Logo
image

কোন এই মৃগেন শইকীয়া

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ ফেব্ৰুৱাৰীঃ  অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত পশু চিকিৎসক মৃগেন শইকীয়াই প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ওচৰত দাখিল কৰা লিখিত ভাষ্যই এতিয়া ৰাজনৈতিক মহলতেই নহয়, সৰ্বত্ৰ কাৰ্যতঃ ধুমুহাৰ সৃষ্টি কৰিছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা কৃষক মুক্তিৰ তেতিয়াৰ দুই শীৰ্ষ নেতা অখিল গগৈ আৰু কমল কুমাৰ মেধিলৈকে, আৰ টি আই কৰ্মী দুলাল বৰাৰ পৰা পাৰ্চনেল বিভাগৰ উপ-সচিব এম বৰভূঞাইলৈ ৰাকেশ পালৰ নিৰ্দেশত উপহাৰৰ টোপোলা আৰু নগদ ধন দিয়াৰ তথ্যই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ কিন্তু আয়োগক বিস্ফোৰক স্বীকাৰোক্তি দিয়া ডাঃ মৃগেন শইকীয়া প্ৰকৃততে কোন তাক লৈয়ো এতিয়া  সৰ্বত্ৰ চৰ্চা চলিছে৷ পেছাগতভাৱে মৃগেন শইকীয়া আছিল পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এজন মহকুমা স্বাস্থ্য বিষয়া৷ কিন্তু পশুপালন বিভাগৰ সঞ্চালক পদত অধীস্থিত হোৱাৰ বাসনাৰে এপিএছচিৰ অধ্যক্ষ ৰাকেশ পালৰ ওচৰ চাপিছিল মৃগেনে৷ ৰাকেশ পালৰ সৈতে ডাঃ মৃগেন শইকীয়াক প্ৰথমে চিনাকি কৰাই দিছিল বিজেপি-মিত্ৰজোঁট চৰকাৰৰ বৰ্তমানৰ এজন মন্ত্ৰীয়ে৷ কিন্তু সেই চিনাকী ঘনিষ্ঠ হৈ পৰাত এটা সময়ত ৰাকেশ পালৰ   ‘অনুমোদিত দালাল’ হৈ পৰে ডাঃ মৃগেন শইকীয়াই৷ মৃগেন শইকীয়াই এপিএছচিৰ চাকৰিৰ দালালি কৰাই নহয়, এপিএছচিৰ যিকোনো কেলেংকাৰিক লৈ কোনোবাই মাত মাতিলে ৰাকেশ পালৰ হৈ মেনেজ মাষ্টাৰৰ দায়িত্ব পালন কৰিছিল৷ ৰাকেশ পালৰ আমোলত কাৰ্যতঃ এপিএচিৰ উঠি ৰজা-বহি ৰজা হৈ পৰিছিল মৃগেন শইকীয়া৷ কিন্তু ২০১৬ চনত ৰাকেশ পাল ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছতেই ডাঃ শইকীয়াই আত্মগোপন কৰে৷ সেই যি আত্মগোপন কৰিলে সুদীৰ্ঘ ৪ বছৰে অসম আৰক্ষীয়ে অভিযুক্ত চিকিৎসকজনৰ কোনো সন্ধানেই উলিয়াব নোৱাৰিলে৷


ইয়াৰ পাছতেই অসম আৰক্ষীৰ তদানীন্তন এজন শীৰ্ষ বিষয়াৰ মধ্যস্থতাত মৃগেন শইকীয়াই ৰাজসাক্ষী হোৱাৰ ইচ্ছা প্ৰকাশ কৰে৷ আৰক্ষীৰ আগত গোপন স্থানৰ পৰা ৰাকেশ পালৰ সমগ্ৰ কু-কাহিনী প্ৰকাশ কৰিব বুলিও মানি লয় মৃগেন শইকীয়াই৷ সেই সূত্ৰে ২০২০ চনৰ আগষ্ট মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজসাক্ষী হোৱাৰ ইচ্ছাৰে জামিন আবেদন দাখিল কৰে মৃগেন শইকীয়াই৷ অৱশেষত মৃগেন শইকীয়াক ৰাজসাক্ষী হোৱাৰ চৰ্তত উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে৷ সেই মতে অভিযুক্ত চিকিৎসকজনে বিশেষ ন্যায়াধীশৰ আদালত জবানবন্দী লিপিবদ্ধ কৰোৱায়৷ কিন্তু বিশেষ আদালতে মৃগেন শইকীয়াৰ স্বীকাৰোক্তিত ৰাজসাক্ষী হোৱাৰ কোনো পতিয়নযোগ্য সমল বিচাৰি নোপোৱাত সাক্ষ্য অগ্ৰাহ্য কৰে৷ কিন্তু ৰহস্যজনক কাৰণত তদন্তকাৰী আৰক্ষীয়ে চিকিৎসকজনক গ্ৰে*প্তাৰ কৰি জেৰা কৰাৰ প্ৰয়োজন বোধ নকৰাত পৰৱৰ্তী সময়ত বিশেষ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ কম সময়ৰ ভিতৰতে জামিন লাভ কৰি মৃগেন শইকীয়াই এতিয়া স্বাভাৱিক জীৱন কটাই আছে৷ অৱশ্যে ২০২১ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে চিকিৎসকজনে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে মৃগেন শইকীয়াই ন্যায়াধীশ বি কে শৰ্মা আয়োগক দাখিল কৰা লিখিত স্বীকাৰোক্তিত তেওঁ জ্ঞাত অধিকাংশ সত্যই প্ৰকাশৰ পৰা বিৰত থকা বুলিহে এতিয়া ঘনিষ্ঠমহলে অভিযোগ উঠিছে৷ মৃগেন শইকীয়াক জেৰা কৰিলে এপিএছচি কেলেংকাৰি আৰু ৰাকেশ পালৰ সৈতে ৰাজনৈতিক নেতা, সংগঠনৰ নেতা, সাংবাদিক, আমোলা-বিষয়াৰ নেক্সাছৰ বহু বিস্ফোৰক তথ্য ফাদিল হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ঘনিষ্ঠমহলে৷