ইজনে সিজনৰ পৰা বিদায় লৈ নিজা নিজা ঘৰ অভিমুখে যাত্ৰা কৰে৷ 

গুৰুজনাই ভাওনা, নৃত্য-গীতৰ জৰিয়তে শিক্ষা দি থৈ গৈছে –বিশ্বজিৎ দৈমাৰীঃ  আজি দুপৰীয়াৰে পৰা তীৰ্থনাথ গোস্বামী সোঁৱৰণী মূল মঞ্চত পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনী সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি পৌৰাণিক কালৰ ঘটনাক্ৰৰ ব্যাখ্যাৰে স্বভাৱসুলভ ৰসাল বক্তৃতা দিয়ে৷ ভাষণত অধ্যক্ষ দৈমাৰীয়ে পৌৰাণিক কালত দেৱ-দেৱতাৰ লগতে স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰে অসমত সেই সময়ত শাসন কৰি থকা ৰজা-মহাৰজাসকলে আত্মিক, বৈবাহিক সম্পৰ্ক, তয়াময়া ৰণ আদিৰ উদাহৰণেৰে সৈতে ব্যাখ্যা কৰি পদবী লৈ হোৱা অহংকাৰৰ বাবে পতন হোৱাৰ কথাও উল্লেখ কৰে৷ এই সকলোবোৰ কথা জনসাধাৰণৰ উপকাৰৰ বাবেই শ্ৰীমন্ত শংকৰদেৱে শাস্ত্ৰসমূহত লেখি থৈ যোৱাৰ লগতে ভাওনা, নৃত্য-গীতৰ জৰিয়তে শিক্ষা ল’বলৈ দি থৈ গৈছে৷ তেওঁ লগতে কয় যে অসম মানে উত্তৰ পূৰ্বাঞ্চল৷ কেৱল অসমতে শ্ৰীমন্ত শংকৰদেৱক আবদ্ধ কৰি থাকিলে ধৰ্মৰ বিকাশ নহয়৷ তদুপৰি, কেৱল সাত দিন সাত ৰাতি ধৰ্মচৰ্চা কৰি থাকিলেও গুৰুজনাই প্ৰৱৰ্তন কৰা ধৰ্মৰ বিকাশ নহ’ব৷ জনাসকলে কম সংখ্যক লোকক লৈ তেওঁ ৰচনা কৰি থৈ যোৱা শ্লোক, কাহিনীবোৰ সহজ-সৰল ভাষাত বুজিব পৰাকৈ ঘনে-ঘনে ব্যাখ্যা কৰি থাকিব লাগিব৷ ধন দি ধৰ্ম ক্ৰয় কৰিব নোৱাৰি৷ ধৰি থকাটোৱেই ধৰ্ম৷ ধৰ্ম কৰাসকলে একান্ত চিত্তে ধৰ্ম কৰিব লাগিব৷ কেৱল পদবী লৈ ধৰ্মচৰ্চা কৰি থাকিলে কেতিয়াও বিকাশ নহ’ব৷ একোখন ৫০ জনীয়া সমিতি লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত ধৰ্মৰ বিকাশ কৰিব বিচাৰিলেও সফল নহ’ব৷ শ্ৰীকৃষ্ণ, শ্ৰীমন্ত শংকৰদেৱ মানৱ ৰূপেই এই পৃথিৱীত জন্ম গ্ৰহণ কৰিছিল৷ তেওঁলোকে কৰ্মৰ যোগেদি কৰি থৈ যোৱা কামবোৰৰ বাবেহে আজিও তেওঁলোকক স্মৰণ কৰা হয়৷ গতিকে, তেনে লোকৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ তেওঁ লগতে কয় যে বাহ্যিকতা-মনোৰঞ্জনত যিমান ধন ব্যয় কৰা হয় ধৰ্মত কিন্তু সিমান ধন ব্যয় কৰা নহয়৷ বাসগৃহ সুন্দৰ হ’লেই নহ’ব, ধৰ্মানুষ্ঠানবোৰো সৰ্বাংগ সুন্দৰ হ’ব লাগিব৷ শিল্পীসকলে দলীয়ভাৱে বৰগীত পৰিৱেশন কৰি আৰম্ভ কৰা সভাখন প্ৰাক্তন পদাধিকাৰ কমলাকান্ত গগৈয়ে উদ্বোধন কৰে৷ জগত চন্দ্ৰ বণিয়াই নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়োৱা মুকলি সভাখনত বিশেষ সন্মানীয় অতিথিৰূপে  নবনিৰ্বাচিত উপ পদাধিকাৰ চন্দ্ৰ হাজৰিকাই, নিৰ্দিষ্ট বক্তাৰূপে জগত বণিয়াই, বিশিষ্ট অতিথিৰূপে প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা, সংঘৰ বিষয়ববীয়া ড॰ মৃণাল কুমাৰ বৰুৱা, খুমটাইৰ বিধায়ক মৃণাল শইকীয়া, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি ভাষণ আগবঢ়ায়৷

