Logo
image

প্ৰশ্নপত্ৰ বিলম্বিত, ভুৱা পৰীক্ষাৰ্থী, শিক্ষকক আক্ৰমণ... মেট্ৰিক আৰম্ভ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৫ ফেব্ৰুৱাৰীঃ  প্ৰশ্নকাকত বিতৰণত বিলম্ব, শিক্ষকক আক্ৰমণ আৰু ভুৱা পৰীক্ষাৰ্থী চিনাক্তকৰণকে ধৰি বিচিত্ৰ ঘটনাৰ মাজেৰে শনিবাৰৰ পৰা আৰম্ভ হয় ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ ৰাজ্যৰ মুঠ ৯৪৪ টা পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হয়৷ এইবাৰৰ পৰীক্ষাত মুঠ ৪,২৯,৪৪৮গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে৷ ইয়াৰে ১,৯০,৬৫৩গৰাকী ছাত্ৰ আৰু ২,৩৮,৭৯৫ গৰাকী ছাত্ৰী৷ ৩ মাৰ্চত এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ অন্ত পৰিব৷ নতুন শিক্ষা নীতি অনুসৰি ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিত কৰি অসম ৰাজ্যিক বিদ্যালয় পৰিষদৰ গঠন কৰাৰ পাছত বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত এইটোৱেই প্ৰথম মেট্ৰিক পৰীক্ষা৷ এইবাৰো মেট্ৰিকত অ’এমআৰ শ্বীট ব্যৱহাৰৰ দিহা কৰা হৈছে৷ এইবাৰৰ অ’এমআৰ শ্বীটসমূহ প্ৰতিখনেই পৃথক পৃথক৷ পৰীক্ষাকেন্দ্ৰৰ এশ মিটাৰৰ ব্যাসাৰ্ধত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে৷ পৰীক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে সংশ্লিষ্ট পৰিসীমাৰ ভিতৰত আন লোকৰ প্ৰৱেশ নিষেধ৷ পৰীক্ষাকেন্দ্ৰৰ বাহিৰত জনসমাৱেশ নিষিদ্ধ কৰা হৈছে৷ শিক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ মোবাইল, স্মাৰ্টফোন, কেলকুলেটৰ তথা কোনো ইলেকট্ৰনিক সামগ্ৰী নিব নোৱাৰিব৷ মুঠ ৪২টা জ’নত পৰীক্ষাৰ বহীসমূহৰ মূল্যায়ন কৰা হ’ব৷

