হাঁহচৰা গাঁও পঞ্চায়তৰ দোকান গৃহ নিৰ্মাণৰ পঁয়ালগা ছবি
'আমাৰ অসম'ৰ হাঁহচৰাৰ প্ৰতিবেদক, ১৮ ফেব্ৰুৱাৰীঃ শিৱসাগৰ জিলাৰ হাঁহচৰা গাঁও পঞ্চায়তৰ পঁয়ালগা কাম-কাজে সচেতন ৰাইজক চিন্তিত কৰি তুলিছে ৷ বিশেষকৈ পঞ্চায়তৰ আঁচনি সমূহ সফল ৰূপায়ণত একপ্ৰকাৰ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷ গাঁও পঞ্চায়তখনৰ তিনিজনকৈ সচিবৰ কাৰ্যকালৰ ভিতৰত আজিও সম্পূৰ্ণ হৈ নুঠিল পঞ্চায়তখনৰ অন্তৰ্গত মৈৰামৰা সন্দিকৈৰ দোকান গৃহ নিৰ্মাণৰ কাম৷ তদুপৰি লেবাং আৰু লংকাকত নিৰ্মাণ কৰা আন দুখন দোকান গৃহ নিৰ্মাণৰ পিচতো অৱশিষ্ট হৈ থকা পৰিলক্ষিত হৈছে ৷ ইপিনে ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰি নিবনুৱাক সংস্থাপন দিয়াৰ উদ্দেশ্যে আৰু পঞ্চায়তৰ বাবেও সামান্য কৰ সংগ্ৰহৰ লক্ষ্যৰে নিৰ্মাণ কৰা এই দোকানগৃহৰ অৱস্থা দেখি এতিয়া সচেতন ৰাইজ চিন্তিত হৈ পৰিছে ৷ লক্ষাধিক টকাৰ ব্যয় সাপেক্ষে পূৰ্বৰ সচিব চন্দ্ৰকান্ত গগৈৰ কাৰ্যকালতে দোকান গৃহৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা আৰু অনুমোদিত ধন মুকলাই দিয়াৰ পিচতো আজিকোপতি এইদৰে অৱশিষ্ট হৈ পৰি থকা কাণ্ডই পঞ্চায়ত কতৃপক্ষৰ অকমণ্যতা আৰু অদূৰদৰ্শিতাকে প্ৰকাশ কৰিছে ৷
কেৱল সেয়াই নহয়,হাৰিপৰা আলিৰ কাষত মৈৰামৰা সন্দিকৈত প্ৰতিষ্ঠা কৰা ডাষ্টবিনটো সম্প্ৰতি অৰ্ধনিৰ্মিত দোকানগৃহটিত উবুৰি খাই স্বচ্ছ ভাৰত অভিযানৰ উদ্দেশ্যক উপহাস কৰা দেখা গৈছে ৷ ইমানৰ পিচতো হাঁহচৰা গাঁও পঞ্চায়ত কতৃপক্ষৰ দৃষ্টি নপৰাতো এক প্ৰশ্নৰ বিষয় ৷ উল্লেখ্য যে ২০২২ চনৰ মাৰ্চ মাহতে সচিব চন্দ্ৰ কান্ত গগৈয়ে অৱসৰগ্ৰহণ কৰে আৰু দোলেন গোহাঁইয়ে সচিবৰ দায়িত্ব লয় ৷ দোলেন গোহাঁইয়েও পুনৰ ২০২৪ৰ প্ৰথম ভাগতে হাঁহচৰা গাঁও পঞ্চায়তৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ তেতিয়াৰে পৰা দুলু গগৈ নামৰ বৰ্তমান কৰ্মৰত সচিবজনে কাৰ্যভাৰ চলাই আছে ৷ কিন্তু আজিও অৱহেলিত হৈ পৰি আছে পঞ্চায়ত কতৃপক্ষই মুকলাই দিয়া ধনৰ বাবদ নিৰ্মাণ কৰা দোকানগৃহ ৷ ইতিপূৰ্বে শিৱসাগৰ উন্নয়ন খণ্ড বিষয়াকো হাঁহচৰা গাঁও পঞ্চায়তৰ এই পঁয়ালগা কাম-কাজ সমূহ দৃষ্টি দিবৰ বাবে আহ্বান জনোৱা হৈছিল যদিও সেয়া আজিও সুদৃষ্টি দিয়া দেখা নগ’ল৷ এতিয়া পঞ্চায়তৰ এনে কাম-কাজৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে আগন্তুক দিনত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷






