Logo
image

ইংৰাজী মাধ্যমৰ স্কুলত অসমীয়া বাধ্যতামূলক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ ফেব্ৰুৱাৰীঃ  ‘অসমৰ চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠানসমূহে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া, বিটিআৰত বড়ো, অসমীয়া ভাষা বাধ্যতামূলকভাৱে ব্যৱহাৰ কৰিব লাগিব৷ অৰ্থাৎ ইংৰাজী মাধ্যমৰ স্কুলতো অসমীয়া বাধ্যতামূলক হ’ব৷ অসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰীকৰণক লৈ অসম চৰকাৰৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত হোৱা আলোচনাত লোৱা হয় এই সিদ্ধান্ত৷ বিপ্লৱ শৰ্মা আয়োগৰ ৫২টা পৰামৰ্শৰ ভিতৰত ৰাজ্য চৰকাৰৰ সৈতে জড়িত ৩৮ টা পৰামৰ্শ কাৰ্যকৰীকৰণক লৈ দেওবাৰে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত৷ ছাত্ৰ সন্থাৰ নেতৃত্বৰ সৈতে আলোচনাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে৷ তেওঁ আৰু কয়– অসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত ৫২ টা পৰামৰ্শ ৰাজ্য চৰকাৰৰ সৈতে জড়িত৷ আলোচনা কৰিবলৈ ৰৈ যোৱা পৰামৰ্শ সমূহক লৈ দহ মাৰ্চৰ পূৰ্বে আলোচনা কৰা হ’ব৷ অসমৰ চৰকাৰী ভাষা সঞ্চালকালয় গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ অহা ১৪ এপ্ৰিলৰ পৰা চৰকাৰী আইন, নিৰ্দেশনা, অধিসূচনাসমূহ চৰকাৰে অসমীয়া ভাষাত জাৰি কৰিব৷ অসমৰ চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠানসমূহে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু বিটিআৰত বড়ো, অসমীয়া ভাষা বাধ্যতামূলকভাৱে ব্যৱহাৰ কৰিব লাগিব৷ অসমৰ কিছু নিৰ্বাচিত ৰাজহ চক্ৰত তিনিটা প্ৰজন্ম ধৰি বসবাস কৰা লোকেহে ভূমি কিনা-বেচাৰ অধিকাৰ লাভ কৰিব৷ অৱশ্যে অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ ক্ষেত্ৰত এই ব্যৱস্থা প্ৰযোজ্য নহ’ব৷ চৰ অঞ্চলত ভূমিৰ জৰীপ আৰম্ভ কৰিব চৰকাৰে৷ কিন্তু ভূমিৰ বন্দোবস্তি কৰা নহ’ব৷ এইবাৰ বিধানসভাৰ বাজেট অধিৱেশনত এই সিদ্ধান্তসমূহৰ প্ৰতিফলন ৰাইজে দেখা পাব৷ অষ্টম শ্ৰেণীলৈ অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক হ’ব অসম বুৰঞ্জী বিষয়৷ বুৰঞ্জীৰ লগত ভূগোল বিষয়ো বাধ্যতামূলক হ’ব৷ অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ বিষয়৷ সেয়ে সংজ্ঞা নিৰূপণ নকৰাকৈয়ে ৰাজ্য চৰকাৰে বাকী কামসমূহ আগবঢ়াব বিচাৰিছে৷ উল্লেখ্য, অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ সন্দৰ্ভত এক আলোচনা অনুষ্ঠিত হয়৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ পৰামৰ্শাৱলীৰ ৪০টা বিষয় অসম চৰকাৰৰ আওতাত পৰে; ১২টা অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যুটীয়া আওতাত আৰু ১৫টা কেৱল ভাৰত চৰকাৰৰ আওতাত পৰে৷ অসম চৰকাৰৰ আওতাৰ আৰু কেন্দ্ৰ-ৰাজ্যৰ যৌথ আওতাৰ মুঠ ৫২টা বিষয়ৰে ৩৮টা বিষয় সন্দৰ্ভত আজি আলোচনা কৰা হয় আৰু কৰ্মপন্থা প্ৰস্তুত কৰা হয়৷ মূল সিদ্ধান্ত সমূহৰ বিষয়ে সদৰি কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কয়– জনজাতীয় বেল্ট-ব্লকসমূহ ইতিমধ্য়ে সুৰক্ষিত কৰাৰ উপৰিও আন অঞ্চলসমূহৰ ৰাজহচক্ৰত মাটিৰ অধিকাৰ আৰু ক্ৰয়-বিক্ৰয় কেৱল অসমীয়া মানুহৰ মাজত সীমাবদ্ধ থাকিব৷ এই সন্দৰ্ভত যাৱতীয় আইনৰ খচৰা প্ৰস্তুত কৰি থকা হৈছে৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া বিষয়টো বাধ্যতামূলক হ’ব৷  বি টি আৰ অঞ্চলত বড়ো-অসমীয়া বিষয় বাধ্যতামূলক হ’ব৷ বৰাক উপত্যকা আৰু পাৰ্বত্য জিলা সম্পৰ্কত পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰা হ’ব৷ ২০২৬ শিক্ষা বৰ্ষৰ পৰা অষ্টম শ্ৰেণীলৈকে ‘অসম বুৰঞ্জী’ বাধ্যতামূলক হ’ব৷ অসম চৰকাৰৰ উদ্যোগত এখনি ‘অসমীয়া মানুহৰ ইতিহাস’ প্ৰস্তুত কৰি উলিওৱা হ’ব৷ অসমৰ সত্ৰসমূহৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আৰু সত্ৰ সম্পৰ্কীয় যিকোনো বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এখন শক্তিশালী বোৰ্ড গঠন কৰা হ’ব৷ এই বোৰ্ড স্বায়ত্ত্বশাসিত হ’ব৷ তিনি মাহৰ ভিতৰত এই সম্পৰ্কীয় বিধেয়ক প্ৰস্তুত কৰা হ’ব৷ সত্ৰ, নামঘৰকে ধৰি অন্যান্য খিলঞ্জীয়া ধৰ্মীয় অনুষ্ঠানসমূহক বিধিগত সুৰক্ষা প্ৰদান কৰা হ’ব৷ ৰাজ্যভাষা আইন নিখুঁতভাবে কাৰ্যকৰী কৰা হ’ব৷ অসম চৰকাৰৰ সকলো নিৰ্দেশনা ১৪ এপ্ৰিলৰ পৰা অসমীয়াত প্ৰকাশ পাব৷ নিৰ্দেশনা ইংৰাজীতো থাকিব৷ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো আইন, অধিসূচনা, নিয়মাৱলী, নিৰ্দেশাৱলী অসমীয়া ভাষাতো প্ৰকাশৰ ব্যৱস্থা কৰিব৷ এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ক অনুবাদৰ বিশেষ প্ৰকল্পৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হ’ব৷ অসম চৰকাৰেও অনুবাদৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব৷ ৰাজ্যভাষা প্ৰয়োগ সঞ্চালকালয়টো পূৰ্ণ পৰ্যায়ৰ স্বতন্ত্ৰ সঞ্চালকালয় হিচাপে গঢ়ি তোলা হ’ব৷ প্ৰয়োজনীয় আন্তঃগাঁথনি, নিয়োগৰ ব্যৱস্থা কৰা হ’ব৷ ভূমি সংক্ৰান্তিয় সকলো পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ Land Administrationৰ ২০০০ অতিৰিক্ত পদ সৃষ্টি কৰা হ’ব৷ তিনি বছৰৰ ভিতৰত নিয়োগ সম্পূৰ্ণ কৰা হ’ব৷


অসম বিশ্ববিদ্যালয়ৰ শিলচৰ চৌহদত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰে সৈতে আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ তেজপুৰ চৌহদত সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা আসনৰে সৈতে অসমীয়া ভাষা বিভাগ খোলা হ’ব৷ অসম চৰকাৰে উদ্যোগ লৈ এবছৰৰ ভিতৰত এই সিদ্ধান্ত কাৰ্যকৰী কৰিব৷ এক বিশেষ জৰীপৰ জৰিয়তে এবছৰৰ ভিতৰত অসমৰ ‘মূল কৃষিভূমি’ বাছনি কৰি উলিওৱা হ’ব৷ হ্লচৰকাৰৰ অনুমতি অবিহনে এনে ভূমি অনাকৃষি কাৰ্য্যত ব্যৱহাৰ কৰিব পৰা নাযাব৷ ‘কৃষি অনুপযোগী ভূমি’ বাছনি কৰিবলৈ জৰীপ চলোৱা হ’ব৷ এনে ভূমিক ঔদ্যোগিক ভূমি হিচাপে ঘোষণা কৰা হ’ব৷ অসমত Land Record সংৰক্ষণ ব্যৱস্থা এতিয়াও সুশৃংখলিত নহয়৷ সেয়েহে অসমত ভূমিৰ তথ্য সংৰক্ষণৰ বাবে ভূ-আধাৰ (ULPIN) ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব৷ ভূ-আধাৰ আৰু ভূমিৰগৰাকীৰ আধাৰ কাৰ্ড সংলগ্ন কৰি বিশেষ প্ৰমাণ-পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ প্ৰতিখন জিলা সদৰত একোটিকৈ অত্যাধুনিক বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰা হ’ব৷ তিনিটা পৰ্যায়ত এই কাম সম্পূৰ্ণ কৰা হ’ব৷ অসমৰ প্ৰত্যেক জনজাতি, জনগোষ্ঠীৰ বাবে প্ৰতিখন জিলাত এটিকৈ বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰা হ’ব৷ সংশি¡ষ্ট জনজাতি, জনগোষ্ঠীসমূৰ সৈতে আলোচনা কৰি স্থান নিৰ্ধাৰণ কৰা হ’ব৷ অসমীয়া আৰু অন্যান্য জনজাতীয়-জনগোষ্ঠীয় ভাষাৰ বাবে গুৱাহাটীত এটি আধুনিক ‘বহুভাষিক কেন্দ্ৰীয় পুথিভঁৰাল’ নিৰ্মাণ কৰা হ’ব৷ ৫২টা পৰামৰ্শৰে বাকীকেইটা পৰামৰ্শৰ কৰ্মপন্থা নিৰূপন কৰিবলৈ মাৰ্চ মাহত পুনৰ আছু আৰু অসম চৰকাৰৰ আলোচনা অনুষ্ঠিত হ’ব৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়সমূহ কাৰ্যকৰী কৰিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আছুৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে৷