প্ৰশ্নকাকত বিতৰণত বিলম্ব, শিক্ষকক প্ৰহাৰ

‘আমাৰ অসম’ৰ বাইহাটা চাৰিআলি আৰু গোৰেশ্বৰৰ প্ৰতিবেদকঃ  কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ এলেকাধীন গাছবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত শনিবাৰে মেট্ৰিক পৰীক্ষাৰ প্ৰথমদিনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ শনিবাৰে আছিল ইংৰাজী বিষয়ৰ পৰীক্ষা৷ প্ৰশ্নকাকত সময়মতে বিতৰণ কৰিব নোৱৰাক কেন্দ্ৰ কৰি কেন্দ্ৰটোত উত্তেজনাৰ সৃষ্টি হয়৷ ভাৰপ্ৰাপ্ত কেন্দ্ৰ পৰিচালক তথা বিদ্যালয়খনৰ প্ৰধান শিক্ষক অশোক চৌধুৰীয়ে নিৰ্দিষ্ট সময়ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীক প্ৰশ্নকাকত যোগান ধৰিব নোৱৰাক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷ অভিযোগ মতে, ভাৰপ্ৰাপ্ত কেন্দ্ৰ পৰিচালক চৌধুৰী পুৱা প্ৰায় ৮-৩০ বজাতহে প্ৰশ্নকাকত লৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হয়৷ অথচ পুৱা ৯ বজাৰ পৰা হ’বলগা পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা আৰম্ভ হোৱাৰ পোন্ধৰ মিনিট আগতেই দিব লাগে৷ প্ৰশ্নকাকত বিতৰণত ৪৫ মিনিট দেৰি হোৱাৰ সূত্ৰে একাংশ অভিভাৱক উত্তেজিত হৈ পৰে আৰু পৰীক্ষাকেন্দ্ৰৰ সন্মুখতে অশোক চৌধুৰীক প্ৰহাৰ কৰে৷ অৱশ্যে পৰীক্ষাৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়ে উত্তেজিত ৰাইজৰ মাজৰ পৰা প্ৰধান শিক্ষকজনক উদ্ধাৰ কৰে৷ সময়মতে প্ৰশ্নকাকত নোপৱাত পৰীক্ষাৰ্থীসকলৰ মাজতো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ বাহিৰত পৰক্ষাৰ্থীসকলক সময় বঢ়াই দিয়াৰ বাবে দাবী জনাই পৰীক্ষাৰ্থীসকলৰ অভিভাৱক আৰু শুভাকাংক্ষীয়ে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ পাছত বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে চিআৰপি বাহিনী লগত লৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ এই খবৰ পোৱাৰ পাছত কামৰূপৰ অতিৰিক্ত জিলা আয়ুক্ত প্ৰণৱ দত্ত গোস্বামী, কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিক্ৰমজিৎ বৰা, শিক্ষা বিষয়া ফুলপাহি নাথ আৰু জিলা শিক্ষা বিষয়া তপন কলিতা কেন্দ্ৰটোত উপস্থিত হয়৷ পাছত কেন্দ্ৰটোৰ পৰীক্ষাৰ্থীসকলক নিদিষ্ট সময়তকৈ ৩৫ মিনিট সময় বঢ়াই দিয়া হয়৷ গোৰেশ্বৰৰ সমীপৱৰ্তী পৰীক্ষা কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা ঘটনা সন্দৰ্ভত অতিৰিক্ত আয়ুক্তৰ প্ৰতিক্ৰিয়া সাংবাদিকে জানিবলৈ বিচৰাত আয়ুক্তই