
ৱাশ্বিংটনত মোদী
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া সফল ফ্ৰান্স ভ্ৰমণ সামৰি বুধবাৰে আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত উপস্থিত হৈছে৷ প্ৰধানমন্ত্ৰী মোদীক আজি ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেঁক্ৰৱে মাৰ্ছাইৰ বিমানবন্দৰত বিদায় সম্ভাষণ জ্ঞাপন কৰে৷ দুদিনীয়া আমেৰিকা ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীও নতুন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব৷ উল্লেখ্য, যোৱা ২০ জানুৱাৰীত ট্ৰাম্পে মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত আমেৰিকালৈ আমন্ত্ৰিত হোৱা নৰেন্দ্ৰ মোদী বিশ্বৰ চতুৰ্থজন ৰাষ্ট্ৰনেতা৷ প্ৰধানমন্ত্ৰী মোদী আমেৰিকা ভ্ৰমণৰ দুটা দিন ৰাষ্ট্ৰ্ৰপতি ভৱনৰ ইটোপাৰে অৱস্থিত ৰাষ্ট্ৰপতিৰ প্ৰধান চৰকাৰী অতিথিশালা ব্লেয়াৰ হাউছত থাকিব৷ মোদীয়ে এই দুদিনত ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক শীৰ্ষ বৈঠকত ভাগ লোৱাৰ উপৰি প্ৰতিনিধিবৰ্গ উপস্থিত থকা দুখন পৃথক বৈঠকত মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে মিলিত হ’ব৷
উল্লেখ্য, ড’নাল্ড ট্ৰাম্পে শপত লোৱাৰ পাছত এমাহতকৈ কম দিনত আমেৰিকালৈ ইতিপূৰ্বে আমন্ত্ৰিত হৈছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু, জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবা আৰু জৰ্ডানৰ সম্ৰাট দ্বিতীয় আব্দুল্লা৷ প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া ফ্লান্স ভ্ৰমণত এআই একচন শীৰ্ষ সন্মিলনত ফৰাছী ৰাষ্ট্ৰপতি ইমানুৱেল মেঁক্ৰৰ সৈতে সহ অধ্যক্ষতা কৰাৰ উপৰি ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ লয়৷ আনহাতে, আমেৰিকাৰ সূচী প্ৰধানমন্ত্ৰী মোদীৰ অতিশয় ব্যস্ত৷ তেওঁ মুঠতে ৬খন দ্বিপাক্ষিক বৈঠকত ভাগ ল’ব৷ ট্ৰাম্পৰ সৈতে একান্ত বৈঠকত মুখামুখি হ’ব বৃহস্পতিবাৰে বিয়লি ৪ বজাত৷ সেইদিনাৰ নৈশাহাৰো তেওঁ ট্ৰাম্পৰ সৈতে কৰিব৷ দ্বিপাক্ষিক বৈঠকৰ আগে-পিছে দুয়োজন ৰাষ্ট্ৰনেতাই চমু সংবাদ মেলো সম্বোধন কৰিব৷