Logo
image

দিব্যাংগক চাকৰি দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ সংগঠনৰ দুই কৰ্মকৰ্তা ধৃত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ ফেব্ৰুৱাৰীঃ  কোনো ধন নিদিয়াকৈ নিবনুৱাক চাকৰি দিয়া বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি অহাৰ সময়ত দিব্যাংগ সংগঠনৰ দুজনকৈ নেতাই চাকৰিৰ নামত লাখে লাখে টকা সংগ্ৰহৰ তথ্য পোহৰলৈ আহিছে৷ ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি বিলাসী বাহনো ক্ৰয় কৰিলে দিব্যাংগ সংগঠনৰ নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে৷ কিন্তু ‘এশ গৰু মাৰিলে, বাঘৰো মৰণ, আপ্ত বাক্যশাৰীৰ দৰেই অৱশেষত ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল দিব্যাংগ মঞ্চ অসমৰ সম্পাদক ছেমিম আহমেদ আৰু সভাপতি নৱজিৎ বৰ্মন৷ ছেমিম আহমেদে চাকৰিৰ নামত প্ৰাৰ্থীৰ সৈতে ধনৰ দৰ-দাম কৰা এটা অডিঅ’ ক্লিপিং ভাইৰেল হৈ পৰাৰ পাছতেই কেইবাজনো দিব্যাংগ প্ৰাৰ্থীয়ে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছিল৷ এই গোচৰটোত গ্ৰেপ্তাৰৰ আশংকাত বহিঃৰাজ্যলৈ পলায়নৰ চেষ্টা চলোৱাৰ সময়তে দেওবাৰে বৰাগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনক৷ অভিযোগ অনুসৰি দিব্যাংগ মঞ্চ অসমৰ সম্পাদক ছেমিম আহমেদ আৰু সভাপতি নৱজিৎ বৰ্মনে এ ডি আৰ পৰীক্ষাৰ নামত নলবাৰী, ধুবুৰী, কোকৰাঝাৰ আদি জিলাৰ বিভিন্ন প্ৰতিবন্ধী প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰিছিল৷ আনকি ধন বিচাৰি ছেমিম আহমেদে প্ৰাৰ্থীৰ সৈতে মোবাইলত বাৰ্তালাপো কৰিছিল৷ ভাইৰেল অডিঅ’ ক্লিপিঙত ছেমিমে স্পষ্টকৈ প্ৰাৰ্থীক চাকৰি দিয়াৰ নামত লাখ টকালৈকে ধন দাবী কৰা শুনা গৈছিল৷ ভাইৰেল অডিঅ’ত ছেমিম আহমেদে ওপৰৰ বিষয়াক ধন প্ৰদান কৰিব লাগিব বুলিও কৈছিল৷ আনকি চাকৰিৰ নামত সংগ্ৰহ কৰা ধনেৰে নেতাদ্বয়ে দিনচেৰেক পূৰ্বে এখন নতুন স্ক’ৰপিঅ’ বাহনো ক্ৰয় কৰাৰ অভিযোগ উঠিছিল৷ একোজন প্ৰাৰ্থীৰ পৰা ৪.৫০ লাখ টকাকৈ ছেমিম আৰু নৱজিতে সংগ্ৰহ কৰিছিল৷ তদুপৰি চাকৰিৰ নিশ্চিয়তাৰ বাবে দলিলত চুক্তি কৰাৰো প্ৰলোভন দিছিল দালাল ৰূপী স্বয়ম্ভূ নেতাদ্বয়ে৷ ওপৰ মহলক হেঁচা প্ৰয়োগ কৰি হ’লেও চাকৰি প্ৰাপ্তি নিশ্চিত কৰাৰ ভুৱা আশ্বাস দিছিল ছেমিম-নৱজিতে৷ দিব্যাংগ মঞ্চৰ নেতাদ্বয়ে চাকৰিৰ বজাৰ মেলা তথ্য ফাদিল হোৱাৰ পাছতেই কেইবাজনো বিশেষভাৱে সক্ষম প্ৰাৰ্থীয়ে জ্জ্ব ফেব্ৰুৱাৰীত মহানগৰীৰ পাণবজাৰ থানাত এজাহাৰ দাখিল কৰে৷ অৱশ্যে, প্ৰথম অৱস্থাত দালাল দুটাক বিশেষভাৱে সক্ষম হোৱাৰ বাবে পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই গোচৰ ৰুজু কৰিব বিচৰা নাছিল যদিও অডিঅ’টো ভাইৰেল কৰা প্ৰাৰ্থীজনক নৱজিৎ বৰ্মনে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ পাছতেই আৰক্ষীয়ে গোচৰ তৰি দুয়োটা দালালকে গ্ৰেপ্তাৰ কৰে৷ সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ সময়ত ছেমিম আহমেদে সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে বুলিহে অভিযোগ কৰে৷ উল্লেখ্য, ছেমিম আৰু নৱজিতে বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলক ঢাল হিচাপে লৈ চৰকাৰক ব্লেকমেইল কৰি ১০ ফেব্ৰুৱাৰীৰ ভিতৰত দিছপুৰ কপোঁৱা প্ৰতিবাদী কাৰ্যসূচীৰ হুংকাৰ দিছিল যদিও অৱশেষত নিজেই ৰঙাঘৰৰ আলহী হ’ল৷


এইখন চৰকাৰে চাকৰিৰ নামত কাকো এটকাও খাবলৈ নিদিয়েঃ  মন্ত্ৰী পীয়ূষ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ  এইখন চৰকাৰে চাকৰিৰ নামত কাকো এক টকাও খাবলৈ নিদিয়ে, খোৱা নাই আৰু যিসকল মেধাসম্পন্ন ল’ৰা-ছোৱালী তেওঁলোকেহে চাকৰি পাব৷ - এই মন্তব্য জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজিৰকাৰ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি চাকৰিৰ নামত দালালি কৰাসকলক কঠোৰ সকীয়নি প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই৷ তেওঁ কয় যে চাকৰিৰ নামত যিয়েই দালালি কৰিব, চাকৰিৰ নামত যিয়েই মানুহক প্ৰতাৰণা কৰিব, কোনোপধ্যে কাকো সাৰি যাবলৈ দিয়া নহ’ব৷ চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ দিয়া নহ’ব৷ লাগিলে সেয়া যি দলৰেই নহওক৷ মন্ত্ৰীজনে এনেধৰণৰ কোনো নিযুক্তি জলসম্পদ বিভাগে দিয়া নাই বুলি স্পষ্ট কৰে৷ তেওঁ কয় যে এয়া সম্পূৰ্ণ ভুৱা৷ ইয়াৰ উচিত তদন্ত কৰা হ’ব৷ কোনোবাই যদি এনেকুৱা দুষ্কাৰ্য কৰিছে, গৰ্হিত কাম কৰিছে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ’ব বুলি তেওঁ দৃঢ়তাৰে উল্লেখ কৰে৷ উল্লেখ্য, মন্ত্ৰীজনে সোমবাৰে সামাজিক মাধ্যমতো এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ একাংশ দুষ্টচক্ৰই জলসম্পদ বিভাগৰ নামত ভুৱা ৱেবছাইট খুলি নিযুক্তি সম্পৰ্কীয় অপপ্ৰচাৰ চলাই থকা দৃষ্টিগোচৰ হোৱা বুলি উল্লেখ কৰে৷ কোনোৱে যদি এনে কোনো চক্ৰৰ পৰা জলসম্পদ বিভাগত ভুৱা নিযুক্তিৰ কোনো বাৰ্তা লাভ কৰিছে, তেন্তে মন্ত্ৰীজনে  শীঘ্ৰেই বিভাগীয় কাৰ্যালয়ত যোগাযোগ কৰিবলৈ আহ৩ান জনায়৷ এই দুষ্টচক্ৰৰ বিৰুদ্ধে গোচৰ প্ৰদানৰ বাবে ইতিমধ্যে বিভাগক নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি ন্যস্ত স্বাৰ্থজড়িত এনে কু-অভিপ্ৰায় কৰাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হাতত লোৱা হ’ব বুলি সকীয়নি দিয়ে৷ নিযুক্তি সম্পৰ্কীয় যিকোনো তথ্য বা বাতৰি থাকিলে, চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হ’ব বুলি মন্ত্ৰীজনে উল্লেখ কৰি এনে ভুৱা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ ৰাইজক আহ৩ান জনায়৷