Logo
image

আজি পুনৰ শতাধিক ভাৰতীয়ক বিতাড়ন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ ফেব্ৰুৱাৰীঃ  বাংলাদেশ চম্ভলাৰ দায়িত্ব মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীৰ ওপৰত ‘ন্যস্ত’ কৰাৰ লগে লগে ভাৰতৰ প্ৰতিবেশী দেশখনত আৰু তেওঁলোকৰ নতুন মিত্ৰ পাকিস্তানত প্ৰতিক্ৰিয়াৰ ভাৰতীয় প্ৰব্ৰজনকাৰীক ভাৰতলৈ ঘূৰাই পঠিয়াব৷ দুয়োখন বিমানে অৱতৰণ কৰিব পঞ্জাবৰ অমৃতসৰৰ বিমানবন্দৰত৷ তাৰে প্ৰথমখন বিমানে ১১৯জন প্ৰব্ৰজনকাৰী ভাৰতীয় নাগৰিকক লৈ শনিবাৰে অমৃতসৰত নিশা ১০.০৫ বজাত অৱতৰণ কৰিব৷ দ্বিতীয়খন বিমানো পিচদিনা নিশাৰ ভাগত অমৃতসৰত অৱতৰণ কৰাৰ কথা৷ দ্বিতীয়খন বিমানত কিমানজন ভাৰতীয় নাগৰিক আহে, সেই সংখ্যা এতিয়াও প্ৰকাশ পোৱা নাই৷ ভাৰতীয়ক দেশান্তৰিত কৰা দুয়োখন বিমানে অমৃতসৰৰ গুৰু ৰামদাসজী বিমানবন্দৰত অৱতৰণ কৰাৰ বিষয়ে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে অসামৰিক বিমান পৰিবহণ ব্যুৰ’ক জনাই দিছে৷

ভাৰতীয় নাগৰিকক দেশান্তৰিত কৰা বিমানসমূহ কিয় আপশাসিত  ৰাজ্য পঞ্জাবত অৱতৰণ কৰোৱা হৈছে, সেই লৈ এতিয়া দেশত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ কিয়নো যোৱা ৭ ফেব্ৰুৱাৰীত ভাৰতীয় নাগৰিকক লৈ অহা মাৰ্কিন সামৰিক বিমানখনেও অমৃতসৰতে অৱতৰণ কৰিছিল৷ সেইখন বিমানত সৰ্বাধিক সংখ্যাত ৩৩জনকৈ বাসিন্দা আছিল ক্ৰমে গুজৰাট আৰু হাৰিয়ানাৰ৷ ৩০জন আছিল পঞ্জাবৰ বাসিন্দা৷ তেতিয়াই প্ৰশ্ন উঠিছিল, গুজৰাটৰ ওপৰেৰে উৰি আহি কিয় বিমানখন অবিজেপিশাসিত ৰাজ্য পঞ্জাবত অৱতৰণ কৰিবলৈ দিয়া হৈছে? প্ৰধানমন্ত্ৰী তথা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ৰাজ্য গুজৰাট আৰু বিজেপিশাসিত হাৰিয়ানাৰ বদনাম হোৱাৰ ভয়তে অমৃতসৰত বিমানখন অৱতৰণ কৰোৱা হৈছে নেকি? এইবাৰ দুখনকৈ বিমান পুনৰ পঞ্জাবৰ অমৃতসৰতে অৱতৰণ কৰাবলৈ লোৱাত ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পঞ্জাবৰ আপ চৰকাৰৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে এখন সংবাদমেলত এই বিষয়টো উত্থাপন কৰি এয়া বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সস্তীয়া ৰাজনীতি বুলি মন্তব্য কৰিছে৷ অৰ্থাৎ মোদী চৰকাৰে দেখুৱাব খুজিছে, আমেৰিকাত অবৈধভাৱে থকা ভাৰতীয়সকল পঞ্জাবীহে৷ তেওঁলোকে অবিজেপিশাসিত ৰাজ্যখনৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ এয়া ‘ঘৰুৱা’ ৰাজনীতি কৰা বুলি মান চৰকাৰে মন্তব্য কৰিছে৷ আমেৰিকাই ভাৰতীয় নাগৰিকক হাতকেৰেয়া লগাই, ভৰিত শিকলিৰে বান্ধি পঠিওৱা ঘটনাত আপত্তি উত্থাপন কৰিব নোৱাৰি সেয়া আমেৰিকাৰ আইন বুলি সংসদত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বিবৃতি দিয়াৰ কথা সোঁৱৰাই দি মানে কয়– এই ঘটনাৰ জৰিয়তে দেশৰ ৰাজনীতিত কি মুনাফা আদায় কৰিব পাৰি, মোদী চৰকাৰে সেয়া চেষ্টা চলাইছে৷ গুজৰাট-হাৰিয়ানাৰ পৰা দেশবাসীৰ দৃষ্টি আঁতৰাই ৰখাৰ এয়া কৌশল বুলি মন্তব্য কৰিছে বিৰোধী দল কংগ্ৰেছে৷আজি পুনৰ শতাধিক ভাৰতীয়ক