শিবিৰ নিৰ্মাণকাৰীক পুৰস্কাৰঃ  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনস্থলীলৈ অহা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, জিলাসমূহৰ, আঞ্চলিকসমূহৰ, শাখাসমূহৰ ভকত-বৈষ্ণৱ, সংগী, আইসকলক চাৰিওদিন ৰাখিবৰ বাবে ২০০ টা শিবিৰ বৃহৎ আকাৰত নিৰ্মাণ কৰিবলৈ যোৰহাট জিলাৰ প্ৰতিখন আঞ্চলিক আৰু প্ৰাথমিকক দায়িত্ব দিয়া হৈছিল৷ এই শিবিৰসমূহ নিজাকৈ বাঁহ, নৰা আদি সংগ্ৰহ কৰি নিৰ্মাণৰ পৰিকল্পনাৰে আঞ্চলিক আৰু শাখাসমূহৰ সংগীসকলক শ্ৰম দানেৰে কৰিবলৈ আহ৩ান জনাইছিল৷ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই যোৰহাট জিলাৰ স্বীকৃতিপ্ৰাপ্ত ৩৬ খন আঞ্চলিকৰ লগতে প্ৰাথমিকসমূহে ১৫৯ টা শিবিৰ নিৰ্মাণ কৰি উলিয়ায়৷ সেই শিবিৰ নিৰ্মাণৰ ক্ষেত্ৰত পুৰস্কৃত কৰা হ’ব বুলিও আদৰণী সমিতিয়ে ঘোষণা কৰিছিল৷ তাৰ ফলাফল আজিৰ সভাতে আদৰণী সমিতিৰ সভাপতি নবীনচন্দ্ৰ বৰাই ঘোষণা কৰে৷ সেই অনুসৰি নকছাৰি আঞ্চলিক শাখাই শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷ প্ৰথম পুৰস্কাৰ লাভ কৰে উত্তৰ-পশ্চিম যোৰহাটে (শিবিৰ নং ১৮), দ্বিতীয় পুৰস্কাৰ লাভ কৰে যুটীয়াভাৱে নকছাৰি (শিবিৰ নং ৯), ৰমাকান্ত আতৈ (শিবিৰ নং ১৩), তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰে পশ্চিম যোৰহাটে (শিবিৰ নং ৭৯), চেলেংহাট (শিবিৰ নং ০৩)৷ বিজেতাসকলক পৰৱৰ্তী সময়ত আদৰণী সমিতিয়ে পুৰস্কাৰ প্ৰদান কৰিব৷ 

সেৱা বাহিনীৰ পুৰস্কাৰঃ  অধিৱেশনত অংশগ্ৰহণ কৰা সেৱা বাহিনীৰ সৈতে জড়িতসকলক অধিৱেশনস্থলীত সংঘই পুৰস্কাৰ প্ৰদান কৰি আহিছে৷ সেই অনুসৰি সদ্যসমাপ্ত যোৰহাট অধিৱেশনত চৰাইদেউ জিলাই প্ৰথম, লখিমপুৰ জিলাই দ্বিতীয়, কাৰ্বি আংলং জিলাই তৃতীয়, বোকাখাত জিলাই চতুৰ্থ আৰু তিনিচুকীয়া জিলাই পঞ্চম স্থান অধিকাৰ কৰা বুলি ঘোষণা কৰাৰ লগতে মুকলি সভাস্থলীতে সেৱা বাহিনীৰ সৈতে জড়িতসকলক উপস্থিত কৰাই পুৰস্কাৰ প্ৰদান কৰে৷ এই বঁটাত আছে গামোচা, ফুলাম জাপি, শৰাই আৰু নগদ ধন৷ ৯৪ সংখ্যক অধিৱেশনখন শৃংখলিতভাৱে, সফলভাৱে, আকৰ্ষণীয়কৈ অনুষ্ঠিত কৰাৰ বাবে যোৰহাট জিলা শাখাক বিশেষ পুৰস্কাৰ প্ৰদান কৰা হয়৷ উল্লেখ্য, এই পুৰস্কাৰসমূহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিয়ে মুকলি সভাত আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে যদিও এই পুৰস্কাৰৰ ধন আৰু সামগ্ৰী সংঘৰ স্বীকৃতিপ্ৰাপ্ত ভালেকেইখন জিলাৰ একোগৰাকীকৈ সংগীয়ে স্বেচ্ছাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিলৈ আগবঢ়াইছিল৷ 

