Logo
image

বনলতা সেন... তোমাৰ দৰে কোনো আছিল নে ক’ৰবাত...

 সৌৰভ কুমাৰ বৰা  আমাৰ অসমঃ

তেমনি দেখেছি তাৰে অন্ধকাৰে' বলেছে সে,

‘এতদিন কোথায় ছিলেন’

পাখিৰ নীড়েৰ মতো চোখ তুলে নাটোৰেৰ বনলতা সেন৷

বনলতা, কোন তুমিঞ্জ বনলতা সেন! নাটোৰৰ পৰা ডিব্ৰুগড়লৈ দুৰত্ব কিমানঞ্জ দুৰ্গম কিমান আছিল ১৯৩০১ সেই পথঞ্জ এই দূৰত্ব অতিক্ৰম কৰি বনলতা সেনৰ সন্ধানত ‘আঘ্ৰানে-আকৰ্ষণে’ ডিব্ৰুগড়লৈ আহিছিল নেকি কবি জীৱনানন্দঞ্জ জীৱনানন্দ দাশ! বাংলাদেশৰ নাটোৰৰ পৰা অথবা বৰিশালৰ পৰা ডিব্ৰুগড়ৰ দুৰত্ব-দুৰ্গমতাৰ যাত্ৰাৰ ক্লেশৰ বাবেই কবিয়ে  লিখিছিল নেকি– হাজাৰ বছৰ ধৰে আমি পথ হাঁটিতেছি পৃথিৱীৰ পথে,য সিংহল সমুদ্ৰ থেকে নিশীথেৰ অন্ধকাৰে মালয় সাগৰেয অনেক ঘূৰেছি আমি; আৰো দূৰ অন্ধকাৰে বিদৰ্ভ নগৰে;য আমি ক্লান্ত প্ৰাণ এক, চাৰিদিকে জীৱনেৰ সমুদ্ৰ সফেন, আমাৰে দুদণ্ড শান্তি দিয়েছিল নাটোৰেৰ বনলতা সেন৷

কোনে জানে? কোনে ক’ব আজি জীৱনানন্দৰ এই দুৰ্গম পথ পৰিক্ৰমা? তাতেই পাইছিল নেকি জীৱনানন্দই তেওঁৰ অমৰ হৈ ৰোৱা প্ৰণয়িনী বনলতা সেনক, যি আজিও অগণন বুভূক্ষ প্ৰেমিকৰ বহু-ঈপ্সিতা নাৰী? কোনে দিব সেই উত্তৰ? কোনে জানে সেই নিষিদ্ধ প্ৰেমৰ ইতিহাস?

কোনেও নাজানে৷ নাই ভুল হ’ব, জানিছিল জীৱনানন্দই, জানিছিল স্বয়ং বনলতা সেনে৷ আৰু? আৰু জানে সংখ্যাত তেনেই তাকৰ, হয়তো শতকৰ ঘৰো স্পৰ্শ নকৰা কেইজনমান ক্লান্তিহীন অনুসন্ধিৎসুৱে৷ কিন্তু নাজানে সিংহভাগ বনলতা সেন-প্ৰেমীয়ে, যাৰ বাবে কল্পনাৰ কাংক্ষিত ৰমণীতে ৰৈ গ’ল বনলতা সেন৷ হয়তো জীৱনানন্দৰ দৰেই ‘কান্তি’তে এৰি দিলে কৌতূহল নিৰসণৰ প্ৰয়াস৷ প্ৰশ্নটো থাকিয়েই গ’ল৷ বনলতা, কোন তুমি? বনলতা সেন?