প্ৰতিক্ৰিয়া দিয়াটো নিয়ম নহয় বুলি কৈ মাথোঁ কয় যে প্ৰধান শিক্ষকজনৰ কাৰ্যৰ বিৰুদ্ধে তদন্ত কৰি উচিত ব্যৱস্থা লোৱা হ’ব৷ কিছু সময় পাছতে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে অশোক চৌধুৰীক নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে৷ সমান্তৰালভাৱে পৰীক্ষাৰ্থীসকলক ৩৫ মিনিট সময় বঢ়াই দিয়াৰ লগতে ওচৰৰে গোপালথান আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক মুক্তাৰাম পাটোৱাৰীক পৰীক্ষা কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত পৰীক্ষা পৰিচালকৰ দায়িত্ব অৰ্পণ কৰে৷ ইপিনে স্থানীয় ৰাইজৰ আন এক অভিযোগ অনুসৰি উক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক চৌধুৰীয়ে ২০১৫ চনত বিদ্যালয়খনত যোগদান কৰাৰ এবছৰ পাছতেই বিদ্যালয়ত সংঘটিত কৰা অবাঞ্ছিত ঘটনাৰ বাবেই ৰাইজৰ দাবীত শিক্ষা বিভাগে তেওঁক প্ৰায় ৪ মাহ নিলম্বন কৰিছিল৷ ২০২৩ বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা প্ৰধান শিক্ষকৰ দায়িত্ব পোৱা চৌধুৰীয়ে মইমতালিৰে কাম-কাজ সম্পন্ন কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া৷


লখিমপুৰত পিতৃৰ পৰিৱৰ্তে মেট্ৰিক দিবলৈ আহি পুত্ৰ গ্ৰে*প্তাৰ 

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰঃ  ৰাজ্যত আজিৰে পৰা এ এছ এছ ই বিয়ে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছে মেট্ৰিক পৰীক্ষা৷ এই পৰীক্ষাত লখিমপুৰ জিলাত ১৭সহস্ৰাধিক পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ  হয়৷ ইফালে আজি অনুষ্ঠিত ইংৰাজী পৰীক্ষাত লখিমপুৰত পিতৃৰ ঠাইত পুত্ৰই মেট্ৰিক পৰীক্ষা দিবলৈ আহি পুত্ৰ গ্ৰে*প্তাৰ হোৱা খবৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ন-আলি অৱনৰি হাইস্কুলত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হয়৷ ন-আলি অৱনৰি হাইস্কুলত পিতৃ মুখেশ্বৰ দলেৰ পৰিৱৰ্তে পুত্ৰ ৰিতুল দলে পৰীক্ষা দিবলৈ আহি আৰক্ষীৰ হাতত গ্ৰে*প্তাৰ হ’বলগা হয়৷ পূব তেলাহীৰ লিগিৰামুখ হাইস্কুলৰ ছাত্ৰ ৰিতুল দলেয়ে আজি পিতৃ মুখেশ্বৰ দলেৰ হৈ ন-আলি অৱনৰি হাইস্কুলত পৰীক্ষাত বহা কাৰ্য দৃষ্টিগোচৰ হয় পৰীক্ষা কেন্দ্ৰটোৰ নিৰীক্ষক ৰূপা পেগুৰ৷ ৰূপা পেগুৰ অভিযোগৰ পাছত আৰক্ষীয়ে কেন্দ্ৰটোৰ পৰা ৰিতুল দলেক আটক কৰে৷ প্ৰাপ্ত খবৰ অনুসৰি পিতা-পুত্ৰ দুয়োৰে ঘৰ মাজুলীৰ চানং গাঁৱত৷ মুখেশ্বৰ দলে এখন বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে৷

