
মহানগৰীত সমদল-শোভাযাত্ৰা নিষিদ্ধ ঘোষণা
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ ফেব্ৰুৱাৰীঃ সন্মুখত এডভাণ্টেজ আছাম-২.০৷ এডভাণ্টেজ আছামক কেন্দ্ৰ কৰি অসমলৈ এতিয়া সোঁত বৈছে ভি আই পি-ভি ভি আই পিৰ৷ অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত মহানগৰীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছামৰ এদিন পূৰ্বে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰদৰ্শন হ’ব গীনিজ ৱল্ড ৰেকৰ্ডৰ বাবে ঝুমুৰ নৃত্য৷ ৮,৮৮৮ গৰাকী চাহ-বাগানীয়া যুৱক-যুৱতীৰ ঝুমুৰ নাচৰ এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ সমান্তৰালভাৱে অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন৷ বিশ্ব বিনিয়োগ সন্মিলন, প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ আৰু বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কোনো দল-সংগঠনে যাতে ৰাজপথত সমদল-শোভাযাত্ৰা কৰিব নোৱাৰে, তাক নিশ্চিত কৰাৰ বাবে গুৱাহাটী মহানগৰীত ১৬৩ ধাৰা জাৰি কৰিছে আৰক্ষীয়ে৷ সোমবাৰৰে পৰা কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্টকালৰ বাবে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে মহানগৰীত ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰি সমদল-শোভাযাত্ৰা নিষিদ্ধ ঘোষণা কৰিছে৷ সোমবাৰে উপ-আৰক্ষী আয়ুক্ত [প্ৰশাসন] ইমদাদ আলিয়ে এখন জাননী যোগে গুৱাহাটীৰ ৰাজপথত শোভাযাত্ৰা নিষিদ্ধ কৰি ১৬৩ ধাৰা আৰোপ কৰাৰ কথা ৰাজহুৱা কৰিছে৷ অৱশ্যে, আৰক্ষী আয়ুক্তালয়ে অতি কৌশলপূৰ্ণভাৱে গুৱাহাটী মহানগৰীত যান-জঁট ৰোধ কৰি নাগৰিকৰ সুচল যাতায়াত তথা জৰুৰীকালীন সেৱা বিলম্ব কৰিব পৰা প্ৰত্যাহ্বান দূৰ কৰাৰ স্বাৰ্থত ৰাজপথত শোভাযাত্ৰা নিষিদ্ধ কৰা বুলিহে জাননীখনত উল্লেখ কৰিছে৷ তদুপৰি জাননীখনত এই আদেশ উলংঘন কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ২২৩ ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব বুলিও সকীয়াই দিছে৷ উল্লেখ্য, অসম বিধানসভাৰ বাজেট অধিৱেশনত কেইবাটাও সংগঠনে নিজ নিজ দাবীৰ সমৰ্থনত দিছপুৰ চলো কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে৷
প্ৰধানমন্ত্ৰীৰ অসম আগমণৰ দিনটোত সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক সংগঠনে বিক্ষোভ কাৰ্যসূচীৰ হুংকাৰ দিছে৷ তদুপৰি অসম চৰকাৰে এডভাণ্টেজ আছামত বিনিয়োগ চুক্তিৰ জৰিয়তে ৰাজ্যৰ গাহৰিৰ বজাৰখন থলুৱাৰ হাতৰ পৰা কাঢ়ি নি থাইলেণ্ডৰ চি পি কোম্পানীক গটোৱাৰ বাবে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধেও প্ৰতিবাদৰ হুংকাৰ দিছে গাহৰি পালকসকলে৷ আনকি চৰকাৰে চি পি কোম্পানীৰে চুক্তিৰ পৰিকল্পনা বাতিল নকৰিলে প্ৰধানমন্ত্ৰীৰ অসম আগমণৰ দিনটোত সদৌ অসম গাহৰি পালক সন্থাই নগ্ন প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও মুখ্যমন্ত্ৰীক সংবাদমেল পাতি ভাবুকি প্ৰদান কৰিছে৷ গাহৰি পালক সন্থাৰ এই ভাবুকিৰ পাছতেই মুখ্যমন্ত্ৰীয়ে পাভলুটি মাৰি চি পি কোম্পানীৰে চুক্তিৰ বিষয়টোত অজ্ঞতা প্ৰকাশ কৰাও দেখা গৈছিল৷ মুঠৰ ওপৰত এডভাণ্টেজ আছামৰ কাৰ্যসূচী সম্পন্ন নোহোৱা পৰ্যন্ত কোনো দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আইন-শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ নকৰে, তাৰ বাবে আগতীয়া সতৰ্কতা হিচাপেই গুৱাহাটী আৰক্ষীয়ে মহানগৰীৰ ৰাজপথত সমদল-শোভাযাত্ৰা নিষিদ্ধ কৰা বুলি চৰ্চা লাভ কৰিছে৷