লিওনাৰ্ড ডা ভিন্সিৰ মনালিছা যিদৰে চিৰতৰে দুৰ্বোধ্য, একেদৰে বিচক্ষণ পাঠক, তুখোৰ সমালোচক আৰু বনলতাপ্ৰেমীৰ বাবেও বনলতা সেন ৰহস্যময়ী৷ আপাত-নীৰিহ পাঠকৰ বাবে কবিতাটোও দুৰ্বোধ্য৷ তেওঁলোকে কেৱল বনলতা সেনক ভালপায়– নিস্বাৰ্থ প্ৰেমাস্পদৰ দৰে৷ দুৰ্বোধ্য বাবেই বনলতা সেন কবিতাটোৰ একাধিক বাক্যৰ-শব্দৰ মৰ্মাৰ্থ কোনেও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু সেই একমাত্ৰ কাৰণতে বনলতা সেনৰ সাবলীল অনুবাদো সম্ভৱ হোৱা নাই৷ যিদৰে সম্ভৱ হোৱা নাই মনালিছাৰ হাঁহিৰে ৰহস্যোধাৰ৷ কিন্তু মনালিছা-বনলতাৰ নিকটতম সাদৃশ্য এই– দুৰ্বোধ্যতা অতিক্ৰান্ত কৰিব নোৱাৰিলেও দুয়োৰে সকলোকে অবাক কৰা জনপ্ৰিয়তা, ই শতবছৰে অনস্বীকাৰ্য৷ 

ভাৰতীয় উপ-মহাদেশ যেতিয়া ব্ৰিটিছৰাজৰ অত্যাচাৰৰ শেষ মৃত্যুযন্ত্ৰণাত কাতৰ, ঠিক তেতিয়াই কবি জীৱনানন্দই তেওঁৰ অনুৰাগীৰ সন্মুখত উন্মোচন কৰিছিল তেওঁৰ স্বৰ্গীয় সৌন্দৰ্য বনলতা সেনক– যি বিগত এটা শতাব্দী ধৰি বাংলা সাহিত্যৰ ‘আল্টিমেট ৱ’মেন’৷ সৰ্বোত্তম নাৰী চৰিত্ৰ৷ কেৱল বাংলাভাষীৰ মাজতেই নে? কোনো কাৰণতে নহয়৷ বনলতা সেনে আত্মপ্ৰকাশ কৰাৰ পাছত বিগত ৯৩ বছৰত এই কবিতা অৰ্ধশতাধিক প্ৰখ্যাত-বিখ্যাত কবিয়ে ইংৰাজী ভাষালৈ অনুবাদ কৰিছে৷ অনুবাদ হৈছে ফৰাছী, হিন্দী– বিভিন্ন ভাৰতীয় ভাষাত৷ অনুবাদ হৈছে অসমীয়াতো৷ অগণিত অসমীয়া কবিৰ হূদয় জুৰি বহি আছে বনলতা সেনে, অন্তৰৰ একোণত সযতনে লৈ ফুৰিছে কবিতা অনুৰাগীয়ে৷ এতিয়া ৫০-৬০ৰ ঘৰত প্ৰৱেশ কৰা তেতিয়াৰ অসমীয়া যুৱকৰ, যি বাংলা ভাষাও পঢ়িছিল সমানে– তেওঁলোকৰ ৰোমাণ্টিচিজম আৰম্ভ হৈছিল বনলতা সেন পঢ়ি৷ প্ৰেম নিবেদন কৰিছিল বনলতা সেনৰ এটা পংক্তি গাই– ‘চুল তাৰ কবেকাৰ অন্ধকাৰ বিদিশাৰ নিশা, মুখ তাৰ শ্ৰাবস্তীৰ কাৰুকাৰ্য’ বুলি৷ মই অন্ততঃ অসমৰ এনে দুজন মুখ্য সম্পাদক-সাংবাদিকক জানো, যি জীৱনানন্দৰ বনলতা সেনেই নহয়, তেওঁৰ যিকোনো কবিতা অনৰ্গল গাই যাব পাৰে৷ যৌৱনত তেওঁলোকে নাটোৰৰ বনলতা সেনৰ দৰে ‘পাখিৰ নীড়েৰ মত চোখ’ প্ৰণয়িনীৰ চকুত দেখিছিল নে নাই মই নাজানো, জনা সম্ভবো নহয়; কিন্তু তেওঁলোকৰ প্ৰজন্মৰ অলেখ অসমীয়া যুৱকে প্ৰথম যৌৱনত প্ৰেমিকাৰ সন্মুখত যে বাৰম্বাৰ বনলতা সেন আওৰাইছিল, সেয়া অৱধাৰিত৷ 