পৰীক্ষাৰ্থীৰ বয়স ৫০, অভিভাৱক বুলি ভাবি প্ৰৱেশত বাধা

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ এজন পৰীক্ষাৰ্থীক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হোৱাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ৷ অভিযোগ মতে, নগাঁও চহৰৰ নগাঁও কলংপাৰ বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত কমলা খাতুন নামৰ মহিলা পৰীক্ষাৰ্থীগৰাকীক ১৩ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত  উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত কৰা হৈছে৷ নগাঁৱৰ এছ আৰ কে ছেকেণ্ডেৰী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰায় ৪৫বছৰীয়া কমলা খাতুন নামৰ মহিলা পৰীক্ষাৰ্থীগৰাকীক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশত বাধা আৰোপ কৰে কলংপাৰ বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ পদুম ৰাজখোৱাই৷ পৰীক্ষাৰ্থীগৰাকীৰ হাতত এডমিট কাৰ্ড লৈ প্ৰৱেশ কৰাৰ সময়তে মেট্ৰিকৰ এডমিট, মাৰ্কশ্বিট আদি বিচাৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে আধাৰ কাৰ্ড আনিলেহে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিয়া হ’ব বুলি জনায়৷ পৰীক্ষাৰ্থীগৰাকীয়ে বিষয়টো অধ্যয়নৰত ড॰ এছ আৰ কে ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষক জনোৱাত অধ্যক্ষ জাকিৰ হুছেইনে কলংপাৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ পদুম ৰাজখোৱাক তেওঁ বিচৰা তথ্যসমূহ দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দি সময়ৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাৰ্থীগৰাকীক পৰীক্ষা কেন্দ্ৰত সোমাবলৈ অনুৰোধ জনায় যদিও তেওঁ এই অনুৰোধ নস্যাৎ কৰে৷ ফলত পৰীক্ষাৰ্থীগৰাকী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ আনহাতে, বঞ্চিত পৰীক্ষাৰ্থীগৰাকীয়ে আজি ড॰ এছ আৰ কে ছেকেণ্ডেৰী স্কুলত কি কাৰণে তেওঁক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত কৰা হ’ল তাৰ কৈফিয়ৎ বিচাৰি আহি শিক্ষানুষ্ঠানত পৰিৱেশ উত্তাল কৰি তোলে৷ ইয়াৰ পাছতে ড॰ এছ আৰ কে ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ জাকিৰ হুছেইনে সংবাদ মাধ্যমৰ কাষ চাপি বিষয়টোৰ ক্ষেত্ৰত ন্যায় বিচাৰি কলংপাৰ বিদ্যাপীঠ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ পদুম ৰাজখোৱাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে৷ তেওঁ মহিলা পৰীক্ষাৰ্থীগৰাকীৰ বয়স বেছি হোৱাৰ বাবেই পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ বাধা দিয়া হ’ল বুলি প্ৰশ্ন উত্থাপন কৰি শিক্ষা ক্ষেত্ৰত বয়সৰ বাধা ক’ত বুলিও প্ৰশ্ন উত্থাপন কৰে৷ আনকি এই বিষয়টোক লৈ আইনৰ কাষ চপাৰো হুংকাৰ প্ৰদান কৰে৷ ইফালে, কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱাৰ পৰা জানিব পৰা মতে, ১৩ ফেব্ৰুৱাৰীৰ দিনা মহিলাগৰাকীক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ সময়ত কোনো অভিভাৱক বুলি ভাবি বাধা আৰোপ কৰা হৈছিল৷ পৰীক্ষাৰ্থী বুলি পৰিচয় দিয়াত তেওঁৰ জন্মৰ চন জানিব বিচাৰে৷ তেতিয়া তেওঁ ১৯৭৫চন বুলি কয়৷ অধ্যক্ষই সন্দেহবশতঃ মেট্ৰিক পৰীক্ষাৰ এডমিটখন আনিবৰ বাবে এছ আৰ কে স্কুলৰ অধ্যক্ষক যোগাযোগ কৰিবলৈ কয়৷ খন্তেক পাছত বিদ্যালয়খনৰ এজন প্ৰতিনিধি আহে আৰু তেওঁক মেট্ৰিকৰ এডমিটখনৰ কপি এছ আৰ কে বিদ্যালয়ৰ ৰেকৰ্ডৰ পৰা আনি দিবলৈ কয়৷ ইতিমধ্যে অধ্যক্ষ ৰাজখোৱা পৰীক্ষাৰ কামত ব্যস্ত হৈ পৰে আৰু বিষয়টো সম্পৰ্কত পৰীক্ষাৰ দায়িত্বত থকা শিক্ষা বিভাগৰ বিষয়াৰ লগত যোগাযোগ কৰে৷ খন্তেক পাছত তেওঁ জানিব পাৰে যে পৰিক্ষাৰ্থীগৰাকী পৰীক্ষা নিদিয়াকৈ উভতি গৈছে৷ আনহাতে, এই বিষয়টোৰ ক্ষেত্ৰত জিলা সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে বিষয়টো তদন্তৰ আওতাত থকা বুলি প্ৰকাশ কৰি মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে৷

