Logo
image

প্ৰায় ৫ হাজাৰ শিক্ষকক স্থায়ী নিযুক্তি-পত্ৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৫ ফেব্ৰুৱাৰীঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  ৰাজ্যৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক হিচাপে শিক্ষা ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াই অহা ৪,৫২৯ গৰাকী শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে আৰু ৫৮ গৰাকী প্ৰাৰ্থীক ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি প্ৰদান উপলক্ষে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰাজ্যৰ গুণগত শিক্ষাৰ উন্নয়নৰ লক্ষ্যৰে আৰু মাধ্যমিক বিদ্যালয়সমূহত শিক্ষকৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে ২০১০ চনত  মাহিলী ৮ হাজাৰ টকাৰ পাৰিতোষিকত চৰকাৰী আৰু প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়সমূহত অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক নিযুক্তি দিয়া হৈছিল৷ ২০১২ চনত এইসকল শিক্ষকৰ মাহিলী পাৰিতোষিক ১৫,৫০০ টকাৰ পৰা ২০১৮ চনত ২০ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছিল৷ ২০২০ চনৰ ৰ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ মুঠ ৫,২৪৩ গৰাকী অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া স্নাতক শিক্ষকৰ সমপৰ্যায়ৰ দৰমহা আৰু অন্যান্য সা-সুবিধা গ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছিল৷ তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধি কৰা হয়৷  ঠিক একেদৰে মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহতো চুক্তিমূলকভাৱে নিযুক্তি প্ৰদান কৰা ১৪০ গৰাকী অতিৰিক্ত শিক্ষককো একেধৰণে সা-সুবিধা প্ৰদান কৰা হৈছিল৷ তেওঁ কয় যে ৰাজ্যৰ শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি তোলাৰ অংশ হিচাপে তথা ৰাজ্যৰ শিক্ষা ক্ষেত্ৰলৈ ইমানদিনে এই অতিৰিক্ত শিক্ষকসকলে আগবঢ়াই অহা সেৱাৰ স্বীকৃতি হিচাপে আজি তেওঁলোকক নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে৷ ৰাজ্যৰ শৈক্ষিক আকাশক উজ্জ্বলাই তোলাৰ বাবে সমৰ্পিত মনোভাৱেৰে কৰ্মত ব্ৰতী হ’বলৈ মুখ্যমন্ত্ৰীয়ে আজি নিয়মীয়াকৰণ হোৱা শিক্ষকসকলক আহ৩ান জনায়৷ তেওঁ কয় যে আজি নিয়মীয়াকৰণৰ লগে লগে শিক্ষক-শিক্ষয়িত্ৰীসকলে কেইবাটাও চৰকাৰী সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব৷ ২০০৫ চনৰ পাছত নিযুক্তিপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালসকলক নতুন পেন্সন আঁচনিৰে সামৰি লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ এতিয়া অহা ৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এনপিএছৰ অন্তৰ্ভুক্ত চৰকাৰী চাকৰিয়ালসকলক দুটা শ্লেবত ইউপিএছত অন্তৰ্ভুক্ত কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ নিয়মীয়া চাকৰিত যোগদান কৰাৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক প্ৰথম দৰমহা পোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ অধীনত অন্তৰ্ভুক্ত হৈ চিকিৎসা সুবিধা লাভ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ৩ান জনায়৷ তেওঁ কয় যে আজি নিযুক্তিপ্ৰাপ্ত এইসকল শিক্ষকে জ্যেষ্ঠতাৰ ভিত্তিত অধ্যক্ষ, উপাধ্যক্ষৰ পদত যোগদানৰ যোগ্যতা লাভ কৰিব৷ এই শিক্ষকসকলে চৰকাৰৰ আপোন ঘৰ আঁচনি আৰু আপোন বাহন আঁচনিৰ লগতে  ২০২৬ চনৰ পৰা পাৰস্পৰিক বদলিৰ সুবিধা লাভ কৰিব৷


উল্লেখ্য, যোৱা বছৰৰ ৪ জুলাইত অসম অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সৈতে ৰাজ্য চৰকাৰৰ এখন বৈঠক অনুষ্ঠিত হৈছিল৷ সেই বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি বিদ্যালয় শিক্ষা বিভাগে চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ সেৱা নিয়মাৱলীৰ সংশোধনৰ প্ৰস্তাৱ কৰে৷ এই সংশোধনীয়ে অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকসকলক নিয়মীয়া পদত নিযুক্তিৰ জৰিয়তে নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰা দৰমহা তথা সা-সুবিধা লাভ কৰিবলৈ অনুষ্ঠিত কৰা ‘বিশেষ নিযুক্তি অভিযান’ত অংশ লোৱাৰ পথ প্ৰশস্ত কৰে৷  সেই অনুসৰি অনুষ্ঠিত কৰা ‘বিশেষ নিযুক্তি অভিযান’ত ৪৬৪৪ জন অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকৰ ভিতৰত সৰ্বমুঠ ৪৫২৯ জন শিক্ষকে স্নাতক শিক্ষক হিচাপে নিয়মীয়াকৰণৰ বাবে পঞ্জীয়ন কৰে৷ পঞ্জীয়নভুক্ত এইসকল অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকক বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ ব্যক্তিগত পদৰ বিপৰীতে ২০২৫ চনৰ ১৫ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ নিয়মীয়া স্নাতক শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে৷ আজিৰ অনুষ্ঠানত উপস্থিত থাকে শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপৰি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উপাধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱা, উচ্চ শিক্ষাৰ সঞ্চালক নয়ন কুমাৰ পাঠক, মাধ্যমিক শিক্ষাৰ সঞ্চালক মমতা হোজাই প্ৰমুখ্যে উচ্চ পদস্থ বিষয়াবৰ্গ আৰু গণ্য-মান্য ব্যক্তিসকল৷