সোণাৰাম চুতীয়া শৈক্ষিক বঁটা প্ৰদানঃ  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন স্থলীত আজি অন্তিম দিনা সোণাৰাম চুতীয়া শৈক্ষিক বঁটা প্ৰদান কৰা হয়৷ উল্লেখ্য, সোণাৰাম চুতীয়াৰ পৰিয়ালৰ হৈ তেওঁৰ পুত্ৰ বিজিত দাসে কৰঙাৰ আটলাণ্টিকা বৰাক এই বঁটা প্ৰদান কৰে৷ এই বঁটাত আছে নগদ ১০০০০ টকা, গামোচা আৰু জাপি৷ তদুপৰি ছাত্ৰীগৰাকীয়ে স্নাতক ডিগ্ৰী লাভ কৰা পৰ্যন্ত তেওঁক আৰ্থিক সহযোগিতা প্ৰদান কৰা হ’ব৷ উল্লেখ্য, যোৰহাট জিলাৰ পৰা সুখ্যাতিৰে উচ্ছতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰ্থিক প্ৰয়োজন থকা পৰিয়ালৰ সন্তানৰ পৰা আহ্বান জনোৱা আৱেদনৰ ভিত্তিত সৰ্বোচ্ছ নম্বৰপ্ৰাপক এই ছাত্ৰীগৰাকীক নিৰ্বাচিত কৰা হয়৷

নতুন সমিতি গঠনঃ  আজি পুৱা পৰিৱেশ নিকাকৰণ, নাম প্ৰসংগ আদিৰ পাছতে নৱ নিৰ্বাচিত সদস্যসকলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ উক্ত সভাত আগন্তুক কাৰ্যকালৰ বাবে প্ৰধান সম্পাদক পদত কুশল ঠাকুৰীয়া, সহকাৰী দেৱাঞ্জন বৰা আৰু তোষেশ্বৰ চেতিয়া, সাহিত্য সভাৰ সভাপতি ড॰ মৃণাল বৰুৱা, উপ পদাধিকাৰ চন্দ্ৰ হাজৰিকা, সাহিত্য সম্পাদক অচ্যুত কৃষ্ণ কলিতা, সাংস্কৃতিক শাখাৰ সম্পাদক অলিন মহন্ত, সম্পাদক প্ৰশান্ত শইকীয়াসহ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়৷ ইয়াৰ পাছতে অনুষ্ঠিত হয় কেন্দ্ৰীয় সেৱা বাহিনীৰ পৰিচালনাত অন্তৰংগ আলাপ অনুষ্ঠান৷ 



আঠ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰীঃ  অধিৱেশনস্থলীৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাস্থলীত ৭০ খনৰো অধিক প্ৰতিষ্ঠিত গ্ৰন্থ বিপণীয়ে চাৰিওদিন গ্ৰন্থ বিক্ৰী কৰি ৯ লাখৰো অধিক টকা সংগ্ৰহ কৰে৷ সংঘৰ যোৰহাট অধিৱেশনস্থলীত অত্যধিক ধৰ্ম গ্ৰন্থ বিক্ৰী হোৱাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সম্পৰ্কত লেখা বিভিন্নজন লেখকৰো গ্ৰন্থ বিক্ৰী হয়৷ তদুপৰি ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক, সাহিত্য একাদেমি বঁটা প্ৰাপক প্ৰসিদ্ধ সাহিত্যিক মনোজ কুমাৰ গোস্বামীৰ ‘মাৰাডোনাৰ ঘড়ী’ নামৰ গ্ৰন্থখনৰ বিক্ৰী ভাল বুলি বিপণীসমূহে জানিবলৈ দিছে৷ ড॰ কুমুদ দাসৰ ‘মই মানুহ হ’ব খোজোঁ’ নামৰ গ্ৰন্থখনৰো উল্লেখযোগ্য বিক্ৰী হয়৷ ইফালে শ্ৰীমদ্ভাগৱত, কীৰ্তন-ঘোষা, গুণমালাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গ্ৰন্থসমূহ শেষৰ দিনটোত গ্ৰন্থৰ বিপণীত ক্ৰয় কৰিবলৈ নাপাই গ্ৰাহকসকল বিফল মনোৰথেৰে ঘূৰিবলগীয়া হয়৷ 