বনলতা সেন কোন– আমৃত্যু সেয়া ভাবি ভাবি, নজনাকৈ থকাৰো এটা আমেজ আছে৷ বনলতা সেনৰ আজন্মপ্ৰেমীয়ে সেই অনিৰ্বচনীয় আমেজ উপভোগ কৰি কৰি যোৱা এটা শতক অতিক্ৰান্ত কৰিছে৷ এই ৰহস্যভেদ তেওঁলোকৰ বাবে অনতিক্ৰম্য৷ কিন্তু যাৰ বনলতা সেনৰ ৰহস্যভেদ জীৱনৰ এক দুৰ্বাৰ আকাংক্ষা, তেনে কৌতূহলীৰ বাবে কবিৰ পদসঞ্চাৰৰ পম খেদাৰ গত্যন্তৰ নাই, সেয়া তেওঁৰ কবিতা-সমালোচনা পঢ়িয়েই হওঁক অথবা আক্ষৰিক অৰ্থত কবিৰ যাত্ৰাপথ অনুসৰণ কৰিয়েই হওঁক৷ 


বনলতা সেন প্ৰকৃততে কোন– কবিৰ পদসঞ্চাৰ অনুসৰণ কৰি এই সন্ধানৰ সূচনা হৈছিল এটা ফেচবুক শ্বেয়াৰৰ আগ্ৰহত আজিৰ পৰা ঠিক আঠ মাহ পূৰ্বে ২০২৪ ৰ ১৭ জুনত৷ ‘জ্ঞানীদেৰ বাণী’ নামৰ এটা গ্ৰুপ পোষ্ট শ্বেয়াৰ কৰি অসমৰ এজন সক্ৰিয় ফেচবুক নেটিজেনে লিখিছিল– “বনলতা সেন’ৰ কবি জীৱনানন্দ দাশে ১৯২৯ চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহত অসমৰ ডিব্ৰুগড় নগৰত তেওঁৰ সম্বন্ধীয় খুড়ায়েক অতুলনানন্দ দাসৰ বাসগৃহত কটাইছিল৷ ডিব্ৰুগড়ৰ পটভূমিক লৈ তেওঁ এটা কবিতাও লিখিছিল৷ কথাখিনি শ্বেয়াৰ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ৷” সেই পোষ্টত ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক, গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে কমেণ্ট বক্সত লিখিছিল– ‘ঐতিহাসিক তথ্য৷ আৰু আলোচনা-গৱেষণাৰ থল আছে৷’ সেই মন্তব্যই হঠাতে জীৱনানন্দৰ বনলতা সেনক লৈ দীৰ্ঘদিনে জীয়াই ৰখা আমাৰ আগ্ৰহ দপকৈ বঢ়াই তুলিছিল৷ বনলতা সেনৰ প্ৰতি আমাৰ আগ্ৰহ-আকৰ্ষণ আৰম্ভ হৈছিল এক পুৰণি বাতৰি কাকত কিনা বেপাৰীৰ এটা পাছিৰ পৰা, য’ত পৰি থকা আধাফলা জীৱনানন্দৰ এখন কাব্যপুথি তুলি লৈছিল এজন সাংবাদিক বন্ধুৱে৷ যৌৱনৰ আৰম্ভণিতে ‘চুল তাৰ কবেকাৰ অন্ধকাৰ বিদিশাৰ নিশা’ আবৃতি কৰি জীৱনানন্দ-বনলতা বুজাইছিল, যি আগ্ৰহ বিগত তিনি দশকত দিনে দিনে বৃদ্ধি পাইছিল৷ গৱেষণা নহয়, সাংবাদিকৰ কৌতূহলী সন্ধানৰ আঠ মাহৰ অন্তত কাইলৈ ১৭ ফেব্ৰুৱাৰীত কবিৰ ১২৬ সংখ্যক জন্মদিনৰ আগদিনা আজি অন্ততঃ সেইসকল জীৱনানন্দপ্ৰেমীক আশ্বস্ত কৰি ক’ব পাৰো– তেওঁলোকৰ-আমাৰ যৌৱনৰ ‘অৱছেছন’ বনলতা সেন কোন৷

