
এজন এজনকৈ কুম্ভস্নান কৰিছেগৈ অসমৰ মন্ত্ৰীয়ে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ফেব্ৰুৱাৰীঃ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ স্নান কৰিছে এজন এজনকৈ অসমৰ বহুকেইজন মন্ত্ৰীয়ে৷ অসম মন্ত্ৰীসভাৰ কেইবাজনো সদস্যই পৃথকে পৃথকে প্ৰয়াগৰাজত কুম্ভস্নান কৰিছেগৈ৷ সোমবাৰে বিয়লি প্ৰয়াগৰাজলৈ গৈ ত্ৰিবেনী সংগমত পত্নীসহ কুম্ভস্নান কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই৷ বৃহস্পতিবাৰে কুম্ভস্নান কৰে মন্ত্ৰী অশোক সিংহালে৷ মন্ত্ৰী কৃষ্ণেন্দু পালে শুকুৰবাৰে ত্ৰিবেনী সংগমত কুম্ভস্নান কৰিছে৷ মন্ত্ৰী পালেও সপত্নীক কুম্ভস্নান কৰিছে ত্ৰিবেনী সংগমত৷
মন্ত্ৰী কৌশিক ৰায়েও শুকুৰবাৰে ত্ৰিবেনী সংগমত কুম্ভস্নান কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে প্ৰয়াগৰাজত কুম্ভস্নান কৰে৷ কেৱল প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী বা অসম তথা অন্যান্য বিজেপিশাসিত ৰাজ্যৰ মন্ত্ৰীয়ে নহয়, দেশৰ ৰাষ্ট˜পতি দ্ৰৌপদী মুৰ্মূৱেও প্ৰয়াগৰাজৰ ত্ৰিবেনী সংগমত কুম্ভস্নান কৰিবলৈ যাব৷ সোমবাৰে তেওঁ ত্ৰিবেনী সংগমত কুম্ভস্নান কৰাৰ উপৰি মহা কুম্ভমেলা উপভোগ কৰিব৷ ৰাষ্ট˜পতি মুৰ্মুৰ এনে কাৰ্যসূচীক লৈ স্বাভাৱিকতে সচেতন মহলত ব্যাপক চৰ্চা হৈছে৷