
মোৰ চহৰ,মোৰ দৌৰ, গুৱাহাটীত অনুষ্ঠিত মাৰাথন
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজি প্ৰেৰণা আই এ এছ বিষয়াসকলৰ পত্নী এচোচিয়েশ্বন আৰু পেপাৰ মেচী প্ৰাইভেট লিমিটেডৰ উদ্যোগত দ্বিতীয় সংস্কৰণ মাৰাথন অনুষ্ঠিত হয়৷ পুৱা ৫ বজাতে অনুষ্ঠিত মোৰ চহৰ, মোৰ দৌৰ শীৰ্ষক এই মাৰাথনৰ ৪২ কিলোমিটাৰ ফুল মাৰাথন শাখাৰ ফ্লেগ অফ কৰে অসমৰ আইৰণলেডী খ্যাত ৰাজনীশ গোস্বামীয়ে৷ এই মাৰাথনত ফুল মাৰাথনৰ লগতে হাফ মাৰাথন, ১০ কিলোমিটাৰ ৰান, ৫ কিলোমিটাৰ ৰান আদি বিভিন্ন শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ ২১ কিলোমিটাৰৰ হাফ মাৰাথনৰ ফ্লেগ অফ কৰে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই৷
আনহাতে ১০ কিলোমিটাৰ ৰানত ৰাজ্যৰ মুখ্য সচিব ড॰ ৰবি কোটা, ৫ কিলোমিটাৰ ৰানত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ লগতে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড॰ পাৰ্থ সাৰথি মহন্ত উপস্থিত থাকি সৌষ্ঠব বৃদ্ধি কৰে৷ মাৰাথনত সৰ্বমুঠ ৩০০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ প্ৰাইজমণি হিচাপে ৭.৯৫ লাখ টকা তথা অন্যান্য উপহাৰ সামগ্ৰী বিতৰণ কৰা হয়৷ মাৰাথনত ৪ বছৰৰ পৰা ৭০ বছৰ পৰ্যন্ত বয়সৰ লোকেও অংশগ্ৰহণ কৰে৷ এই মাৰাথনত সহযোগ কৰে কল ইণ্ডিয়া লিমেটেডে আৰু প্ৰেজেটিং পাৰ্টনাৰ আছিম ভিণ্টেজ চাৰ্কোল৷ গল্ড পাৰ্টনাৰ আছিল ষ্টাৰ চিমেণ্ট, ইণ্ডিয়ান অইল, অইল ইণ্ডিয়া লিমিটেড, ছিলভাৰ পাৰ্টনাৰ, অএনজিচি, নুমলীগড় ৰিফাইনেৰী আৰু টাটা ইলেকট্ৰনিক্স৷ ৰাজ্যৰ মুখ্য সচিব ড॰ ৰবি কোটাই এই মাৰাথনক প্ৰশংসা কৰি কয় যে শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ লগতে মাৰাথনে সামুহিক মনোভাৱৰ সৃষ্টি কৰে৷ এনে মাৰাথনে নিয়োগ সৃষ্টিৰো সুযোগ আনে৷