Logo
image

পাকিস্তান ক্ষুব্ধ, বাংলাদেশৰ দায়িত্ব মোদীক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ ফেব্ৰুৱাৰীঃ  বাংলাদেশ চম্ভলাৰ দায়িত্ব মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীৰ ওপৰত ‘ন্যস্ত’ কৰাৰ লগে লগে ভাৰতৰ প্ৰতিবেশী দেশখনত আৰু তেওঁলোকৰ নতুন মিত্ৰ পাকিস্তানত প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে৷ এই কথা এতিয়া আৰু গোপন হৈ থকা নাই যে বাইডেন প্ৰশাসনৰ নিৰ্দেশতে শ্বেখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বৰ পৰা উৎখাত হৈছিল৷ তদাৰকী চৰকাৰৰ মুৰব্বীৰ দায়িত্বও মহম্মদ ইউনুছে পাইছিল ডেম’ক্ৰেট দলটোৰ বদান্যতাত৷ কিয়নো বাংলাদেশৰ ছেইণ্ট মাৰ্টিন দ্বীপক লৈ বাইডেন প্ৰশাসনৰ সৈতে শ্বেখ হাছিনাৰ সংঘাত হৈছিল আৰু ইউনুছৰ কপাল ফুলিছিল৷ কিন্তু আমেৰিকাত ৰিপাব্লিকানৰ শাসন অহাৰ লগে লগে মহম্মদ ইউনুছৰ সান্দহ খোৱা বালি তল গ’ল৷ মহম্মদ ইউনুছক সহ্য নকৰা ড’নাল্ড ট্ৰাম্পে বাংলাদেশলৈ সকলো মাৰ্কিন সাহায্য বন্ধ কৰি দিলে৷


ইপিনে, শ্বেখ হাছিনাক আশ্ৰয় দিয়াৰ খঙত ইউনুছৰ চৰকাৰে পাৰ্যমানে ভাৰতবিৰোধী কাৰ্যকলাপ চলাই আছে, জিহাদী-মৌলবাদীক ভাৰতৰ বিৰুদ্ধে উচটাই আছে৷ নতুনকৈ সখ্যতা গঢ়ি তুলিছে চিৰশত্ৰু পাকিস্তানৰ লগত৷ বাংলাদেশৰ শেহতীয়া কাৰ্যকলাপত ভাৰতে এতিয়াও বিশেষ কোনো কঠোৰ পদক্ষেপ লোৱা নাই৷ আগগুৰি চাই আছে নতুন দিল্লীয়ে৷ আনহাতে, বাংলাদেশলৈ সাহায্য কৰ্তন কৰি ড’নাল্ড ট্ৰাম্প নীৰৱ, যিজন নেতা মাৰ্কিন ৰাষ্ট্ৰপতি হ’লে বিশ্বত সূৰ্যগ্ৰহণ হ’ব বুলি পেৰিছৰ এখন সন্মিলনত কৈছিল মহম্মদ ইউনুছে৷ বৃহস্পতিবাৰে ট্ৰাম্প-মোদীৰ যুটীয়া সংবাদমেল হৈছিল হোৱাইট হাউছত৷ তাতে এজন সাংবাদিকে ট্ৰাম্পক সুধিলে– ‘বাংলাদেশক লৈ নতুন মাৰ্কিন নীতি কি? ট্ৰাম্পে বাংলাদেশক লৈ কি চিন্তা কৰিছে?’ লগে লগে ট্ৰাম্পে উত্তৰ দিলে– ‘বাংলাদেশৰ বিষয়টো মোদীয়ে চাব৷’ ট্ৰাম্পৰ এই মন্তব্যই জোকাৰণি তুলিছে বিশ্বত, কঁপি গৈছে ঢাকা৷ কিয়নো এতিয়ালৈকে নৰম স্থিতি লৈ থকা নতুন দিল্লীক ড’নাল্ড ট্ৰাম্পে বাংলাদেশৰ সন্দৰ্ভত পদক্ষেপ ল’বলৈ সেউজ সংকেত দিয়া বুলিয়েই তেওঁৰ এই মন্তব্যৰ কূটনৈতিক বিশে¡ষণ কৰা হৈছে৷ অৰ্থাৎ এতিয়া ভাৰতে বাংলাদেশ সন্দৰ্ভত কঠোৰ সিদ্ধান্ত ল’লেও আমেৰিকাই হস্তক্ষেপ নকৰে৷ স্বাভাৱিকতে ট্ৰাম্পৰ এই সৰু এটা মন্তব্যই ভাৰতৰ চুবুৰীয়া দেশখন কঁপাই দিছে৷