‘নাটোৰেৰ বনলতা সেন’ কোন– এই সন্দৰ্ভত আক্ষৰিক অৰ্থতে অলেখ ‘মিথ’, অসংখ্য তথ্য, কল্পিত কাহিনী আছে৷ তাৰে কোনোটো সত্যৰ ‘গা-ঘেঁষা’ আৰু অনেকেই যেন কল্পনাপ্ৰসূত৷ সন্দেহ নাই, বনলতা সেন বিংশ শতাব্দীত সৰ্বাধিক পঠিত আৰু সৰ্বাধিক অনুদিত বাংলা কবিতা৷ বনলতা সেন নামটোৰ সৈতে বাংলাদেশৰ নাটোৰৰ নাম সংলগ্ন হৈ থকাত সকলোৱে বনলতা সেন এগৰাকী ‘ৰক্ত-মাংসৰ নাৰী’ বুলিয়েই বিগত এটা শতিকাত বিশ্বাস কৰি আহিছে৷ জীৱনানন্দৰ ৰচনাত বনলতা সেনৰ উপৰি শ্যামলী, সুৰঞ্জনা, সুচেতনা, সৰোজিনী, শেফালিকা বসু, সুজাতা, অমৃতাকে ধৰি বহু আকৰ্ষণীয় নামৰ নাৰী চৰিত্ৰ আছে৷ কিন্তু তেওঁৰ কবিতাই-উপন্যাসে যিদৰে বনলতা সেন চৰিত্ৰটো আৱৰ্তক বা পুনৰাবৃত্ত (Recurrent), সেইদৰে আন চৰিত্ৰ নহয়৷ বনলতা সেন নামৰ এগৰাকী নাৰী আছিল আৰু কবিৰ জীৱনলৈ আহিছিল, তাৰ বিশ্বাসযোগ্যতা গভীৰতৰ হোৱাৰ ইয়ো মুখ্য কাৰণ৷ কোৱা বাহুল্য মাথোঁ, বনলতা সেন নামটো প্ৰথমে জীৱনানন্দই ব্যৱহাৰ কৰিছিল তেওঁৰ ‘কাৰুবাসনা’ নামৰ উপন্যাসত৷ উপন্যাসখন ১৯৩২ চনত লিখিলেও প্ৰকাশ হৈছিল কবিৰ মৃত্যুৰ প্ৰায় অৰ্ধশতিকা (১৯৫৪, ২২ অক্টোবৰ) পাছত ১৯৮৬ চনত৷ আৰু তিনিটা কবিতাত জীৱনানন্দই বনলতা সেন নামটো ব্যৱহাৰ কৰিছিল৷ বনলতা সেন কবিতাটো প্ৰথম প্ৰকাশ হৈছিল ১৯৩৫ চনত বুদ্ধদেৱ বসু সম্পাদিত ‘কবিতা’ পত্ৰিকাত৷ জীৱনানন্দৰ মৃত্যুৰ অৰ্ধশতিকা পাছত উদ্ধাৰ হোৱা তেওঁৰ অপ্ৰকাশিত আৰু সামান্য প্ৰকাশিত পাণ্ডুলিপিৰ পৰা জানিব পৰা গৈছিল বনলতা সেন ৰচিত হৈছিল ১৯৩৪ চনত৷ ১৯৩৫ ত প্ৰকাশৰ পাছত ১৯৪২ ত কবিৰ তৃতীয় কাব্যগ্ৰন্থ ‘বনলতা সেন’, ১৯৪৪ ত চতুৰ্থ কাব্যগ্ৰন্থ ‘মহাপৃথিৱী’ত আৰু তাৰ পাছত বনলতা সেন কবিতাটোৰ প্ৰকাশ পৌনঃপুনিক অংকৰ দৰে বাংলা সাহিত্যত প্ৰায় অভ্যাসত পৰিণত হৈছিল৷ কিন্তু বনলতা সেনৰ চৰ্চাই চূড়া স্পৰ্শ কৰিছিল, বনলতা সেন কোন– সেই আগ্ৰহৰ-এভাৰেষ্ট সৃষ্টি হৈছিল ১৯৮৬ চনত ‘কাৰুবাসনা’ উপন্যাস প্ৰকাশৰ পাছত৷ বনলতা সেনৰ বাস্তবিক সন্ধান আৰম্ভ হৈছিল তেতিয়াৰ পৰা৷ তাৰ আগলৈকে বনলতা সেন আছিল প্ৰেমিকৰ অলস দুপৰীয়া বা বিষণ্ণ বিয়লিৰ দূৰতম কল্পনা– অনেকৰ ‘ফেণ্টাচি৷’