শ্ৰীৰামপুৰত নাহিল এডমিট কাৰ্ড, বঞ্চিত পৰীক্ষাৰ্থী

‘আমাৰ অসম’ৰ গোসাঁইগাঁৱৰ প্ৰতিনিধিঃ  আজিৰে পৰা আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ পৰা আৰম্ভ কৰি শিক্ষা বিভাগৰ বিষয়াসকল সৰ্বত্ৰ সষ্টম হোৱা পৰিলক্ষিত হৈছে৷ কিন্তু ব্যতিক্ৰম দৃশ্য দেখা গৈছে অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ হাইস্কুলত৷  শ্ৰীৰামপুৰ কলোনিৰ বাসিন্দা সত্যেন্দ্ৰনাথ সাহাৰ পুত্ৰ সোমনাথ সাহাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ড নহাত ছাত্ৰজন পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে৷ শ্ৰীৰামপুৰ হাইস্কুলত অধ্যয়নৰত সোমনাথ সাহাৰ পিতৃয়ে কালি এডমিট বিচাৰি বিদ্যালয়ত গৈ জানিব পাৰিলে যে তেওঁৰ ল’ৰাৰ এডমিট নাই৷ এডমিট কিয় অহা নাই বুলি প্ৰশ্ন কৰাত বিদ্যালয়ৰ প্ৰধান শিক্ষকে জনায় যে ছাত্ৰজেন ফৰ্ম ফিলাপ কৰা নাই যাৰ বাবে এডমিট অহা নাই৷ এই কথা শুনি সোমনাথৰ পিতৃৰ মূৰত আকাশ ভাগি পৰে৷ পাছত তেওঁৰ পুত্ৰক লগত লৈ বিদ্যালয়ত আহে আৰু পুত্ৰ সোমনাথে ফৰ্ম ফিলাপ কৰা বুলি প্ৰধান শিক্ষকৰ আগত দৃঢ়তাৰে দাবী কৰাৰ পাছত¸ এই ঘটনাক কেন্দ্ৰ কৰি সোমনাথৰ অভিভাৱকৰ নানান প্ৰশ্নৰ সন্মুখীন হৈ প্ৰধান শিক্ষক মহেশ্বৰ মুছাহাৰীয়ে সমগ্ৰ বিষয়টো সহকাৰী প্ৰধান শিক্ষক উত্তম ঘোষলৈ ঠেলি দিয়ে৷ যিহেতু শৈক্ষিক বিষয়টো বিদ্যালয়ৰ সহঃ প্ৰধান শিক্ষক উত্তম ঘোষে চোৱা-চিতা কৰে গতিকে তেওঁহে বিষয়টোৰ সঠিক ব্যাখ্যা দিব পাৰিব বুলি সোমনাথৰ অভিভাৱকক কৈ তেওঁৰ দায়িত্ব সামৰে৷ সহকাৰী প্ৰধান শিক্ষক উত্তম ঘোষ ছুটীত থকা বুলিও তেওঁ জানিবলৈ দিয়ে৷ এনে পৰিস্থিতিত অভিভাৱকৰ অভিযোগ যে সোমনাথে যদি প্ৰ-পত্ৰ পূৰণ কৰা নাই তেনেহ’লে বিদ্যালয়ৰ শৈক্ষিক বিষয়ৰ দায়িত্বত থকা উত্তম ঘোষে কিয় অভিভাৱকক অৱগত কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰি শিক্ষক উত্তম ঘোষৰ দায়িত্বহীনতা তথা কৰ্তব্যত গাফিলতিৰ বাবে তেওঁৰ পুত্ৰ সোমনাথৰ জীৱনৰ এটা শিক্ষাবৰ্ষ বিনষ্ট হৈছে বুলি অভিযোগ কৰে৷ সোমনাথ নিয়মীয়াকৈ বিদ্যালয়ৰ শ্ৰেণীত উপস্থিত থাকে আৰু তেওঁ উচ্চ মাধ্যমিক পৰীক্ষাৰ টেষ্টতো অৱতীৰ্ণ হৈছিল বুলি পিতৃয়ে জনায়৷ সোমনাথ পিতৃ সত্যেন্দ্ৰনাথ সাহাই এই ঘটনাৰ ন্যায় বিচাৰি সংবাদ মাধ্যমৰ ওচৰ চাপি আৰু কয় বিভাগীয় কতৃৰ্পক্ষই কাৰ গাফিলতিৰ বাবে মোৰ পুত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে তাৰ উচিত তদন্ত নকৰে তেন্তে আমি বিদ্যালয় কতৃৰ্পক্ষৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হ’ম বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷ এতিয়া সচেতন মহলৰ প্ৰশ্ন যে কাৰ ভুলৰ বাবে এই ছাত্ৰজনৰ এডমিট কাৰ্ড নাহিল আৰু এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে আৰু শিক্ষা জীৱনৰ গুৰুত্বপূৰ্ণ এটা শিক্ষাবৰ্ষ বিনষ্ট হ’ল৷ মূল কথাটো হ’ল জীৱনৰ এনে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত এনে গাফিলতি কিয় হ’বলৈ পালে আৰু কাৰ গাফিলতিৰ বাবে এজন ছাত্ৰৰ এটা মূল্যৱান শিক্ষাবৰ্ষ নষ্ট হ’ল স্বাভাৱিকতে সৰ্বত্ৰে এই চৰ্চা চলিছে৷ এনে পৰিস্থিতিত বিদ্যালয় কতৃৰ্পক্ষই ছাত্ৰজনৰ মানসিক বেদনা বুজিবলৈ চেষ্টা কৰিবনে নাই আৰু ভৱিষ্যতে যাতে এনেধৰণৰ মাৰাত্মক ভুল বা গাফিলতি নহয় তাৰ প্ৰতি কতৃৰ্পক্ষই গুৰুত্ব দিব নে নাই সেইবোৰ কথাও চৰ্চিত হৈ আছে সচেতন ৰাইজৰ মাজত৷ শ্ৰীৰামপুৰ হাইস্কুলৰ পৰিচালনা সমিতিয়ে বিষয়টোক গুৰুত্বসহকাৰে লৈ সমগ্ৰ বিষয়টোৰ সঠিক তদন্ত কৰি এটা শিক্ষাবৰ্ষ বিনষ্ট হোৱাত মানসিকভাৱে ভাগি পৰা ছাত্ৰ সোমনাথৰ লগতে তেওঁৰ পিতৃ-মাতৃ তথা অভিভাৱকক সকলক কি সান্তনা দিয়ে সেয়াই হ’ব লক্ষণীয়৷

