Logo
image

‘জেল’ৰ পৰা পলাল ১,৮৪৪ কয়দী

আমাৰ অসম, ৭ এপ্ৰিলঃ নাইজেৰিয়াৰ এখন কাৰাগাৰৰ পৰা ১,৮৪৪জন কয়দীয়ে পলায়ন কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নাইজেৰিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ উইৰিৰ কাৰাগাৰৰ প্ৰশাসনিক ব্লকত বিস্ফোৰণ ঘটাই সন্ত্ৰাসবাদী সংগঠনৰ সদস্যই কয়দীসকল পলুৱাই নিয়াৰ তথ্য পোহৰলৈ আহিছে৷ মঙলবাৰে হঠাতে ৰকেটচালিত গ্ৰেণেড, মেছিনগান, বিস্ফোৰক আদিৰে কাৰাগাৰখনত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়৷ এক শ্বাসৰুদ্ধকৰ পৰিৱেশ সৃষ্টি কৰি কয়দীসকলক পলুৱাই লৈ যায়৷ এই আক্ৰমণত সন্ত্ৰাসবাদী সংগঠন ইণ্ডিজিনাছ পিপল অৱ বিয়াফ্ৰাকেক সন্দেহ কৰিছে নাইজেৰিয়াৰ আৰক্ষীয়ে৷ আনহাতে সন্ত্ৰাসবাদী সংগঠনটোৱে এই ঘটনাত জড়িত নহয় বুলি স্পষ্টীকৰণ দিছে৷