জীৱনানন্দৰ বনলতা সেন কোন তাৰ সাৰ্থক সন্ধান কৰিছিল জীৱনানন্দ দাশৰ গৱেষক ডাঃ ভূমেন্দ্ৰ গুহই, তেওঁৰ ট্ৰাকভৰ্তি পাণ্ডুলিপি ঘাটি আৰু ডায়েৰীৰ অসংখ্য পৃষ্ঠা পঢ়ি, যি ডায়েৰীত আছিল ৩০ হাজাৰ নোট, বিক্ষিপ্ত লিখা৷ কিন্তু তাৰ পূৰ্বে বনলতা সেনৰ সন্ধানত ব্ৰতী হৈছিল অলেখ আগ্ৰহী৷ তাৰ অন্যতম আছিল জীৱনানন্দৰ ব্ৰিটিছ গৱেষক ক্লিণ্টন বি চিলি, যি ‘এ পয়েট এপাৰ্ট’ নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল কেৱল জীৱনানন্দৰ জীৱনক লৈ৷ অতি বিশদ গৱেষণা সত্ত্বেও ক্লিণ্টন বি চিলিয়ে সন্ধান উলিয়াব পৰা নাছিল বাস্তব বনলতা সেনৰ৷ আৰু অলেখ  আছিল সন্ধানকাৰী, যি জীৱনানন্দৰ বাসস্থান বৰিশালৰ পৰা ৰাজশ্বাহীৰ নাটোৰলৈ– পাত পাতকৈ চলাথ কৰিছিল৷ আকবৰ আলী আছিল তেনে এক কৌতূহলী, যি পাকিস্তান চিভিল ছাৰ্ভিচৰ বিষয়া হিচাপে ১৯৬৯ চনলৈকে তেতিয়াৰ পূৰ্ববংগৰ ৰাজশ্বাহীত কৰ্মৰত আছিল৷ আগ্ৰহী পাঠক আৰু চৰকাৰী বিষয়াৰ ক্ষমতাৰে নাটোৰ চলাথ কৰিও তেওঁ উদ্ধাৰ কৰিব পৰা নাছিল বনলতা সেনৰ অস্তিত্ব৷ আৰু অসংখ্য ব্যৰ্থ বনলতা সন্ধানীৰ বিভিন্ন প্ৰতিবেদনৰ লগতে বনলতা সেনৰ নামত সৃষ্টি হৈছিল অগণিত ‘মিথ’৷ তাৰ সৰ্বাধিক প্ৰচলিত ‘মিথ’ আছিল বনলতা সেন-জীৱনানন্দ দাশৰ দাৰ্জিলিং-নাটোৰ ৰে’লত সাক্ষাৎ৷ য’ত ভূবন সেন নামৰ এজন ব্যক্তিৰ সৈতে যোৱা তেওঁৰ সুন্দৰী ভগ্নী বনলতা সেনৰ সৈতে একেটা দবাত জীৱনানন্দৰ সৈতে পৰিচয় হৈছিল আৰু ক্ষণিকৰ সেই স্মৃতি লৈয়েই সৃষ্টি হৈছিল অমৰ কবিতা বনলতা সেন৷ অনেক ‘মিথ’ মতে বনলতা সেন আছিল নাটোৰৰ এগৰাকী বাৰবনিতা, যাৰ সৈতে জীৱনানন্দৰ নিষিদ্ধ সম্পৰ্ক গঢ়ি উঠিছিল৷ আনকি বিখ্যাত সাহিত্যিক অশোক মিত্ৰই তেওঁৰ ‘আপিলা-চাপিলা’ গ্ৰন্থৰ লগতে ‘আনন্দবাজাৰ পত্ৰিকা’ৰ ২০১০ চনত ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰকাশিত সংখ্যাত লিখিছিল– ৰাজশ্বাহী জে’লত বন্দী হৈ জীৱনানন্দৰ নায়িকা বনলতা সেন৷ 

