Logo
image

গুৰুত্বপূৰ্ণ সময়ত ৪ দিন ধৰি অচল সচিবালয়ৰ ছাৰ্ভাৰ,ফাইল হেক্‌ হোৱাৰ আশংকা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ফেব্ৰুৱাৰীঃ  ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ দিছপুৰৰ জনতা ভৱনত যোৱা চাৰিদিনে বন্ধ হৈ আছে পেপাৰবিহীন ই অফিচৰ কাম-কাজ৷ কাৰ্যতঃ সোমবাৰৰ পৰা স্তব্ধ হৈ পৰিছে সকলো চৰকাৰী কাম-কাজ৷ অচল হৈ পৰিছে ছাৰ্ভাৰ৷ জনতা ভৱনৰ সূত্ৰই জনোৱা মতে হয়তো হেকাৰৰ কৱলত পৰিছে অসম সচিবালয়৷ কেৱল অসম সচিবালয়েই নহয়, ই অফিচৰ দ্বাৰা কাম-কাজ পৰিচালিত কামৰূপ মহানগৰ জিলাকে ধৰি বহু সংখ্যক জিলা প্ৰশাসনৰ কাম-কাজো অনুৰূপ ধৰণে বন্ধ হৈ পৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে দিছপুৰৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়কে ধৰি সকলো বিভাগৰ কাম-কাজ এতিয়া কাগজ বিহীন ই অফিচৰ মাধ্যমত পৰিচালিত হয়৷ কোটি কোটি টকা  ব্যয় কৰি পূৰ্বৰ মেনুৱেল ব্যৱস্থা বা টেবুলত ফাইললৈ কাগজ পত্ৰ চোৱা, চহী কৰা ব্যৱস্থা ইতিমধ্যে সমাপ্ত হৈছে৷ এনে প্ৰেক্ষাপটত অত্যাধুনিক ই অফিচ বা কম্পিউটাৰৰ মাধ্যমেৰে অনলাইন ব্যৱস্থাত ফাইল নিষ্পত্তি কৰা ব্যৱস্থা অচল হৈ পৰাত চাৰিদিনে ৰাজ্য প্ৰশাসনৰ প্ৰাণকেন্দ্ৰ সচিবালয়ত বন্ধ হৈ পৰিছে সম্পূৰ্ণ চৰকাৰী কাম-কাজ৷ অফিচলৈ আহি দিনটো কাম কৰিব নোৱাৰি হামিয়াই হিকটিয়াই থাকিব লগীয়া হৈছে চৰকাৰী কৰ্মচাৰী৷ আনকি এডভাণ্টেজ আছাম ২.০ ৰ বাবে বিনিয়োগকাৰীক আমন্ত্ৰণ জনোৱাৰ বাবে ছিংগাপুৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাইয়ো যোৱা চাৰিদিনে নিজেও চাব পৰা নাই কোনো গুৰুত্বপূৰ্ণ ফাইল৷ ছিংগাপুৰত প্ৰয়োজন হোৱা চৰকাৰী তথ্যপাতি মুখ্যমন্ত্ৰীয়ে জনতা ভৱনৰ লোকসেৱা ভৱনৰ পৰা বিষয়া-কৰ্মচাৰীৰ জৰিয়তে ৱাটছএপত নিবলগীয়া হৈছে৷ ই-অফিচ বন্ধ হোৱাৰ ফলত বিশেষভাৱে আদালত বিচাৰধীন গোচৰৰ সন্দৰ্ভত বিভাগীয় তথ্যপাতি দাখিল কৰিবলগীয়া বিভাগসমূহত হাহাকাৰ লাগিছে৷ সময় মতে আদালতত তথ্য দাখিল কৰিব নোৱাৰি এতিয়া আদালতৰ ৰোষতো চৰকাৰী বিষয়া-কৰ্মচাৰী পৰাৰ উপক্ৰম হৈছে৷ ইফালে অহা ২৫,৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ ৰ কাম-কাজো ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে৷


একেদৰে ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ বাবে তথ্য পাতি দাখিলতো ব্যৰ্থ হৈছে চৰকাৰী বিভাগসমূহ৷ এই সন্দৰ্ভত জনতা ভৱনৰ ই-অফিচৰ দায়িত্বত থকা এন আই চিৰ লগতে মুখ্য দায়িত্বত থকা ৰেইলটেল নামৰ সংস্থাটোৱে জনাইছে যে পুনৰ কাম-কাজ সুস্থিৰ হ’বলৈ আৰু কিছু সময় লাগিব৷ স্পষ্টকৈ নকলেও ছাৰ্ভাৰ ডাউন, ফাইল হেকৰ আশংকা কৰা হৈছে৷ কেতিয়ালৈকে ই অফিচ ব্যৱস্থা পুনৰ কাৰ্যক্ষম হৈ উঠিব এই সন্দৰ্ভত অদ্যাপি কোনো কথা সদৰি কৰিব পৰা নাই ৰেইলটেলে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে অইল ইণ্ডিয়া লিমিটেডো একেদৰে হেকাৰৰ কৱলত পৰিছিল৷ হেকাৰ চক্ৰই হেকমুক্ত কৰি দিয়াৰ বাবে অইলৰ পৰা বুজন পৰিমাণৰ ধনৰ দাবী কৰাৰ অভিযোগ উঠিছিল৷ অসম সচিবালয়ক পেপাৰহীন কাৰ্যালয়লৈ ৰূপান্তৰ কৰাৰ পাছত এনেদৰে সন্দেহজনক হেকাৰৰ বলি হোৱা বিষয়টোৱে চৰকাৰী ফুলপ্ৰুফ ব্যৱস্থাকে প্ৰত্যাহ৩ান জনাইছে৷ সন্মুখত এডভাণ্টেজ আছাম ২.০ আৰু বিধানসভাৰ অধিৱেশনৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচী থকাৰ সময়তে সচিবালয়ৰ ছাৰ্ভাৰ অচল হোৱাত চৰকাৰৰ বৰমুৰীয়াসকলৰ বাঢ়িছে দুঃচিন্তা৷ ইফালে মন্ত্ৰী বিমল বৰাই সচিবালয়ৰ ই অফিচ বিকল হোৱাৰ কথা আওপকীয়াকৈ স্বীকাৰ কৰিও কাম-কাজ ব্যাহত হোৱা নাই বুলি দাবী কৰে৷ তেওঁ কয় যে অন লাইনত নহ’লেও পূৰ্বৰ মেনুৱেল ব্যৱস্থাত কাম-কাজ চলি আছে৷