পাকিস্তান লিংকৰ তদন্ত কৰিবলৈ স্পেচিয়েল ডিজিৰ নেতৃত্বত এছআইটি গঠন
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ ফেব্ৰুৱাৰীঃ পাকিস্তানৰ নাগৰিক আলী তৌকিৰ শ্বেখ আৰু তেওঁৰ সৈতে সাংসদ গৌৰৱ গগৈ তথা সাংসদ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ সম্পৰ্ক তথা ভাৰতীয় আভ্যন্তৰীণ সুৰক্ষাত ভাবুকিৰ ‘মহা অভিযোগ’ৰ তদন্তৰ বাবে অৱশেষত কেবিনেটৰ সিদ্ধান্ত অনুসৰি চি আই ডিয়ে গঠন কৰিলে এছ আই টি৷ জলবায়ু পৰিৱৰ্তনৰ বিষয়ত কাম কৰি অহা আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন ‘লীড’ৰ প্ৰতিষ্ঠাপক তথা পাকিস্তানী নাগৰিক আলি তৌকিৰ শ্বেখৰ বিৰুদ্ধে সোমবাৰে পুৱা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ চমুকৈ চি আই ডিয়ে ৫/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ ভাৰতীয় ন্যায় সংহিতা আৰু বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত প্তটাকৈ ধাৰাত ৰুজু কৰে এই গোচৰটো৷ অৱশ্যে চি আই ডিয়ে পাকিস্তানী নাগৰিক আলি তৌকিৰ শ্বেখক মুল অভিযুক্ত হিচাপে উল্লেখ কৰিছে যদিও অভিযুক্তৰ তালিকাত প্ৰত্যক্ষভাৱে সাংসদ গৌৰৱ গগৈ বা তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ নাম নাই৷ ইয়াৰ বিপৰীতে গোচৰটোৰ অভিযুক্ত হিচাপে আলি তৌকিৰ শ্বেখ আৰু অন্যান্য বুলিহে উল্লেখ কৰিছে৷ ইফালে, চি আই ডিয়ে গোচৰটো ৰুজু কৰাৰ পাছতেই অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ অনুমোদন সাপেক্ষে চি আই ডিৰ স্পেচিয়েল ডিজিপি আই পি এছ বিষয়া মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত ৪জনীয়া এছ আই টি গঠন কৰে৷ এছ আই টিৰ সদস্য হিচাপে আছে সহকাৰী মহাপৰিদৰ্শক [প্ৰশাসন] প্ৰণৱজ্যেতি গোস্বামী, চি এম ভিজিলেন্সৰ এছ পি ৰৌজি কলিতা আৰু গুৱাহাটী আৰক্ষীৰ এডিচিপি মৈত্ৰেয়ী ডেকা৷ তদুপৰি এছ আই টিয়ে আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ অনুমোদন সাপেক্ষে তদন্তৰ সহযোগী হিচাপে পৰিদৰ্শক, উপ-পৰিদৰ্শক আৰু কনিষ্টবলক নিয়োগ কৰিব পাৰিব৷
এছ আই টিয়ে পাকিস্তানী নাগৰিক আলি তৌকিৰ শ্বেখৰ বিৰুদ্ধে বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰিলেও বিদেশী নাগৰিকজনৰ বিৰুদ্ধে কি দৰে পৰৱৰ্তী আইনী পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়৷ কিয়নো অসম আৰক্ষীয়ে এই গোচৰটো তদন্ত আগবঢ়াবলৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয় আৰু বৈদেশিক মন্ত্ৰণালয়ৰ সহায় ল’ব লাগিব৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে অসম আৰক্ষীক এই ক্ষেত্ৰত কিদৰে সহযোগিতা আগবঢ়াব সেয়া অৱশ্যে সময়েহে ক’ব৷ অৱশ্যে, অভিযুক্ত পাকিস্তনী নাগৰিকজনে সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক ‘টেগ’ কৰি কেইবাটাও টুইট কৰাত এছ আই টিয়ে সাংসদ গগৈ আৰু তেওঁৰ পত্নীক সোধা-পোছা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ ইফালে আলি তৌকিৰ শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সোমবাৰে ভাৰপ্ৰাপ্ত ডিজিপি হৰমীত সিঙে কয়– ‘চি আই ডিয়ে আজি পুৱা এটা গোচৰ ৰুজু কৰিছে৷ চি আই ডিয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৪৮/১৫২/৬১/১৯৭ (১) ধাৰা আৰু বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ১৩ (১) ধাৰাৰ অধীনত পাকিস্তানৰ আলি তৌকিৰ শ্বেখ আৰু অন্যান্যৰ বিৰুদ্ধে ৫/২০২৫ নম্বৰত গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে৷ চি আই ডিয়ে আলি তৌকিৰ শ্বেখৰ বিৰুদ্ধে তদন্ত কৰিব৷ তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত কি ভাবুকি আনিছিল আৰু তেওঁৰ সৈতে ভাৰত, অসম বা দেশৰ বাহিৰত আন কোনো ব্যক্তি জড়িত আছিল নেকি সেই বিষয়তো তদন্ত কৰিব৷’