বাগ্‌সাৰ পৰীক্ষাকেন্দ্ৰত সাংবাদিক অপদস্থ

‘আমাৰ অসম’ৰ বৰমাৰ প্ৰতিবেদকঃ  বাগ্‌সা জিলাৰ বৰিমাখা উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত বিদ্যালয়খনৰ অধ্যক্ষই এজন সাংবাদিকক অভব্য আচৰণ কৰাক লৈ জিলাখনৰ সাংবাদিক আৰু সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আজিৰে পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বৰিমাখা কেন্দ্ৰত বিদ্যালয়খনৰ অধ্যক্ষ কেমচাদ বসুমতাৰীয়ে বাগ্‌সা জিলা সাংবাদিক সন্থাৰ সভাপতি মনোহৰ ৰাজবংশীক অভব্য আচৰণ কৰে৷ জানিব পৰা মতে, সাংবাদিক মনোহৰ ৰাজবংশীয়ে নিজৰ পৰীক্ষাৰ্থী ভাগিনীয়েকৰ খবৰ ল’বলৈ পৰীক্ষা কেন্দ্ৰৰ বাহিৰত উপস্থিত হৈছিল৷ সেই সময়তে পৰীক্ষা কেন্দ্ৰৰ নিৰাপত্তাৰ দায়িত্বত থকা বৰবৰী আৰক্ষী থানাৰ এ এছ আই কৃষ্ণ হালৈয়ে সাংবাদিক মনোহৰ ৰাজবংশীক পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মাতে৷ এ এছ আই কৃষ্ণ হালৈৰ আহ৩ানত সাংবাদিকজন পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰে৷ কিন্তু সেই সময়তে বিদ্যালয়খনৰ অধ্যক্ষ তথা কেন্দ্ৰটোৰ পৰিচালক কেমচাদ বসুমতাৰীয়ে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ উপস্থিতিতে সাংবাদিক মনোহৰ ৰাজবংশীক অপদস্থ কৰে৷ পৰীক্ষা কেন্দ্ৰটোৰ বাহিৰে- ভিতৰে থকা বহুলোকৰ সন্মুখতে উচ্চস্বৰে অধ্যক্ষ কেমচাদ বসুমতাৰীয়ে আপোনাক ইয়াত সোমাবলৈ কোনে অনুমতি দিছে, সাংবাদিকৰ এলাও নাই, আপুনি ওলাই যাওক ইত্যাদি কথাৰে অপদস্থ কৰে৷ যিখিনি কথা হয়তো সৌজন্য বজাই ৰাখি ক’লেও হ’লহেঁতেন৷ সাংবাদিক মনোহৰ ৰাজবংশীয়ে নিৰাপত্তাৰ দায়িত্বত থকা এ এছ আইজনেহে তেওঁক ভিতৰলৈ মাতিছে বুলি কোৱাৰ পাছতো ঠেলি বাহিৰ কৰি দিবলৈ চেষ্টা কৰে৷ ইতিমধ্যে এই ঘটনা প্ৰচাৰ হোৱাৰ পাছতে সাংবাদিক তথা সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বাগ্‌সা জিলা সাংবাদিক সন্থা, বাগ্‌সা প্ৰেছ ক্লাবে অধ্যক্ষজনৰ আচৰণক তীব্ৰ ভাষাৰে গৰিহণা দি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আহ৩ান জনায়৷ লগতে এইজন অধ্যক্ষৰ বিৰুদ্ধে জিলা আয়ুক্ত আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷ উল্লেখ্য, এইজন দাম্ভিক, অহংকাৰী, আত্মকেন্দ্ৰিক ব্যক্তি বৰিমাখা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হোৱাৰ পাছৰে পৰা বিদ্যালয়খনৰ সহকৰ্মীসকলৰ সৈতেও কোনো সদ্ভাৱ নাই৷ অধ্যক্ষৰ আসন লাভ কৰি শিক্ষানুষ্ঠানখনক নিজৰ মতে পৰিচালনা কৰিব বিচৰা এইজন অধ্যক্ষৰ বিৰুদ্ধে আছে বহু অভিযোগ৷ আনকি অধ্যক্ষজনে শ্ৰেণীত ছাত্ৰ-ছাত্ৰীক পাঠদান নকৰাৰো অভিযোগ আছে তেওঁৰ বিৰুদ্ধে৷ যাৰ বাবে কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে আন বিদ্যালয়ত নামভৰ্তি কৰিবলৈ বাধ্য হৈছে বুলি জানিব পৰা গৈছে৷

৩৯ বছৰ বয়সত মেট্ৰিক দিলে ওহাবে

‘আমাৰ অসম’ৰ ছিপাঝাৰৰ প্ৰতিবেদকঃ  শিক্ষা গ্ৰহণৰ বাবে কোনো বয়স নাথাকে৷  এই কথা আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে ছিপাঝাৰৰ ধলপুৰৰ ওহাব আলী নামৰ লোকজনে৷ হয়, বয়সৰ হিচাপ নকৰি আজিৰে পৰা অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাত বহিল দুটি সন্তানৰ পিতৃ ওহাব আলী৷ উল্লেখ্য, ঘৰৰ আৰ্থিক অনাটন আৰু সেই সময়ত ধলপুৰ অঞ্চলত উচ্চ শিক্ষাৰ সু-পৰিৱেশ নথকাৰ পৰিপ্ৰেক্ষিতত আধাতে পঢ়া এৰিছিল ওহাব আলীয়ে৷ অৱশ্যে বিদ্যানুৰাগী ওহাবে মনত পুহি ৰাখিছিল এদিন মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সপোন৷ দিন-মাহ বাগৰিছিল, বাগৰিছিল বছৰ৷ ওহাবে ইতিমধ্যে আৰম্ভ কৰিছিল যুগ্ম জীৱন৷ সমান্তৰালকৈ কৃষি কৰ্মৰ সৈতে জড়িত হৈ পৰিছিল তেওঁ৷ আনকি ওহাবৰ সংসাৰলৈ আহে দুটিকৈ সন্তান৷ জ্যেষ্ঠ সন্তানে অষ্টম মানত অধ্যয়ন কৰি থকাৰ বিপৰীতে কনিষ্ঠজনেও পঢ়ি আছে বিদ্যালয়ত৷ পিছে ইয়াৰ মাজতো ওহাবৰ মনত সজীৱ হৈ আছিল মেট্ৰিক পৰীক্ষাত বহাৰ সপোনটো৷ চলিত বৰ্ষত ওহাবে পাৰ কৰিব জীৱনৰ ৩৯টাকৈ বসন্ত৷ পিছে ওহাবৰ বাবে বয়স ডাঙৰ কথা নহয়৷ তেওঁৰ মতে, সপোনক দিঠক কৰিব পৰাটোহে ডাঙৰ কথা৷ আৰু এনে চিন্তাৰেই দুটা বছৰ প্ৰস্তুতি চলোৱাৰ অন্তত এইবেলি মেট্ৰিক পৰীক্ষাত বহে তেওঁ৷ তেওঁৰ মুখত আজি ক’ব নোৱৰাকৈয়ে বিৰিঙি উঠিছে এমুঠি হাঁহি৷ ছিপাঝাৰৰ বাহগড়া গণেশ কুঁৱৰী জনজাতি উচ্ছতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত মেট্ৰিক পৰীক্ষাত বহি আত্মসন্তুষ্টি লাভ কৰে তেওঁ৷

ৰঘুনাথ চৌধাৰী বিদ্যালয়ত উলহ-মালহ পৰিৱেশ

‘আমাৰ অসম’ৰ বৰক্ষেত্ৰীৰ প্ৰতিবেদকঃ  মুকালমুৱাস্থিত ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি মেট্ৰিক পৰীক্ষা উপলক্ষে এক উলহ-মালহ পৰিৱেশে বিৰাজ কৰে৷ ৰাজ্যৰ মুঠ ৯৪৪টা পৰীক্ষা কেন্দ্ৰৰ সমান্তৰালকৈ বিদ্যালয়খনতো আজি পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় ডেৰ ঘণ্টা পূৰ্বৰে পৰা অভিভাৱক তথা পৰীক্ষাৰ্থীসকল শিক্ষা জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে ভিৰ কৰা দেখিবলৈ পোৱা যায়৷ উল্লেখ্য, পৰীক্ষা কেন্দ্ৰটোত এইবাৰ মুঠ আঠখন বিদ্যালয়ৰ ৭১৪জন পৰীক্ষাৰ্থী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ নিৰ্দিষ্ট সময়ত পৰীক্ষা কেন্দ্ৰটোত ছাত্ৰ-ছাত্ৰীসকলক প্ৰৱেশ কৰিবলৈ দি ছাত্ৰ-ছাত্ৰীসকলক পৃথকে পৃথকে বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলে তালাচী চলাই পৰীক্ষা কেন্দ্ৰত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ ব্যৱস্থা কৰে৷ বিদ্যালয়খনৰ অধ্যক্ষ প্ৰাঞ্জল গোস্বামীয়ে কেন্দ্ৰটোৰ প্ৰতিটো কোঠালিত চিচি টিভিৰ ব্যৱস্থা পূৰ্বৰে পৰা থকা বুলি উল্লেখ কৰি পূৰ্বৰে দৰে পৰীক্ষাৰ সামগ্ৰিক পৰিৱেশ ভালেই থাকিব বুলি আশা ব্যক্ত কৰে৷ অধ্যক্ষজনে লগতে সমগ্ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল ভাল হোৱাৰ বাবে শুভেচ্ছা যাচে৷ মুকালমুৱা ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপৰিও বৰক্ষেত্ৰীৰ আন দুটা উল্লেখযোগ্য পৰীক্ষা কেন্দ্ৰ জনতা হাইস্কুল ৰামপুৰ আৰু পূব বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় লোহাৰকাঠাটো আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনৰ পৰীক্ষা সুকলমে অনুষ্ঠিত হয়৷ এইবেলি ৰামপুৰ জনতা হাইস্কুল পৰীক্ষা কেন্দ্ৰত ১১খন বিদ্যালয়ৰ মুঠ ৮৭৯জন পৰীক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে পূব বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত মুঠ ১১খন বিদ্যালয়ৰ ৯৪৮জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়৷

