
পত্নীক লৈ বিতৰ্কৰ মাজতে সংসদত নদীবান্ধৰ বিৰুদ্ধে সৰৱ গৌৰৱ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু নতুন দিল্লীৰ প্ৰতিনিধি, ১১ ফেব্ৰুৱাৰীঃ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে সংসদত নদীবান্ধৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ৷ ব্ৰহ্মপুত্ৰক যিকোনো প্ৰকাৰে ৰক্ষা কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সাংসদজনে৷ মঙলবাৰে লোকসভাৰ শূন্যকালীন ঘণ্টাত তেওঁ চুবুৰীয়া দেশখনৰ সৈতে জলচুক্তি সম্পাদনৰ গুৰুত্বৰ বিষয়ে বক্তব্য আগবঢ়ায়৷ তেওঁ কয়– চীনৰ পৰা ব্ৰহ্মপুত্ৰক ৰক্ষা কৰিবলৈ হ’লে চুবুৰীয়া দেশখনৰ সৈতে এক জলচুক্তি সম্পাদন কৰিবই লাগিব৷ তিব্বতত ব্ৰহ্মপুত্ৰৰ বুকুত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ বাতৰিকলৈ উদ্বিগ্নতা ব্যক্ত কৰি কংগ্ৰেছ সাংসদ গৌৰব গগৈয়ে লোকসভাৰ শূন্যকালত দেশখনৰ সৈতে জলচুক্তি সম্পাদনৰ গুৰুত্বৰ কথা দাঙি ধৰে৷ চীনৰ সৈতে বিষয়টো সন্দৰ্ভত ভাৰতে যাতে অতি শীঘ্ৰে আলোচনা কৰে তাৰ বাবেও গগৈয়ে চৰকাৰক আহ্বান জনায়৷ তেওঁ কয় যে ৰঙা চীনৰ প্ৰস্তাৱিত জলবিদ্যুত প্ৰকল্পটোয়ে কেৱল দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবেই নহয়, জল সুৰক্ষা আৰু আঞ্চলিক স্থিৰতাৰ সৈতেও জড়িত হৈ আছে৷ ইতিমধ্যে চীনৰ প্ৰস্তাৱিত বান্ধ সন্দৰ্ভত তেওঁ কেন্দ্ৰীয় প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ ওচৰত বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে৷ ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত চীনৰ একপক্ষীয় নিয়ন্ত্ৰণৰ বিষয়টো যে কিমান সংবেদশীল বিষয়ে সেই কথা অনুধাবন কৰিবলৈ গগৈয়ে চৰকাৰক আহ্বান জনাই কয় যে চীনৰ প্ৰস্তাৱিত উক্ত নদীবান্ধে নামনিৰ উত্তৰপূৰ্বাঞ্চলত প্ৰলয়কাৰী বানপানীৰ সমান্তৰালকৈ ভয়াবহ খৰাং পৰিস্থিতিও সৃষ্টি কৰিব পাৰে৷ তদুপৰি সমসাময়িক ভূৰাজনৈতিক প্ৰেক্ষাপটত ভাৰতক যিকোনো পৰিস্থিতিৰ বাবে প্ৰস্তুত থাকিব লাগিব৷ এইক্ষেত্ৰত চুবুৰীয়া দেশখনৰ সৈতে জলচুক্তি সম্পাদনৰ অপৰিসীম গুৰুত্বৰ কথা সদনৰ মজিয়াত দাঙি ধৰে৷ জলচুক্তি সম্পাদন কৰি ভাৰতক ব্ৰহ্মপুত্ৰৰ পানী সংক্ৰান্তীয় যাৱতীয় তথ্য প্ৰদান কৰিবলৈ চীনক বাধ্য কৰোৱা যাব৷ জলচুক্তি সম্পাদিত হ'লে বানাপানীৰ আগজননী তথা বান ব্যৱস্থাপনাতো ই সহায় কৰিব বুলি গগৈয়ে মত ব্যক্ত কৰে৷ মন কৰিবলগীয়া যে চীনৰ প্ৰস্তাৱিত বিশ্বৰ সৰ্ব বৃহত নদীবান্ধকলৈ ইয়াৰ পূৰ্বে ৰাজ্যসভাত অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু লোকসভাত বিজেপি সাংসদ দিলীপ শইকীয়ায়ো উদ্বিগ্নতা ব্যক্ত কৰি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷
উল্লেখ্য, লোকসভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাট পৰিষদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ বিৰুদ্ধে উত্থাপিত হৈছে চাঞ্চল্যকৰ অভিযোগ৷ অভিযোগ অনুসৰি, এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পাকিস্তানৰ সৈতে আছে ঘনিষ্ঠ সম্পৰ্ক৷ অকল সেয়াই নহয় মাৰ্কিন ‘দীপষ্টেট’ৰ প্ৰবক্তা তথা ৰাষ্ট্ৰীয়তাবাদ বিৰোধী হিচাপে পৰিচিত জৰ্জ ছৰছৰ সৈতেও সম্পৰ্ক আছে এলিজাবেথ ক’লবাৰ্ণ গগৈৰ৷ এলিজাবেথ ক’লবাৰ্ণ, এলিজাবেথ গগৈ হোৱাৰ পূৰ্বে স্বেচ্ছাসেৱী সংগঠন এটাৰ সৈতে জড়িত হৈ আছিল৷ গৌৰৱ গগৈৰ সৈতে বিয়া হোৱাৰ পূৰ্বে এলিজাবেথ ক’লবাৰ্ণ পাকিস্তানৰ লীড নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ হৈ ভাৰতত কাম কৰি আছিল৷ এই সংগঠনটোৰ নেতৃত্বত আছিল আলী তাকিৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক৷ আলী তাকিৰ শ্বেখ পাকিস্তানৰ পৰিকল্পনা আয়োগৰ অন্যতম উপদেষ্টা৷ পাক চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছে আলী তাকিৰ শ্বেখৰ৷ এই আলী তাকিৰ শ্বেখ লীড নামৰ সংস্থাটোৰ চি ই অ’৷ সেই আলী তাকিৰ শ্বেখৰ এন জি অ’ লীডৰ অধীনৰ প্ৰকল্প ক্লাইমেট এণ্ড ডেভেলপমেণ্ট ন’লেজ নেটৱৰ্ক চমুকৈ CDKNৰ সমন্বয়ক আছিল এলিজাবেথ ক’লবাৰ্ণ৷ CDKN আৰু জৰ্জ ছৰছে পাকিস্তানী আলী তাকিৰ শ্বেখ নেতৃত্বাধীন এন জি অ’ লীডে CDKN প্ৰকল্প ৰূপায়ণ কৰিছিল ICLEI নামৰ এটা সংস্থাৰ সহযোগত৷ এই ICLEIএ ২১ লাখ মাৰ্কিন ডলাৰ পাইছিল অ’পেন ছ’চাইটী ফাউণ্ডেচনৰ পৰা৷ অ’পেন ছ’চাইটী ফাউণ্ডেচন হ’ল ৰাষ্ট্ৰীয়তাবাদ বিৰোধী তথা ভাৰতক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ ৰচা মাৰ্কিন নাগৰিক জৰ্জ ছৰছ নেতৃত্বাধীন সংস্থা৷ এবিজাবেথ ক’লবাৰ্ণ গগৈয়ে পূৰ্বে কাম কৰিছিল মাৰ্কিন ছিনেটৰ টম উদালৰ সৈতেও৷ মাৰ্কিন ছিনেটৰ টম উদালৰ নিকট সম্পৰ্ক আছে জৰ্জ ছৰছৰ সৈতে৷ এই টম উদাল ইউ. এছ ছিনেট ইণ্টেলিজেঞ্চ কমিটীৰ সদস্য৷ এই টম উদালে পাকিস্তানত অধিক ধন দিয়াৰ পোষকতা কৰিছিল৷ কাজেই এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পাকিস্তান সম্পৰ্কিত অতীতৰ এই কাহিনী শেহতীয়াকৈ পোহৰলৈ আহিছে৷ বিশেষকৈ আমেৰিকাত ড’লাল্ড ট্ৰাম্প দ্বিতীয়বাৰলৈ শাসনৰ গাদীত বহাৰ পাছতেই জৰ্জ ছৰছ সম্পৰ্কিত কাহিনী অধিক চৰ্চালৈ আহিছিল৷ আনকি এই জৰ্জ ছৰছে প্ৰধানমন্ত্ৰী নেতৃত্বাধীন চৰকাৰক কেইবাবাৰো শলঠেকত পেলোৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে৷