
পৰাজয়ৰ পাছতো নাচ-গান, বিতৰ্কৰ মাজত আতিশীৰ পদত্যাগ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ ফেব্ৰুৱাৰীঃ দল ধুলিসাৎ৷ দলৰ মুৰব্বীৰ শোচনীয় পৰাজয়৷ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ সোঁহাত স্বৰূপ মনীষ ছিছোদিয়াও পৰাজিত৷ নিজৰ দল দুটা কাৰ্যকালৰ পাছত শাসনৰ পৰা উৎখাত হৈছে৷ এনে এক শোচনীয় পৰিস্থিতিত বিদায়ী মুখ্যমন্ত্ৰী আতিশীয়ে শনিবাৰে নিজৰ জয়লাভত নাচি-বাগি ফুৰ্টি কৰাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰাত সকলো আচৰিত হৈছে৷ আতিশীৰ নৃত্যৰ ভিডিঅ’ দেখি তেওঁৰ ৰুচিবোধক লৈ প্ৰশ্ন উত্থাপন কৰিছে দলৰ বিভিন্ন কাম-কাজত সমালোচনা কৰি থকা ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালে৷ উল্লেখ্য, শনিবাৰে দিনৰ ভাগতে আপৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া, মন্ত্ৰী সৌৰভ ভৰদ্বাজ পৰাস্ত হোৱাৰ খবৰ প্ৰকাশ পাইছিল৷ তাৰ মাজতে বিদায়ী মুখ্যমন্ত্ৰী আতিশীয়ে কালকাজী সমষ্টিত ৰমেশ বিধুৰীক ৩,৫২১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি দলৰ ‘সন্মান ৰক্ষা’ কৰে৷ দিল্লীত বেলি ডুব নৌযাওঁতেই আপৰ ৰাজধানীত ৰাজপাট অন্ত পৰা নিশ্চিত হৈছিল৷ তাৰ পাছত সন্ধিয়া আতিশীয়ে দলৰ এদল সতীৰ্থৰ সৈতে গানৰ তালে তালে নাচি-বাগি নিজৰ বিজয় উদ্যাপন কৰে৷ আতিশীৰ এই নাচৰ ভিডিঅ’ ততালিকে ছ’চিয়েল মিডিয়াত বিয়পি পৰে৷ ছ’চিয়েল মিডিয়াৰ নেটিজেনে আৰু হাজাৰ হাজাৰ আপৰ সমৰ্থকে আতিশীক তেওঁৰ নৃত্যৰ বাবে ধিক্কাৰ জনায়৷ আতিশীৰ এই কাৰ্যক নিৰ্লজ্জ প্ৰদৰ্শন বুলি অভিহিত কৰে ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালে৷ কেজৰিৱালৰ সৈতে সংঘাতত লিপ্ত হ’লেও আৰু আপৰ শীৰ্ষ নেতাৰ সৈতে মুঠেই সদ্ভাৱ নাথাকিলেও স্বাতী মালিৱালে দলত্যাগ কৰা নাই৷ বৰং দলত থাকিয়েই কেজৰিৱালৰ আকোঁৰগোজ মনোভাৱ আৰু দলীয় ভুল কাৰ্যকলাপক সমালোচনা কৰি গৈছে৷
এই সমালোচনাৰ কোনো প্ৰত্যুত্তৰ নিদিয়া আতিশীয়ে দেওবাৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে৷ তেওঁ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাৰ হাতত পদত্যাগপত্ৰ দাখিল কৰে৷ উপ-ৰাজ্যপালে পৰৱৰ্তী চৰকাৰে শপতগ্ৰহণ নকৰালৈকে আতিশীক মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰি যাবলৈ পৰামৰ্শ দিয়ে৷ পিছে বিজেপিৰ চৰকাৰ গঠনত বিলম্ব হ’ব৷ কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা ভ্ৰমণৰ পৰা উভতি অহাৰ পাছতহে বিজেপি চৰকাৰে শপত গ্ৰহণ কৰিব৷ প্ৰধানমন্ত্ৰী উভতি আহিব অহা বৃহস্পতিবাৰে৷ শপতগ্ৰহণ অনুষ্ঠান জাকজমকতাৰে আয়োজন কৰিব বিজেপিয়ে৷