প্ৰভাৱশালী পাকিস্তান চিভিল চাৰ্ভিচ বিষয়াৰ প্ৰভাৱ ব্যৰ্থ হোৱাৰ পাছ, অগণন জীৱনানন্দপ্ৰেমীৰ বনলতা-সন্ধান অসফল হোৱাৰ পাছত বাস্তৱৰ বনলতা সেনৰ সাৰ্থক সন্ধান কৰিছিল এজন চিকিৎসক-কবিয়ে৷ ডাঃ ভূমেন্দ্ৰ গুহই জীৱনানন্দ দাশৰ ডায়েৰীৰ পৰা উদ্ধাৰ কৰিছিল বনলতা সেনৰ পৰিচয়, যাৰ প্ৰকৃত নাম আছিল শোভনা, শোভনা দাস৷ ঘৰত সকলোৱে তেওঁক বেবী বুলিয়েই মাতিছিল৷ এই আৱিষ্কাৰত ‘টুইষ্ট’ আহি পৰিছিল তেতিয়া, যেতিয়া সেই শোভনা, জীৱনানন্দৰ বনলতা সেন তেওঁৰেই খুড়াকৰ কন্যা বুলি উদ্ধাৰ হৈছিল৷ শোভনা আছিল প্ৰকৃততে জীৱনানন্দ দাশৰ খুড়াৱেক অতুলানন্দ দাশৰ কন্যা, কবিৰ ভগ্নী; অন্যাৰ্থত ‘কাজিন’৷ এই শোভনাৰ সৈতেই ভাতৃ-কবি জীৱনানন্দ দাশ প্ৰেমত মত্ত হৈ পৰিছিল৷ দুয়োৰে নিষিদ্ধ শাৰীৰিক সম্পৰ্ক ঘটিছিল, একাধিকবাৰ; বহুবাৰ৷ অতুলানন্দ দাশ আছিল এজন ফৰেষ্টাৰ, ব্ৰিটিছ ইণ্ডিয়াত তেওঁ কৰ্মৰত হৈ আছিল অসমৰ ডিব্ৰুগড়ত৷ বাংলাদেশৰ বৰিশালৰ পৰা ডিব্ৰুগড়ৰ খুড়াকৰ ওচৰলৈ আহিছিল জীৱনানন্দ চাকৰিৰ সন্ধানত৷ চাকৰিৰ সন্ধান আচলতে মিথ্যা, জীৱনানন্দ আহিছিল তেওঁৰ বহু ঈপ্সিতা শোভনাৰ আকৰ্ষণত৷ সেয়া ১৯২৯ চনৰ শেষ শীত আৰু ১৯৩০ চনৰ আৰম্ভণি৷ সেয়া আছিল জীৱনানন্দ-শোভনাৰ প্ৰথম প্ৰেম৷ এই মিলন আৰু পৰৱৰ্তী সময়ৰ জীৱনানন্দ-শোভনাৰ মিলন সন্দৰ্ভত ডাঃ ভূমেন্দ্ৰ গুহই লিখিছে– ‘য’লৈ য’লৈ শোভনা গৈছে পিছে পিছে জীৱনানন্দও গৈছে৷ ১৯২৯ চন৷ ডিব্ৰুগড়ত ক্লাছ নাইনৰ ছাত্ৰী শোভনা৷ বেকাৰ জীৱনানন্দই চাকৰি বিচৰাৰ চলেৰে তাতো গৈ উপস্থিত৷ দুৱাৰ বন্ধ কৰি শোভনাক কবিতা শুনাইছে৷ শোভনাৰ মাক, জীৱনানন্দৰ খুড়ীয়েক, সৰযুবালা দাশে খং কৰিছে, তথাপিও৷ সকলো মিলি চিকাৰলৈ গ’ল৷ শোভনাৰ পিতৃ অতুলানন্দ পেছাত ফৰেষ্টাৰ, আই এফ এছ, জীৱনানন্দই পঢ়া-শুনাৰ নাম লৈ চিকাৰলৈ নগ’ল৷ শোভনাও অসুস্থতাৰ ভাও ধৰি থাকি গ’ল ঘৰত৷ দুয়ো মত্ত হৈ পৰিল শৰীৰি খেলাত৷ সমগ্ৰ নিশা৷ ডিব্ৰু নদীৰ তীৰত অৱস্থিত বাবে চহৰখনৰ নাম ডিব্ৰুগড়৷ এই চহৰতে দুয়ো দিশাহীন-অনিৰ্দিষ্ট প্ৰেমত জড়িত হৈ পৰিল৷ যি সমগ্ৰ জীৱন জীৱনানন্দৰ লিখনিৰ প্ৰধান চালিকাশক্তি হিচাপে কাম কৰি গ’ল৷ আচলতে কোনো আঁৰ-বেৰ নাই জীৱনানন্দৰ ৰচনাত৷ একমাত্ৰ ভালপোৱাৰ আঁৰ-বেৰৰ বাহিৰে৷ বিমূঢ় ৰক্তৰ উত্তেজনাত চৰায়ে যিদৰে সংগীনিক পায়, জীৱনানন্দ দাশেও কি তেওঁৰ প্ৰেমিকাক সেইদৰেই কামনা কৰিছিল?’