অসুস্থতাৰ বাবে পৰীক্ষাত বহিব নোৱাৰিলে মেধাৱী ছাত্ৰই

‘আমাৰ অসম’ৰ তামুলপুৰৰ প্ৰতিবেদকঃ  আজিৰে পৰা ৰাজ্যত আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তামুলপুৰ জিলাৰ এজন মেধাৱী ছাত্ৰ মগজুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বঞ্চিত হ’বলগা হয় অতি দৰিদ্ৰ পৰিয়ালৰ এই মেধাৱী ছাত্ৰজন হ’ল তামুলপুৰ জিলাৰ দ্বাৰকুছিৰ নিকটৱৰ্তী বৰলীয়াপাৰ গাঁৱৰ নিৱাসী মোহন দাসৰ কনিষ্ঠ পুত্ৰ মৃকুঞ্জয় দাসে দুমাহ আগতে মগজুৰ টিউমাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’ব লগা হয়৷ শেহতীয়াভাৱে চিকিৎসকৰ পৰামৰ্শ মতে, মেধাৱী ছাত্ৰজনৰ পৰিয়ালে ব্যয়বহুল এটি অস্ত্ৰোপচাৰৰ বাবে সাজু হৈছে৷ অস্ত্ৰোপচাৰৰ বাবে ওচৰ-চুবুৰীয়া বা আত্মীয়-স্বজনে কিছু আৰ্থিক সহায় কৰিছে যদিও ব্যয়বহুল চিকিৎসা কৰিবলৈ পৰিয়ালটো অপাৰগ৷ সেয়ে দৰিদ্ৰ পৰিয়ালটোৱে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা অসমৰ হৃদয়বান ব্যক্তিসকলক কাতৰে অনুৰোধ জনাইছে যাতে কিছু আৰ্থিক সাহায্য প্ৰদান কৰি মেধাৱী ছাত্ৰজনৰ জীৱন ৰক্ষা কৰে৷ পেচাত এজন ই-ৰিস্কা চালক পিতৃ মোহন দাসে নিজৰ সামৰ্থ্য অনুসৰি মৃকুঞ্জয়ৰ চিকিৎসা কৰাইছিল যদিও ৰোগ নিৰাময়ৰ বাবে বাহিৰত নি অস্ত্ৰোপচাৰৰ বাবে চিকিৎসকে পৰামৰ্শ দিয়াত ব্যয়বহুল চিকিৎসাৰ বাবে সম্বল নোহোৱাত ৰোগীয়া পুত্ৰক চকুৰ আগত ৰাখি পিতৃ তথা পৰিয়ালটো অপেক্ষাত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমবাসী ৰাইজৰ সহায়ৰ বাবে৷ কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰিলে পিতৃ মোহন দাসৰ অসম গ্ৰামীণ বিকাশ বেঙ্কৰ একাউণ্ট নম্বৰ ৭২৮৩০২৬০১৮৩৭১,  IFSC code PUNBORRBAGB নাইবা মৃকুঞ্জয় দাসৰ ককায়েক ভাস্কৰজ্যোতি দাসৰ স্কেনাৰ যোগে সহায় কৰিব পাৰিব৷ সদাশয় লোকসকলক সকলোধৰণৰ যোগাযোগৰ বাবে মৃকুঞ্জয়ৰ পিতৃ মোহন দাসৰ ৭৮৯৬২৬১৬৯০ এই নম্বৰত যোগাযোগ কৰিবলৈ আহ৩ান জনাইছে পৰিয়ালটোৱে৷