
মাজত ১৪ দিন, বিনিয়োগ বিচাৰি ছিংগাপুৰত মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ফেব্ৰুৱাৰীঃ অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব এই এডভাণ্টেজ আছাম ২.০৷ ইয়াৰ লগত সংগতি ৰাখি ২৪ ফেব্ৰুৱাৰীত সৰুসজাইত অনুষ্ঠিত হ’ব ঝুমুৰৰ বিশ্ব ৰেকৰ্ড৷ খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই এডভাণ্টেজ আছামলৈ মাজত মাত্ৰ ১৪ টা দিনহে বাকী৷ এই এডভাণ্টেড আছামৰ জৰিয়তে অসমলৈ কেইবালাখ কোটি টকাৰ ইণ্ডাষ্ট্ৰীয়েল পেকেজ অহাৰ লগতে ৰাজ্যখনে উদ্যোগীকৰণৰ ক্ষেত্ৰত এক নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে৷ অসম এক মেনুফেকচাৰিং হাৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিনিয়োগ বিচাৰি সোমবাৰে ছিংগাপুৰত উপস্থিত হৈছে৷ সন্ধিয়া ছিংগাপুৰত উপস্থিত হোৱাৰ সন্দৰ্ভত সামাজিক মাধ্যমত সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয়–কিছু সময় পূৰ্বে ছিংগাপুৰত অৱতৰণ কৰিলোঁ৷ ছিংগাপুৰত ভাৰতৰ সন্মানীয় উচ্চায়ুক্ত ড॰ শিল্পক আম্বুলেলৈ তেখেতে জনোৱা উষ্ম আদৰণিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ পৰৱৰ্তী দুটা দিনত ছিংগাপুৰ চৰকাৰ আৰু উদ্যোগপতিসকলৰে সাক্ষাতত মিলিত হ’বলৈ আগ্ৰহেৰে বাট চাই ৰৈছোঁ৷ ‘এডভাণ্টেজ আছাম-২.০’ সম্পৰ্কীয় বিষয়ত মুখ্যত: বাৰ্তালাপত মিলিত হ’ম৷ উল্লেখ্য দুদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰীয়ে দেশখনৰ প্ৰশাসনিক তথা ঔদ্যোদিক নেতৃত্বৰ সৈতে ছেমিকণ্ডাক্টৰ, ডীপ টেকন’লজী, আন্তঃগাঁথনি, নিৰ্মাণখণ্ড আদি প্ৰসংগত আলোচনাত বহিব৷ তেওঁ এক ৰোডশ্বতো ভাগ ল’ব৷ ইফালে এডভাণ্টেজ অসমৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি জনতা ভৱনৰ কাৰ্য্যালয় কক্ষত এই সন্মিলনৰ বাবে চৰকাৰী ভাবে গঠন কৰি দিয়া অতিথি নিমন্ত্ৰণ, প্ৰদৰ্শনী, প্ৰটোকল, অতিথি সেৱা, পৰিবহণ আৰু সুৰক্ষা সমিতিৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়৷ পৰ্যালোচনা বৈঠকত অতিথি বিশেষকৈ বিনিয়োগকাৰী আৰু অন্যান্য অতিথি সকলক সন্মিলনলৈ নিমন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সচেষ্টহৈ তথা সতৰ্কতাৰে কাম কৰাৰ বাবে আৰু অতিথি সকল সন্মিলনত উপস্থিত হোৱাৰ দিশত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে দৃষ্টি ৰখাৰ বাবে বিষয়া সকলক নিৰ্দেশ দিয়ে৷ এই পৰ্যন্ত কিমানখন দেশে অংশ গ্ৰহণৰ নিশ্চিতি প্ৰদান কৰিছে, অংশ গ্ৰহণৰ নিশ্চিতি প্ৰদান কৰা দেশ সমূহৰ কিমান