Logo
image

বন্ধুৰ পুনৰ্মিলন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ ফেব্ৰুৱাৰীঃ  ট্ৰাম্পৰ শপত গ্ৰহণলৈ নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ কৰা-নকৰা প্ৰসংগ এতিয়া অতীত৷ নৰেন্দ্ৰ মোদীক দিয়া নিজৰ গ্ৰন্থত ড’নাল্ড ট্ৰাম্পে ‘মিষ্টাৰ প্ৰাইম মিনিষ্টাৰ, আপুনি মহান’ বুলি লিখাৰ লগে লগে যেন ‘বন্ধু’ৰ পুনৰ্মিলন হ’ল৷ এই মুহূৰ্তত ভৰিত শিকলিৰে বান্ধি ভাৰতীয় নাগৰিকক ট্ৰাম্পে ভাৰতলৈ সামৰিক বিমানত তুলি প্ৰেৰণ কৰাৰ প্ৰসংগও যথেষ্ট ‘নিৰৰ্থক’৷ কিয়নো সেয়া মাৰ্কিন আইন আৰু মোদীৰ ভাৰতে  অমানৱিক হ’লেও মাৰ্কিন আইনক সন্মান কৰে৷ এতিয়া গুৰুত্বপূৰ্ণ–ড’নাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীক কি কি দিলে আৰু কি কি দিয়াৰ প্ৰতিশ্ৰুতি দিলে৷ ‘বন্ধু’ৰ পুনৰ্মিলনত ভাৰত কিমান লাভান্বিত হ’ল? আক্ষৰিক অৰ্থতেই ভাৰতে ট্ৰাম্পৰ পৰা কি কি পালে, তাৰ ভিত্তিতেই বিচাৰ হ’ব মোদীৰ এইবাৰৰ মাৰ্কিন ভ্ৰমণৰ সাফল্য৷ প্ৰসংগতঃ, ট্ৰাম্পে মাৰ্কিন ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পাছত আমেৰিকা ভ্ৰমণ কৰা নৰেন্দ্ৰ মোদী হ’ল বিশ্বৰ চতুৰ্থজন ৰাষ্ট্ৰনেতা৷


মোদীৰ ট্ৰাম্প-সাক্ষাতৰ বৃহত্তম সাফল্য হৈছে এফ-৩৫ যুদ্ধবিমান৷ ড’নাল্ড ট্ৰাম্পে ভাৰতক ‘ফিফথ জেনেৰেচন ষ্টেলথ’ যুদ্ধবিমান দিয়াৰ প্ৰতিশ্ৰুতি দিছে৷ ভাৰতে এফ-৩৫ লাভ কৰাটো হ’ব এই উপ-মহাদেশৰ ‘গেম চেঞ্জাৰ’৷ কেৱল উপ-মহাদেশেই নহয়, এফ-৩৫ যুদ্ধ বিমানেৰে ভাৰতে সমগ্ৰ এছিয়াৰ আকাশ শাসন কৰিব৷ ইয়াৰ লগতে আমেৰিকাই ভাৰতক বিক্ৰী কৰিব বহু অত্যাধুনিক যুদ্ধাস্ত্ৰ৷ মোদীয়ে জনাইছে, বন্ধু ট্ৰাম্পে ভাৰতৰ প্ৰতিৰক্ষা অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷ দুই ৰাষ্ট্ৰনেতাৰ মাজত হোৱা চ্ছ্ৰ ঘণ্টাৰ বৈঠকত আমেৰিকাই টেংক প্ৰতিৰোধী ক্ষেপণাস্ত্ৰ জেভেলিন, চি-১৩০ জে ছুপাৰ হাৰ্কিউলিছ, চি-১৭ গ্লোবমাষ্টাৰ, পোছাইডন বিমান, চি এইছ-৪৭ এফ চিনুক, এম এইছ-৬০ আৰ ছিহকছ, এ এইছ-৬৪ ই আপাচে, হাপুৰ্ন ক্ষেপণাস্ত্ৰ, এম-৭৭৭ হাৱাউটঝাৰ, এম কিউ-৯ বি দিয়াৰ প্ৰতিশ্ৰুতি দিছে৷

প্ৰতিৰক্ষাৰ দিশৰ পৰা মোদীৰ এই ভ্ৰমণ সফল৷ ভাৰতক আমেৰিকাই মুম্বাই আক্ৰমণৰ ষড়যন্ত্ৰকাৰী তাহাউৰ ৰানাক প্ৰত্যৰ্পন কৰিব৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, মোদীৰ সৈতে বৈঠকৰ পূৰ্বেই ট্ৰাম্পে সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ ওপৰতে অত্যাধিক ‘পাৰস্পৰিক’ শুক্ল আৰোপ কৰে আৰু এই ক্ষেত্ৰত কোনো আপোচ নহ’ব বুলি ঘোষণা কৰে৷