
পুনৰ শিকলি লগাই ভাৰতীয়ক বিতাড়ন, বন্ধ মাৰ্কিন অনুদানো
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৬ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘প্ৰিয় বন্ধু’ ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰি অহাৰ পাছতো আমেৰিকাত বাস কৰা অবৈধ ভাৰতীয়ৰ ‘অপমানৰ শিকলি’ নিচিগিল৷ শনিবাৰে দ্বিতীয় দফাত দেশান্তৰ কৰা ১১৬জন ভাৰতীয়কো হাতকেৰেয়া আৰু ভৰিত শিকলিৰে বান্ধি পঠিয়ালে ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে৷ যোৱা ২৯ জানুৱাৰীত প্ৰথমবাৰ দেশান্তৰ কৰা ১০৭জন ভাৰতীয়ক হাতকেৰেয়া আৰু ভৰিত শিকলি লগাই পঠিওৱাৰ বাবে ভাৰতত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল৷ বিৰোধী দলে বাজেট অধিৱেশনৰ মাজতে সংসদত সেই অপমানৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল৷ পিছে নতুন দিল্লীয়ে যে এই অপমান নতশিৰে মানি লৈছে সেয়া বুজাই দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আমেৰিকাই তেওঁলোকৰ অবৈধ প্ৰব্ৰজনকাৰী বিতাড়ন কৰাৰ আইন মানিয়েই কাম কৰা বুলি মন্তব্য কৰিছিল৷ তেওঁ কৈছিল– ‘এয়া নতুন কথা নহয়৷ প্ৰত্যেক দেশৰেই অবৈধ প্ৰব্ৰজনকাৰীক বিতাড়ন কৰাৰ কেতবোৰ আইন আছে৷ ভাৰতীয় সকলকো আমেৰিকাই সেই আইন ব্যৱহাৰ কৰিয়েই দেশান্তৰ কৰিছে৷ আমি তেওঁলোকক চিনাক্তকৰণত সহায় কৰিছো৷ মহিলা আৰু শিশুসকলক হাতকেৰেয়া আৰু ভৰিত শিকলি নবন্ধাকৈ আমেৰিকাই পঠিয়াইছে৷’ এছ জয়শংকৰৰ এই অসহায় স্বীকাৰোক্তিৰ পাছতো ভাৰতবাসীয়ে আশা কৰিছিল, প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছত এইবাৰ অন্ততঃ স-সন্মানে ভাৰতীয়সকলক ঘূৰাই পঠিয়াব৷ ধাৰণা কৰা হৈছিল, মোদীয়ে কূটনৈতিকভাৱে বিষয়টো ট্ৰাম্পৰ সৈতে আলোচনা কৰি ভাৰতীয়ৰ সন্মানজনক দেশান্তৰ নিশ্চিত কৰিব৷ পিছে সেই সকলো আশা ধূলিসাৎ কৰি শনিবাৰে আমেৰিকাই দেশান্তৰ কৰা ১১৬জন ভাৰতীয়ক প্ৰথমবাৰৰ দৰেই হাতকেৰেয়া আৰু শিকলি বান্ধি মাৰ্কিন সামৰিক বিমানত তুলি ভাৰতত নমাই দিয়া হ’ল৷ চি-১৭ গ্লোবমাষ্টাৰ বিমানখনে যোৱা নিশা ১১ বজাৰ পাছত অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে৷ আমেৰিকাই দেশান্তৰ কৰা একাধিক ভাৰতীয়ই পি টি আই আৰু আন আন ভাৰতীয় সংবাদ সংস্থাক জনায় যে, তেওঁলোকক কেৱল হাতকেৰেয়া লগোৱাই নহয়, ভৰিতো শিকলিৰে বান্ধি বিমানত অনা হৈছিল৷ আনকি টয়লেট ব্যৱহাৰৰ সময়তো তেওঁলোকৰ শিকলি খুলি দিয়া হোৱা নাছিল৷ দলজিৎ সিং নামৰ দেশান্তৰিত হোৱা এজন ভাৰতীয়ৰ সেই মন্তব্য সম্প্ৰতি ভাইৰেল হৈছে৷ এন ডি টি ভিকো দেশান্তৰিত হোৱা এজন ভাৰতীয়ই জনাইছে যে সকলোকে হাত-ভৰি শিকলিৰে বান্ধি পঠিওৱা হৈছিল৷ আনকি তেওঁলোকৰ ম’বাইল ফোনো ট্ৰাম্প প্ৰশাসনে জব্দ কৰি ৰাখিছিল৷ উল্লেখ্য শনিবাৰে ভাৰতত আহি উপস্থিত হোৱা ১১৬জনৰ ভিতৰত দুজনৰ পূৰ্বে ভাৰতত হত্যাৰ ঘটনাৰ অভিযোগ আছিল৷ সন্দীপ সিং আৰু প্ৰদীপ সিং নামৰ অভিযুক্ত দুয়োজনকে বিমানৰ পৰা নমাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ বাকী পঞ্জাৱৰ আটাইকেইজন বাসিন্দাক আৰক্ষীয়ে নিজৰ গাড়ীত তুলি নিজ নিজ ঘৰলৈ পঠিয়াই দিয়ে৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশতে এনেদৰে তেওঁলোকক সংবাদ মাধ্যমৰ পৰা আঁতৰাই পঠিয়াই দিয়া বুলি সমালোচনা হৈছে৷ ইপিনে আজি দেওবাৰে নিশা পলমকৈ আৰু এখন সামৰিক বিমানত তুলি অনা এদল ভাৰতীয়ক অমৃতসৰ বিমানবন্দৰত নমোৱাৰ কথা৷ নিশা আহি পাবলগীয়া মাৰ্কিন সামৰিক বিমানখনৰ অৱতৰণৰ সময় আৰু দেশান্তৰ কৰা ভাৰতীয়ৰ সংখ্যা এতিয়াও ৱাশ্বিংটন বা নতুন দিল্লীয়ে ৰাজহুৱা কৰা নাই৷
ট্ৰাম্প চৰকাৰে কৰ্তন কৰিলে সাহায্য
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সফল আমেৰিকা ভ্ৰমণ সামৰি উভতি অহাৰ পাছতে ড’নাল্ড ট্ৰাম্পৰ চৰকাৰে ভাৰতলৈ অতবছৰে প্ৰেৰণ কৰি অহা ২২ নিযুত ডলাৰৰ অৰ্থসাহায্য কৰ্তন কৰি দিছে৷ দীৰ্ঘ বহুবছৰ ধৰি আমেৰিকাই ভাৰতক এই পুঁজি যোগান ধৰি আহিছিল৷ এই পুঁজি ব্যৱহাৰ কৰা হৈছিল ভাৰতত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ কামত৷ অৰ্থাৎ ভোটদানৰ প্ৰতি গণতান্ত্ৰিক দেশত সজাগতা সৃষ্টিৰ বাবে এই মাৰ্কিন পুঁজি বছৰ বছৰ ধৰি ভাৰতত ব্যৱহাৰ হৈ আহিছিল৷ আমেৰিকাই এনেধৰণৰ সাহায্য পুঁজি কৰ্তন কৰি দেশৰ অৰ্থনীতিৰ ভঁৰাল টনকিয়াল কৰি ৰখাৰ বাবেই এই পদক্ষেপ লৈছে৷ তেনে পদক্ষেপ গ্ৰহণৰ বাবে ধনকুবেৰ ইলন মাস্কৰ অধীনত চৰকাৰী দক্ষতা বিষয়ক বিভাগ (ডজ) এটা আৰম্ভ কৰা হৈছিল৷ সেই মাস্ক নেতৃত্বাধীন বিভাগটোৱেই ভাৰতলৈ প্ৰেৰণ কৰা পুঁজি কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে৷ তেওঁলোকে ভাৰতৰ উপৰি বাংলাদেশ, নেপাল, মালী, চাৰ্বিয়া, মোজাম্বিক, লাইবেৰিয়া আৰু কম্বোডিয়াৰ বাবে বিভিন্ন শিতানত প্ৰেৰণ কৰা আৰ্থিক সাহায্য পুঁজিও একেটা ঘোষণাৰ জৰিয়তে বন্ধ কৰি দিছে৷ ইলন মাস্কে তেওঁৰ ঘোষণাত কৈছে, আমেৰিকাৰ কৰদাতাই ৰাজভঁৰাললৈ আগবঢ়োৱা ধন এনেদৰে বিদেশত খৰচ কৰি থাকিলে এসময়ত আমেৰিকা দেউলীয়া হৈ পৰিব৷ দেশৰ ভৱিষ্যতৰ কথা ভাবিয়েই এই পদক্ষেপ লোৱা হৈছে বুলি মাস্কে মন্তব্য কৰে৷ প্ৰসংগতঃ প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভ্ৰমণত ইলন মাস্কক সপৰিয়ালে সাক্ষাৎ দিছিল৷ দুয়োৰে মাজত পাৰস্পৰিক সহযোগিতাক লৈ দীঘলীয়া আলোচনাও হৈছিল৷ তথাপি দেশৰ স্বাৰ্থত মাস্কৰ বিভাগে এই গুৰুতৰ পদক্ষেপ গ্ৰহণ কৰে৷