
জলজীৱনে আনিলে জলবিপৰ্যয়
‘আমাৰ অসম’ৰ লক্ষ্মীগঞ্জৰ প্ৰতিবেদক, ১০ ফেব্ৰুৱাৰীঃ বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ হাকামা পঞ্চম খণ্ড জল জীৱন মিছন আঁচনিৰ পাইপ ফুটি জলমগ্ন বৃহত্তৰ অঞ্চল৷ অতি নিম্নমানৰ কাম কৰাৰ বাবে আঁচনিখনৰ পানী এৰি দিয়াৰ পাছত আজি ইয়াত কালি তাত পাইপ ফুটি জলমগ্ন কৰি তুলি আহিছে৷ পুনৰ আজি পুৱাৰ ভাগত পানী যোগান আঁচনিখনৰ পাইপ ফুটি জলমগ্ন কৰি তুলিছে অঞ্চলটো৷
কোটি টকীয়া আঁচনিখন ৰূপায়ণৰ নামত বিভাগীয় অভিযন্তাৰ সহযোগত ঠিকাদাৰে বিয়াগোম দুৰ্নীতিৰ আশ্ৰয় লৈ অতি নিম্ন মানৰ কাম কৰাৰ বাবে প্ৰায়েই আঁচনি খনৰ পাইপ ফুটি যোৱাৰ অভিযোগ তুলিছে ৰাইজে৷ সেয়ে এক উচ্ছ পৰ্যায়ৰ তদন্তমৰ্মে আঁচনিখন নিকা কৈ নিৰ্মাণৰ বাবে বিভাগীয় মন্ত্ৰীক দাবী জনাইছে ৰাইজে৷