গৌৰৱ-এলিজাবেথ নহয়, পাকিস্তানী আলি শ্বেখৰ বিৰুদ্ধেহে গোচৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ ফেব্ৰুৱাৰীঃ এলিজাবেথ কাণ্ডত ‘এণ্ট্ৰি’ হৈছে পাকিস্তানৰ এজন নাগৰিকৰ৷ গৌৰৱ গগৈ, এলিজাবেথ কলবাৰ্ণ গগৈৰ বিৰুদ্ধে সঘনা শক্তিশেল এৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ-এলিজাবেথ নহয়, পাকিস্তানী আলী শ্বেখৰ বিৰুদ্ধেহে গোচৰ দিবলৈ মত দিছে৷ কাজেই পাকিস্তানী আলি শ্বেখৰ বিৰুদ্ধে গোচৰ দিয়া হ’ব৷ এই সিদ্ধান্তত দেওবাৰে অনুষ্ঠিত কেবিনেটে দিয়ে অনুমোদন৷ পাকিস্তানৰ নাগৰিক আলি শ্বেখৰ সৈতে অসমৰ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ সৈতে যোগসূত্ৰৰ তথ্য পোৱা গৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কেবিনেটৰ পাছত সদৰি কৰিছে এই তথ্য৷ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত অনুষ্ঠিত কেবিনেট বৈঠকত এলিজাবেথ কাণ্ডত এণ্ট্ৰি কৰা আলি শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰী শৰ্মাই কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰি কয়– বিগত কেইদিনমানত পাকিস্তানী নাগৰিক আলি তৌকীৰ শ্বেখৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰকাশ পোৱা অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সন্দৰ্ভত একাধিক বাতৰি পোহৰলৈ আহিছে৷ তদুপৰি তেওঁৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় যে তেওঁ ভাৰতৰ অভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়ত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে৷ উল্লিখিত ব্যক্তিজনে ভাৰতৰ স্বাৰ্থ বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে৷ ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে আলি শেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত এগৰাকী প্ৰভাৱশালী ব্যক্তি৷ আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে৷ ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হৈছে৷ উল্লেখ্য, আলি শ্বেখে পাকিস্তান চৰকাৰৰ কেইবাটাও ক্ষেত্ৰত পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটী আদিত সেৱা আগবঢ়াই আহিছে৷ এই তথ্যসমূহৰ আলমত আৰু পাকিস্তানৰ চৰকাৰী তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত অসম আৰু ভাৰত গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলি শ্বেখে হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্ৰচেষ্টাক অসম চৰকাৰে গুৰুত্বসহকাৰে লৈছে৷ তেওঁৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্যৰ তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলি শ্বেখে ব্ৰিটিছ নাগৰিক আৰু অসমৰ সংসদ সদস্য গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল৷ পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলি শ্বেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লীড পাকিস্তানৰ প্ৰতিষ্ঠাতা৷ বিগত সময়ত ইছলামাবাদত কটোৱা সময়ছোৱাত লীড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক এলিজাবেথ গগৈ৷ তদুপৰি, আলি শ্বেখ আৰু ব্ৰিটিছ নাগৰিক এলিজাবেথ গগৈ দুয়োগৰাকীয়েই ভাৰত আৰু পাকিস্তানত কাম কৰা চিডিকেএন নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ৷ অসম কেবিনেটে ভাৰতৰ অভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷ এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ আৰক্ষী সঞ্চালকপ্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলি শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে৷ তদুপৰি এই কাৰ্যকলাপসমূহ কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি, সেয়া নিশ্চিত কৰিবলৈ আৰু শ্বেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে আৰু ভাৰতবৰ্ষৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে৷ তদন্তৰ দিশকেইটা এনেধৰণৰ– ১৷ অসমৰ লগতে ভাৰতত আলি শ্বেখৰ নেটৱৰ্কৰ গভীৰতাৰ বিশদ তদন্ত কৰা৷ ২৷ অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলি শ্বেখৰ কাৰ্যত সহায়-সহযোগ কৰা ব্যক্তি, সংগঠন আৰু সহযোগীসকলৰ পৰীক্ষা কৰা৷ ৩৷ উল্লিখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্ৰাসংগিক