তেওঁ আৰু লিখিছে– ‘১৯৩২ চন৷ ডায়াছেচন কলেজৰ ছাত্ৰী শোভনা৷ কিমানেই বা বয়স তেতিয়া শোভনাৰ, ১৮১ বেছিতো নহয়, জীৱনানন্দ ৩৩ বছৰৰ বিবাহিত যুৱক৷ কণা ডাৰোৱানৰ হাতত শ্লিপ পঠিয়াই হোষ্টেলৰ তলত বহি অপেক্ষা কৰে, কেতিয়াবা ইচ্ছা হ’লে শোভনাই দেখা কৰে, কেতিয়াবা নকৰে৷’

ডাঃ ভূমেন্দ্ৰ গুহই মুকলিকৈ প্ৰকাশ কৰা সত্ত্বেও এতিয়াও জীৱনানন্দ দাশৰ বনলতা সেন যে তেওঁৰেই ভগ্নী শোভনা, সেই তথ্য সিমান মুকলিকৈ প্ৰকাশ হোৱা নাই৷ এসময়ত শ্বিলঙৰ এখন আগশাৰীৰ বিদ্যালয়ত শিক্ষয়িত্ৰীৰ চাকৰি কৰা শোভনাই জীৱনৰ পৰৱৰ্তী সময়ত বাস কৰিছিল কলকাতাত, এগৰাকী অভিজাত মহিলাৰূপে৷ আনহাতে, সাত বাৰ চাকৰি হেৰুৱাই নিঃস হৈ একেখন চহৰতে কপৰ্দকহীন হৈ জীৱন কটাইছিল জীৱনানন্দ দাশে৷ শোভনাৰ সৈতে ডিব্ৰুগড়ৰ অভিসাৰৰ পাছত জীৱনানন্দই লিখিছিল ‘কেম্পে’ নামৰ এটা অতি ইংগিতধৰ্মী কবিতা, য’ত তেওঁ প্ৰেমিকাক ‘ঘাইহৰিণী’ বুলি বৰ্ণনা কৰিছিল৷ সেই কবিতা অশালীন বুলি সৃষ্টি হোৱা বিতৰ্কতে জীৱনানন্দই চিটি কলেজৰ চাকৰি হেৰুৱাইছিল৷ প্ৰথমে মুনিয়া, যৌৱনত শোভনা আৰু শেষত পত্নী লাৱণ্যৰ দ্বাৰা নিষ্পেষিত, ব্যৱহূত আৰু প্ৰত্যাখ্যাত হৈয়ো জীৱনানন্দই লিখি গৈছিল, পাহৰিব পৰা নাছিল তেওঁৰ বনলতা সেন শোভনাক– ‘তুমি নেই বনলতা সেন...৷ তোমাৰ মতন কি কেউ ছিল কোথাও? কেন যে সবেৰ আগে তুমি চলে যাও?