প্ৰতিনিধি উপস্থিত থাকিব এই সন্দৰ্ভতো মন্ত্ৰী বড়াই বিষয়া সকলৰ পৰা অৱগত হয়৷ প্ৰদৰ্শনী সমিতিৰ পৰ্যালোচনা বৈঠকত কোন প্ৰতিষ্ঠানক কোনতো হ’লত কোন প্ৰতিষ্ঠানে প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰিব, কাৰ বাবে কিমান স্থান অনুমোদন দিয়া হৈছে, কি ধৰণে সজোৱা হ’ব সেই বিষয়ে বুজ লোৱাৰ লগতে প্ৰদৰ্শনীখন যাতে বিশ্ব মানৰ হয় তাৰ ওপৰতো উদ্যোগ মন্ত্ৰী বড়াই পৰ্যালোচনাৰ সময়ত গুৰুত্ব আৰোপ কৰে৷ প্ৰটোকল, সা -সুবিধা আৰু পৰিবহণ সমিতিৰ পৰ্যালোচনা বৈঠকত দেশ বিদেশৰ পৰা আহিব লগা বিনিয়োগকাৰী, ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ প্ৰতিনিধি সকলক প্ৰটোকল বিষয়া সকলে প্ৰদান কৰিব লগা নিৰ্দেশনা, সন্মিলনৰ দুয়োদিনা বিনিয়োগকাৰী সকল থাকিব লগীয়া হেটেল, যাতায়াত ব্যবস্থা আদিৰ সন্দৰ্ভত পুংখানুপুংখ ভাবে পৰ্যালোচনা কৰে৷ এই দিশত মন্ত্ৰী বড়াই বিষয়া সকলক প্ৰয়োজনীয় নিদেৰ্শনাও প্ৰদান কৰে৷ দিনটোৰ শেষত অনুষ্ঠিত সুৰক্ষাৰ দিশতো পৰ্যালোচনা কৰা হয়৷ ভাৰত আৰু ভূটানৰ প্ৰধানমন্ত্ৰীদ্বয় উপস্থিত থাকিব লগা সন্মিলনৰ প্ৰথম দিনাৰ সুৰক্ষাৰ দিশতো বিশেষ ভাবে পৰ্যালোচনা কৰা হয়৷ দেশ বিদেশৰ গুৰুত্বপূৰ্ণ ব্যক্তি, বিনিয়োগকাৰী সকলৰ যান বাহন সমূহৰ যাতায়ত, পাৰ্কিং আদি ক্ষেত্ৰত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লোৱাৰ লগতে আনুষংগিক দিশ সমূহৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰি বিহিত ব্যবস্থা গ্ৰহণৰ বাবে মন্ত্ৰী বড়াই বিষয়া সকলক প্ৰয়োজনীয় নিদেৰ্শ দিয়ে৷ দেশী -বিদেশী বিনিয়োগকাৰীক অসমত বিনিয়োগৰ বাবে আকৰ্ষিত কৰিবলৈ আয়োজন কৰা এডভাণ্টেজ অসম’ সন্মিলনখন আকৰ্ষণীয় ধৰণে সজাই তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি ইভেণ্ট ম্যানেজমেণ্ট গ্ৰুপক পৰ্যালোচনা বৈঠকত কেতবোৰ নিৰ্দেশনা উদ্যোগ মন্ত্ৰী বিমল বড়াই প্ৰদান কৰে৷ ‘এডভাণ্টেজ অসম ২.০ সফল কৰি তোলাৰ ক্ষেত্ৰত বিষয়া কৰ্মচাৰী সকলক উৎসৰ্গীকৃত মনোভাৱেৰে কাম কৰাৰ বাবেও মন্ত্ৰী বড়াই বৈঠকত আহ্বান জনায়৷ আনহাতে এডভাণ্টেজ আছাম ২.০ ৰ উপলক্ষে গুৱাহাটী মহানগৰীখন সজাই-পৰাই তোলা হৈছে৷ দিনে নিশাই শ শ শ্ৰমিকে মহানগৰীৰ ৰাস্তাঘাট আদিত চাফাই তথা চূণ তেল সনাৰ কাম আৰম্ভ কৰিছে৷ সমান্তৰালভাৱে ৰুক্মিনীগাঁৱৰ নৱ নিৰ্মিত ফ্লাই অভাৰখনৰ কামো দ্ৰুত গতিত আগবাঢ়িছে৷
বঙাইগাঁৱত ‘এডভাণ্টেজ আছাম’ৰ কৰ্মশালা
‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ প্ৰতিনিধিঃ ফেব্ৰুৱাৰীৰ ২৪তাৰিখৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘এডভাণ্টেজ আসাম ২.০’ৰ অনুষ্ঠানত জিলাৰ পৰা অংশগ্ৰহণ কৰাৰ বাবে সজাগ কৰিবলৈ বঙাইগাঁও জিলা আৰু বৰপেটা জিলাৰ উদ্যোগী আৰু বিভাগীয় বিষয়াৰ উপস্থিতিত এখন কৰ্মশালা আজি বঙাইগাঁও হোটেল জাহ্নৱী ৰিজেন্সীৰ সভাকক্ষত অনুষ্ঠিত কৰা হয়৷ কৰ্মশালাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৰ্যটন, আইন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে৷ ভাষণ প্ৰসংগত মন্ত্ৰীজনে কয় যে অসমক আন্তঃগাঁথনিৰ লগতে উদ্যোগ আৰু বাণিজ্যৰ দিশতো আগবঢ়াই নিবৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনামৰ্মে ‘এডভাণ্টেজ আসাম ২.০’ অনুষ্ঠিত কৰা হ’ব৷ এই ‘এডভাণ্টেজ আসাম ২.০’ ত অসমৰ সকলো জিলাকে অংশগ্ৰহণ কৰিবলৈ প্ৰতি জিলাতে বা দুই-তিনিখন জিলা লগ কৰি কৰ্মশালা অনুষ্ঠিত কৰা হৈছে৷ আজি বঙাইগাঁও আৰু বৰপেটা জিলাৰ উদ্যোগী আৰু বিভাগীয় বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই সভাই নিশ্চিতভাৱে সজাগ কৰিব বুলি তেওঁ আশাবাদী৷ তেওঁ আৰু কয় যে ভাৰতত অতি প্ৰাচীন কালৰ পৰাই বহু চিন্তাৰ উদ্ৰেক হৈছিল৷ যেনেদৰে আমাৰ মহাকাব্য মহাভাৰতত পুষ্পক ৰথৰ উল্লেখ আছে যি আকাশেদি উৰি যোৱাৰ বৰ্ণনা আছে৷ আমাৰ মহাকাব্যত উল্লেখ আছে আকাশবাণী কৰাৰ কথা৷ সেই ধাৰণাৰেই হয়তো হেলিকপ্টাৰ বনোৱা হৈছিল, বেতাৰ যন্ত্ৰৰ আৱিষ্কাৰ হৈছিল– এই কথা উল্লেখ কৰি মন্ত্ৰীজনে আৰু কয় যে আমি চিন্তা-চৰ্চা আৰু প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ৷ সেয়া আমি ব্যৱহাৰিক কামত লগাই নতুন নতুন উদ্যোগ গঢ়িব পাৰোঁ, ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ৷ যেনেদৰে অসমত বাঁহৰ উৎপাদন ভাল গতিকে এই বাঁহ আমি ধূপকাঠিত ব্যৱহাৰ কৰিব পাৰোঁ৷ তাৰ বাবে বাঁহৰ উৎপাদন বৃদ্ধি কৰিব লাগিব৷ ভাৰতৰ পুৰণি গৰিমাক পুনৰুজ্জীৱিত কৰি উদ্যোগ আৰু বাণিজ্যক আগবঢ়াই নিব লাগিব বুলিও কয় মন্ত্ৰীজনে৷ আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত নৱদ্বীপ পাঠকে শুভাৰম্ভণি ভাষণ দিয়ে৷ অনুষ্ঠানত ভাৰতৰ তেল নিগমৰ কাৰ্যবাহী সঞ্চালক তথা বঙাইগাঁও তেল শোধনাগাৰৰ মুৰব্বী নয়ন কুমাৰ বৰুৱায়ো বক্তব্য ৰাখে৷ বৰপেটা জিলাৰ জিলা আয়ুক্তৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা অতিৰিক্ত জিলা আয়ুক্ত মৌচুমী চেতীয়াই বক্তব্য ৰাখে৷ আজিৰ কৰ্মশালাত বঙাইগাঁও জিলাৰ তেৰজন আৰু বৰপেটা জিলাৰ ত্ৰিশজন উদ্যোগীয়ে অংশগ্ৰহণ কৰে৷