সহায় আৰু তথ্য সংগ্ৰহ কৰা৷ ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত এই বিষয়টো অতি গুৰুত্বসহকাৰে বিবেচনা কৰা হ’ব বুলি অসম কেবিনেটে প্ৰকাশ কৰিছে৷ অসম কেবিনেটে লক্ষ্য কৰিছে যে অসম পূৰ্বৰে পৰা আই এছ আইৰ পৃষ্ঠপোষকতাত চলি থকা দেশবিৰোধী কাৰ্যকলাপৰ ঘাটি হোৱাৰ তথ্য পোৱা যায় আৰু সেইবাবে এইক্ষেত্ৰত অধিক সতৰ্কতা আৰু নিৰ্ণায়ক পদক্ষেপৰ প্ৰয়োজন৷ দেওবাৰে লোক সেৱা ভৱন কেবিনেট বৈঠকত অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ নৱীকৰণযোগ্য শক্তি খণ্ডত অসমক বিনিয়োগৰ গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসম সংহত স্বচ্ছ শক্তি নীতি ২০২৫ অনুমোদন কৰে কেবিনেটে৷ এই নীতিয়ে সৌৰ, বায়ু, মিনি আৰু ক্ষুদ্ৰ জলবিদু্যৎ প্ৰকল্প, পাম্পযুক্ত সঞ্চয় প্ৰকল্প, বেটাৰী শক্তি সঞ্চয় প্ৰণালী, সেউজ হাইড্ৰজেন, জৈৱ ইন্ধন, আৰু বৈদু্যতিক বাহন প্ৰণালীৰ আন্তঃগাঁথনিৰ প্ৰসাৰ ঘটাব৷ তদুপৰি ‘মুখ্যমন্ত্ৰী সৌৰ শক্তি প্ৰকল্প’ৰ অধীনত ২৫০ মেগাৱাটৰ এটা সৌৰশক্তি প্ৰকল্পক অনুমোদন প্ৰদান কৰা হয়৷ কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত ৩১৬.২৯ বৰ্গ কিলঅমিটাৰ বিস্তৃত অঞ্চলটোৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ বাবে শিখনা ঝৱালাও ৰাষ্ট্ৰীয় উদ্যানক অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যানৰূপে অধিসূচনাত অনুমোদন জনোৱা হয়৷
অসমৰ উচ্চ শিক্ষাৰ সুযোগ আৰু অধিক শক্তিশালী কৰি বিটিআৰৰ চিৰাং জিলাৰ স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় নামেৰে এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনত অনুমোদন জনায় কেবিনেটে৷ ‘নেশ্যনেল কমিছন ফৰ ইণ্ডিয়ান ছিষ্টেম অৱ মেডিচিন’ৰ দ্বাৰা স্বীকৃত প্ৰতিষ্ঠানসমূহত ৩ বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰা আয়ুৰ্বেদিক চিকিৎসকসকলক ৩টা পিজি বৃদ্ধি প্ৰদান কৰিবলৈ কেবিনেটে অনুমোদন জনোৱাৰ লগতে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগক মেগা ঔদ্যোগিক উদ্যান স্থাপনৰ বাবে মৰিগাঁও ৰাজহ চক্ৰত ৫৬৯ বিঘা ভূমি আবণ্টনৰ অনুমোদন কৰা হয়৷ কেবিনেটে মিচিং, ৰাভা হাচং, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, দেউৰী, বড়ো কছাৰী কল্যাণ আৰু তিৱাকে ধৰি সাতখন স্বায়ত্তশাসিত পৰিষদৰ আইনৰ সংশোধনীত অনুমোদন জনাইছে৷ যদি নিৰ্বাচন কাৰ্যকৰী নহয়, পৰিষদৰ কাৰ্যকালৰ বাহিৰত এক সময়ৰ বাবে সাধাৰণ পৰিষদ আৰু কাৰ্যবাহী পৰিষদৰ ক্ষমতা আৰু কাৰ্যকলাপৰ সৈতে অভ্যন্তৰীণ সমিতি বা কতৃৰ্পক্ষত ব্যক্তি নিযুক্তি তদুপৰি নিৰ্বাচিত সদস্যৰ সংখ্যা ৩৬১ পৰা ৩৮ লৈ বৃদ্ধি কৰিবলৈ তিৱা স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) আইন, ২০২৫ক অনুমোদন জনোৱা হৈছে৷ কেবিনেট বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ প্ৰতি ‘মহানুভূতি’ প্ৰদৰ্শন কৰি কয়– প্ৰথমতে বিষয়টো এজন সাংসদক লৈ আছিল৷ এতিয়া বিষয়টো বহু ওপৰলৈ গৈছে৷ গোটেই বিষয়টোক লৈ ভাৰতবিৰোধী শক্তি এটাই কাম কৰি থকাৰ প্ৰমাণ আমাৰ হাতলৈ আহিছে৷ গোটেই বিষয়টোত গৌৰৱ গগৈ যেন এজন অভিনেতা, সঞ্চালক নহয়৷ তেওঁ ট্ৰেপ হৈও যাব পাৰে৷ এই কথা নভবাকৈ তেওঁ ‘ফচি’ যাবও পাৰে৷ গৌৰৱ গগৈক সহানুভূতি সহকাৰে লৈ আগবাঢ়িম৷ তেওঁক অভিযুক্ত হিচাপে লৈ নহয়৷ কিয়নো গোটেই বিষয়টোৰ লগত লণ্ডন, আমেৰিকা, ইছলামবাদ জড়িত হৈ আছে৷ হয়তো তেওঁৰ বিৰুদ্ধে ব্লেক মেইলো হ’ব পাৰে৷ গৌৰৱ গগৈ যদি আদালতলৈ যায় ভাল হ’ব৷ কিয়নো সকলো তথ্য দাখিলৰ পাছত আদালতে সিদ্ধান্ত ল’ব পাৰিব তেতিয়া তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক ইচ্ছু বুলি কোৱাৰ সুযোগ নোহোৱা হৈ যাব৷ কিন্তু সাংসদজনৰ পত্নীৰ ভিছা পৰীক্ষা কৰা হ’ব পাৰে৷ কিয়নো তেওঁ বিয়াৰ পাছতো পাকিস্তানৰে সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰমাণ পোৱা গৈছে৷ ইফালে, মুখ্যমন্ত্ৰীৰ এনে বক্তব্যৰ পাছত সাংসদ গৌৰৱ গগৈয়ে কয়– ‘মুখ্যমন্ত্ৰীয়ে সাংসদৰ দায়িত্বৰ বিষয়ে একো কথাই নাজানে৷ সাংসদসকলৰ কি নিয়ম তেওঁ নাজানেই৷ আমাৰ বিদেশ নীতিৰ ফ’ৰামত বিজেপিৰ ডাঙৰ ডাঙৰ নেতা আহি ভাগ লৈছে৷ মই প্ৰমাণ দিম৷ যোৱা দহ বছৰ কাৰ চৰকাৰ আছিল? নিয়মবোৰ নাজানে৷ আধা জ্ঞানেৰে মুখ্যমন্ত্ৰীয়ে কৈ আছে কথাবোৰ৷’