ভাৰতীয় প্ৰব্ৰজনকাৰীক ভাৰতলৈ ঘূৰাই পঠিয়াব৷ দুয়োখন বিমানে অৱতৰণ কৰিব পঞ্জাবৰ অমৃতসৰৰ বিমানবন্দৰত৷ তাৰে প্ৰথমখন বিমানে ১১৯জন প্ৰব্ৰজনকাৰী ভাৰতীয় নাগৰিকক লৈ শনিবাৰে অমৃতসৰত নিশা ১০.০৫ বজাত অৱতৰণ কৰিব৷ দ্বিতীয়খন বিমানো পিচদিনা নিশাৰ ভাগত অমৃতসৰত অৱতৰণ কৰাৰ কথা৷ দ্বিতীয়খন বিমানত কিমানজন ভাৰতীয় নাগৰিক আহে, সেই সংখ্যা এতিয়াও প্ৰকাশ পোৱা নাই৷ ভাৰতীয়ক দেশান্তৰিত কৰা দুয়োখন বিমানে অমৃতসৰৰ গুৰু ৰামদাসজী বিমানবন্দৰত অৱতৰণ কৰাৰ বিষয়ে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে অসামৰিক বিমান পৰিবহণ ব্যুৰ’ক জনাই দিছে৷


ভাৰতীয় নাগৰিকক দেশান্তৰিত কৰা বিমানসমূহ কিয় আপশাসিত  ৰাজ্য পঞ্জাবত অৱতৰণ কৰোৱা হৈছে, সেই লৈ এতিয়া দেশত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ কিয়নো যোৱা জ্জ ফেব্ৰুৱাৰীত ভাৰতীয় নাগৰিকক লৈ অহা মাৰ্কিন সামৰিক বিমানখনেও অমৃতসৰতে অৱতৰণ কৰিছিল৷ সেইখন বিমানত সৰ্বাধিক সংখ্যাত ৩৩জনকৈ বাসিন্দা আছিল ক্ৰমে গুজৰাট আৰু হাৰিয়ানাৰ৷ ৩০জন আছিল পঞ্জাবৰ বাসিন্দা৷ তেতিয়াই প্ৰশ্ন উঠিছিল, গুজৰাটৰ ওপৰেৰে উৰি আহি কিয় বিমানখন অবিজেপিশাসিত ৰাজ্য পঞ্জাবত অৱতৰণ কৰিবলৈ দিয়া হৈছে? প্ৰধানমন্ত্ৰী তথা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ৰাজ্য গুজৰাট আৰু বিজেপিশাসিত হাৰিয়ানাৰ বদনাম হোৱাৰ ভয়তে অমৃতসৰত বিমানখন অৱতৰণ কৰোৱা হৈছে নেকি? এইবাৰ দুখনকৈ বিমান পুনৰ পঞ্জাবৰ অমৃতসৰতে অৱতৰণ কৰাবলৈ লোৱাত ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পঞ্জাবৰ আপ চৰকাৰৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে এখন সংবাদমেলত এই বিষয়টো উত্থাপন কৰি এয়া বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সস্তীয়া ৰাজনীতি বুলি মন্তব্য কৰিছে৷ অৰ্থাৎ মোদী চৰকাৰে দেখুৱাব খুজিছে, আমেৰিকাত অবৈধভাৱে থকা ভাৰতীয়সকল পঞ্জাবীহে৷ তেওঁলোকে অবিজেপিশাসিত ৰাজ্যখনৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ এয়া ‘ঘৰুৱা’ ৰাজনীতি কৰা বুলি মান চৰকাৰে মন্তব্য কৰিছে৷ আমেৰিকাই ভাৰতীয় নাগৰিকক হাতকেৰেয়া লগাই, ভৰিত শিকলিৰে বান্ধি পঠিওৱা ঘটনাত আপত্তি উত্থাপন কৰিব নোৱাৰি সেয়া আমেৰিকাৰ আইন বুলি সংসদত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বিবৃতি দিয়াৰ কথা সোঁৱৰাই দি মানে কয়– এই ঘটনাৰ জৰিয়তে দেশৰ ৰাজনীতিত কি মুনাফা আদায় কৰিব পাৰি, মোদী চৰকাৰে সেয়া চেষ্টা চলাইছে৷ গুজৰাট-হাৰিয়ানাৰ পৰা দেশবাসীৰ দৃষ্টি আঁতৰাই ৰখাৰ এয়া কৌশল বুলি মন্তব্য কৰিছে বিৰোধী দল কংগ্ৰেছে৷