সংঘৰ নিজা বিপণিত ২৩ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰীঃ  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিজস্ব গ্ৰন্থ বিপণন শাখা ৩৮ খন উপ-সমিতিৰ লগতে আদৰণী সমিতিৰ কাৰ্যালয়ৰ সমীপত পৃথককৈ প্ৰতিষ্ঠা কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰকাশ কৰা ধৰ্মগ্ৰন্থ, অন্যান্য গ্ৰন্থ, আলোচনী, মুখপত্ৰ, বাতৰিকাকত আদি বিক্ৰী কৰি থকা হৈছিল৷ আজি সন্ধিয়া প্ৰাপ্ত খবৰ মতে, ২৩ লাখৰো অধিক টকাৰ গ্ৰন্থ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গ্ৰন্থ বিপণন শাখাই বিক্ৰী কৰিবলৈ সক্ষম হয়৷ শিক্ষিত লোকৰ বাসস্থান যোৰহাটত শাখাটোৱে ২৫ লাখৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী কৰাৰ আশাৰে আহিছিল৷ তেওঁলোক বাঞ্ছিত লক্ষ্যত উপনীত হোৱা বুলি উল্লেখ কৰে৷ 

শিবিৰৰ পৰা গমনঃ  অধিৱেশনৰ পতাকা অৱনমনৰ পাছতে প্ৰায়সকল লোকেই সন্ধিয়া ঘৰমুৱা হৈছে৷ ১৫৯ টা শিবিৰৰ ভিতৰত সৰ্বাধিক তেজপুৰে পাঁচটা, তিতাবৰ, গোলাঘাট, মৰিগাঁৱে ৪ টাকৈ শিবিৰ দখল কৰি আছিল৷ অন্যান্য জিলাসকলে এটাৰ পৰা ৩ টাকৈ শিবিৰ লৈছিল৷ সকলো শিবিৰৰ পৰাই আজি সন্ধিয়া অধিৱেশনত অংশগ্ৰহণ কৰা সকল নিজ-নিজ জিলালৈ গমন কৰে৷ 

সংঘৰ অধিৱেশন দুবছৰীয়া কৰাৰ প্ৰক্ৰিয়া আৰম্ভঃ  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এক বৃহৎ অনুষ্ঠানৰ অধিৱেশন বছৰি অনুষ্ঠিত কৰাটো অতি ব্যয়বহুল হোৱাৰ লগতে ভক্তসকল কায়িক আৰু আৰ্থিক সকলো ফালৰ পৰা ভাৰাক্ৰান্ত হ’ব লগা হয়৷ আনহাতে সংঘই ৰাইজক উৎসৱমুখিতাক উৎসাহিত কৰা বুলি সাধাৰণ লোকৰ মাজত চৰ্চাও হয়৷ এনে সকলো দিশ  পৰ্যালোচনা কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহু শাখাই এবছৰৰ পৰিৱৰ্তে অধিৱেশন দুবছৰীয়া কৰাৰ বাবে সংঘৰ মূল সমিতিলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে৷ এই সন্দৰ্ভত মূলৰ কাৰ্যনিৰ্বাহকে বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি কাৰ্যনিৰ্বাহকত প্ৰস্তাৱ গ্ৰহণ কৰি জিলা সমিতিসমূহলৈ প্ৰেৰণ কৰিব৷ জিলা সমিতিসমূহে আঞ্চলিকৰ মতামত গ্ৰহণ কৰি মূললৈ পঠোৱাৰ পাছত এখন বিশেষ প্ৰতিনিধি সভা অনুষ্ঠিত কৰিব আৰু প্ৰতিনিধি সভাই সংবিধান সংশোধন কৰিলেই সংঘৰ অধিৱেশন দুবছৰীয়া হ’ব বুলি সংঘৰ সূত্ৰই প্ৰকাশ কৰিছে৷